দেখা যায় অসমৰ পৰম্পৰাগত গো-পালনে অসমৰ কৃষকসকলক কিবা উপকাৰ কৰিছে বুলি ভৱাৰ স্থল বৰ বেছি নাই। কিন্তু গোৱৰ বাবে অৰ্থাৎ সাৰৰ বাবে আৰু হালবাবৰ বাবে গৰু বাহিৰে গত্যন্তৰ নাই। শেহতীয়াকৈ টেক্টৰ, পাৱাৰটিলা আহিছে যদিও অসমৰ অধিকাংশ কৃষকে গৰুৱে হাল বায়। ইয়াৰ বাহিৰে অসমৰ পৰম্পৰাগত গো-পালকসকলৰ কিবা লাভ হৈছে বুলি ধৰিব পৰা নাযায়। কিন্তু ক’ব লাগিব যে অসমৰ খেতিয়ক সমাজে বিপদে-আপদে ঘৰৰ গৰুটো বিক্ৰিয়েই সমস্যা সমাধান কৰে, লৰাটোক কলেজত নাম লগাই দিবৰ বাবে ঘৰৰ গৰু এটা বিক্ৰি কৰে। কিন্তু তাৰ বাবেই আমি উদঙীয়া গৰুৰ সমস্যাটোক গা-এৰা দিলে নহ’ব।
উদঙীয়া গৰুৰ বাবেই অসমৰ মানুহে সকলো সুবিধা থকাৰ স্বত্তেও শীতকালীন শস্যসমূহ; যেনে- সৰিয়হ, বুটমাহ, মটৰমাহ, আলুখেতি আদি ভিন্ন ধৰণৰ শীতাকালীন খেতিসমূহ কৰিবলৈ সাহস নকৰে। যদি এই খেতিসমূহ অসমৰ খেতিয়কসকলে বাৰিষা কালৰ ধান খেতিৰ দৰে কৰিব পৰা হ’লে অসমৰ সাৰুৱা ভূমিত উৎপাদিত শস্যই জগত জিনিব পাৰিলেহেঁতেন। কিন্তু অসমৰ উদঙীয়া গৰুৰ সমস্যাটোৱে এইক্ষেত্ৰত প্ৰধান অন্তৰায় হৈ থিয় দি আহিছে। কিন্তু আজিলৈকে এই বিষয়টো সন্দৰ্ভত বৰ বেছি আলোচনা হোৱা নাই। জেওৰা মাৰি ৰবিশস্যৰ খেতি কৰিবলৈ গ’লেই বহু টকাৰ খৰচ পৰে। ভাল হ’লেতো থিকেই যদি শস্য ভাল নহয় তেন্তে কেৰেলাতকৈ গুটি দিঘল হয়। সম্প্ৰতি চহৰে-নগৰৰ লগতে ঠাইবিশেষ বান্দৰৰ উপদ্ৰৱ উদঙীয়া গৰুৰ সমস্যাতকৈ অলপ বেছি। গৰুৰ নিৰ্জু প্ৰাণী ইয়াক জেওৰা দি ৰাখিব পাৰি যদিও বান্দৰৰ ক্ষেত্ৰত সেইটোও নাখাটে। জেওৰা, জাল, একো নামানে বান্দৰে। যাৰবাবে এতিয়া বান্দৰ থকা অঞ্চলসমূহত খেতিৰ কথা ভাৱিব নোৱৰা হৈছে কৃষকে। ব্যৱসায়িকভাৱে বাদ দিয়ো এতিয়া বান্দৰ উপদ্ৰৱত গৃহস্থই অঞ্চলবিশেষ ঘৰত খাবলৈ এটা জলকীয়া পুলিও ৰুৱ নোৱৰা হৈছে।
ইয়াৰ মূলতে আমি মানুহকে প্ৰথম জগৰীয়া কৰা কৰা উচিত কিন্তু কাৰণ আমি বান্দৰৰ আবাসস্থলীসমূহ ধ্বংস কৰি আমি সিহঁতৰ জেগাত ঘৰ-বাৰী বনাইছো। আমাৰ মানুহবোৰে মূলতে বান্দৰক ভগৱানৰ দৰে জ্ঞান কৰি খাদ্য যোগান ধৰা আৰু অব্যৱহৃত খাদ্য বস্তুৰ অপৰিকল্পিতভাবে পেলাই দিয়াৰ ফলত সেই ঠাই সমূহলৈ বান্দৰ নিয়মিতভাৱে আহে। গতিকে ভগৱানৰ ভক্ত হিচাপে বান্দৰৰ খাদ্যৰ যোগান ধৰা অৰ্থাৎ দৈনিক খাদ্য লাভ কৰা ঠাইত বান্দৰৰ সংখ্যা বৃদ্ধি হয়। এইধৰণৰ কাম কাজ প্ৰতিৰোধ কৰিও জনাঞ্চলত বান্দৰৰ আগমন ৰোধ কৰিব পাৰি।
লগতে পঢ়ক- গৰুৰ বাবেই ৫০ বছৰ পিছুৱাই আছে অসমৰ কৃষিখণ্ড!
বান্দৰ আৰু মানুহৰ সংঘাত ৰোধৰ বাবে চৰকালৈ কেইটামান আহ্বানঃ
ক) বান্দৰৰ বংশবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰক।
খ) বান্দৰক জনবসতি পূৰ্ণ অঞ্চলৰ পৰা পৃথক আৱাসস্থল যেনে চিৰিয়াখানা, বনাঞ্চললৈ স্থানান্তৰ কৰক।
গ) বন বিভাগৰ জৰিয়তে বিশেষ নিৰীক্ষণ আৰু পৰিকল্পনাৰ বাবে দায়িত্ব প্ৰদান কৰক।
ঘ) প্ৰস্তাৱিত আৱাসস্থলীত ফলমূলৰ বাগিচা নিৰ্মান কৰক।
সাম্প্ৰতিক সময়ত গুৰুতৰ সমস্যা ৰূপে থিয় দিয়া বান্দৰ আৰু মানুহৰ সংঘাত নিৰাময় তথা ভাৰসাম্য অনাৰ চেষ্টা নকৰিলে আগন্তুক সময়ত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হব পাৰে। যিদৰে হাতীৰ কৰুণ হত্যা বা বাঘক হানি খুচি হত্যা কৰা হত্যা বাঢ়ি গৈছে ঠিক তেনেদৰে বান্দৰ মানুহৰ সংঘাত নিৰ্মূল কৰাৰ বাবে উচিত পদক্ষেপ লোৱাৰ বাবে ব্যৱস্থা গ্ৰহণৰ সময় সমাগত। প্ৰকৃতি প্ৰেমী তথা ভুক্তভোগী সকলো লগ হৈ এই সংঘাত নিৰ্মূল কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰক।
লগতে পঢ়ক- বুট আৰু মগু নহ'লে প্ৰসাদ অসম্পূৰ্ণ কিন্তু অসমে কিমান শতাংশ উৎপাদন কৰে!
Share your comments