Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 April, 2023 12:28 PM IST

উত্তৰ-পূব ভাৰতৰ বিশেষকৈ অসমৰ জলবায়ু, পানী, মাটি আদি; বিভিন্ন ধৰণৰ ফল, যেনে- কল, মাটিকঠাল, কঠাল, মধুৰী, জামু, নানাধৰণৰ টেঙাজাতীয় ফল, যেনে – কমলা, সুমথিৰা, কৰদৈ, লেটেকু, ৰবাৰটেঙা আদিৰ খেতি অতীজৰে পৰা অসমত কৰি অহা হৈছে৷ প্ৰাচীন কালৰে পৰা অসমত বিভিন্ন ঋতুত হোৱা নানা তৰহৰ শাক-পাচলিয়ে মানুহৰ মনৰ খোৰাক যোগায় আহিছে৷ ভালদৰে চালে দেখা যায় যে, অসমত থলুৱা ফল -মূল আৰু পাছলি সমুহৰ খাদ্যগুণ তথা ঔষধিগুণ নজনাৰ বাবে আৰু অৰ্থনৈতিক দিশত বিশেষ লাভৱান নোহোৱাৰ বাবে এইবিলাকৰ প্ৰতি যত্ন লোৱাৰ হেপাঁহ কমি গৈছে৷

অসমত হোৱা কেইবিধমান থলুৱা ফল আৰু শাক-পাচলি হ’ল – জলফাই, ঔটেঙা, কৰদৈ, জামুক, আমলখি, টেঙামৰা, ৰবাবটেঙা, বেল, লেটেকু, পনিয়ল, আৰু পাচলিৰ ভিতৰত কলমৌ, ঢেকীয়া, ভেদাইলতা, মধুসোলেং, মচুন্দৰী, মাটিকান্দুৰী, মানিমুনি ইত্যাদি৷ ইয়াৰ উপৰিও বহুতো ফলমূল আছে যিবোৰ অতি পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন হোৱা স্বত্তেও সীমিত৷

আনহাতে আমাৰ অসমত কঠাল, মাটিকঠাল(আনাৰস), সুমথিৰা, মধুৰীআম আদি আৰু ৬০ বিধ মান পাচলিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়৷ তাৰোপৰি প্লাষ্টিক গৃহত খেতি কৰাৰ বাবেই গোটেই বছৰ ধৰিয়েই আৱতৰীয়া পাচলিৰ খেতি কৰিব পাৰি৷ উৎপাদনো বহুগুণে বৃদ্ধি পাইছে৷ কিন্তু লোকচান হয় প্ৰায় ২৫-৩০% আৰু ইয়াৰ সমাধাণ স্বৰূপে আমি শীতল ভৰাল (Cold storage) ৰ কথা কব পাৰো যদিও, ই আংশিক সমাধানহে৷

কিছুমান শস্যৰ ক্ষেত্ৰত সংৰক্ষণ ক্ষমতা সীমিত হোৱাৰ কাৰণে শীতল ভৰালত কৃষকে সংৰক্ষণ কৰি বিশেষ লাভৱান হোৱা আশা কম৷ দ্বিতীয়তে, বেঙেনা, বিলাহি আদিৰ ক্ষেত্ৰত প্ৰয়োজনীয় তাপমান যথেষ্ট সীমিত৷ ১০-১৩°চে. হ’লেই হয়৷ তেনেস্থলত শীতল ভৰালৰ ঠাইত তুলনামূলক ভাৱে কম ব্যয়বহুল শীতলকোঠা(Cold chember) বেছি উপযোগী আৰু সংৰক্ষণৰ বাবে অতি ফলপ্ৰসূ৷

 

লগতে পঢ়ক- 

সহজে বিশেষ মূলধন নোহোৱাকৈ কিদৰে প্ৰস্তত কৰিব পাৰি আচাৰ আৰু ইয়াৰ ব্যৱসায়

ব্যৱসায়িক ভিত্তিত কৰা বিভিন্ন ধৰণৰ ফল আৰু পাচলিৰ চাহিদা কমি আহিবলৈ ধৰিছে৷ থলুৱা ফলমূলবোৰৰ উৎপাদন সীমিত হোৱাৰ বাবে আৰু যিখিনি উৎপাদন হয় তাৰপৰাও উৎপাদিত সামগ্ৰীৰ বিপননৰ সুবিধা নথকাৰ বাবে উচিত মূল্য নাপায়৷ প্ৰচেচিং বা পৰিষ্ফুটনৰ যোগেদিও এই ফলবিলাকৰ সংৰক্ষণ কৰিব পৰা যায়৷ যাৰবাবে প্ৰয়োজন হয় কেৱল ভাল গুণ সম্পন কেচাঁমাল(Quality raw material)৷ এই থলুৱা ফল বিলাক যদিও লুপ্তপ্ৰায় হৈছে ইয়াৰ উৎপাদন আৰু সংৰক্ষণৰ বাবে বিশেষ আচঁনি হাতত ল’লে নিশ্চয় উপকৃত হব পৰা যায়৷

আমাৰ ইয়াত পোৱা কৰদৈ, কঠাল, টেঙামৰা, ভীমকল, ৰবাবটেঙা, লিচু আদিৰ পৰা উচ্চমানৰ চৰ্বত, জাম, জেলী আচাৰ বনাব পাৰি; যেনে – ভীমকলৰ গুড়িৰ পৰা বেবীফুদ, বাহঁগাজৰ আচাৰ, কলৰ চীপচ, টেঙামৰাৰ জেলী-পাতৰ আচাৰ, আমৰ আচাৰ-চৰবত, ভোটজলকীয়াৰ আচাৰ, তেল, গুৰি, বিলাহীৰ চচ, পিউৰী, মাটিকঠালৰ কেনিং, কঠালৰ ৰসৰ চৰবত (RTS) আদি বনাব পাৰি৷ ইয়াৰ ৰাহি হোৱা কেচাঁমালখিনি উপযুক্ত সংসাধন বা মূল্য সংযোজন (processing or value addition) কৰি লাভাম্বিত হব পাৰি৷

এটা কথা মনত ৰাখিব লাগিব যে, সংৰক্ষণৰ মূলনীতিৰ প্ৰতি লক্ষ্য নাৰাখি জধে মধে যদি সংৰক্ষণ কৰা হয়, উৎপাদিত বস্তুসমুহ সময়ত ব্যৱহাৰৰ অনুপযোগী হৈ পৰা পৰিলক্ষিত হয়৷ গতিকে সংৰক্ষণ কৰিবলৈ যাওঁতে সাধাৰণতে তলত দিয়া কথা কেইটাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷

১) গছৰ পৰা আনোতে ঠেকেচা খোৱা নাইবা কোনো কাৰণতে আঘাতপ্ৰাপ্ত হোৱা ফল সংৰক্ষণ কৰিব নালাগে৷

২) অতি বেছি পকা ফল বেছিদিন সংৰক্ষণ কৰিব নোৱাৰি৷

৩) সদায় সতেজ, নিৰোগী আৰু উন্নতমান বিশিষ্ট ফলহে সংৰক্ষণ কৰিব লাগে৷

৪) ফল বা পাচলিসমূহ লেৰেলি যোৱা বা বহুতদিনৰ আগতে সংগ্ৰহ কৰা হব নালাগে৷

৫) প্ৰয়োজন অনুসৰি ফলবিলাক পৈণত হব লাগে৷ দূৰণিলৈ পথাবলৈ হ’লে ফলবিলাক আধাপকা অৱস্থাতে ছিঙিব লাগে৷

৬) চপোৱাৰ সময়ত সূৰ্য্যৰ উষ্ণতাৰ বাবে শস্যত যথেষ্ট তাপ সঞ্চিত হৈ থাকে৷ যি পৰ্য্যায়ত ফল বা পাচলিখিনি লোকচান হব পাৰে৷ সেয়ে চপোৱাৰ পাচত ছাঁত কিছু সময়ৰ বাবে ৰাখি পৰিস্কাৰ ঠাণ্ডা পানীত ডুবাই সঞ্চিত হৈ থকা তাপখিনি আতৰাই লব লাগে৷

৭) সংৰক্ষণৰ আগতে ফল বা পাচলিবিলাক ধুই লব লাগে, যাতে ধুলি-বালি লাগি নাথাকে৷ আৰু গোট বা বৰণৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ ভাগত বিভক্ত কৰি লব লাগে৷

৮) অসমত থলুৱা ভাৱে উৎপাদিত ফলমূলৰ বিপননৰ ক্ষেত্ৰত পেকিঙৰ ব্যৱস্থা প্ৰায়েই কৰা নহয়৷ যাৰবাবে এক বুজন পৰিমাণৰ ফলমৃল প্ৰতিবছৰে নষ্ট হৈ যায়৷

-গতিকে বিজ্ঞান সন্মত ভাৱে পেকিঙৰ ব্যৱস্থা কৰি উৎপাদিত ফল-মূল বা সামগ্ৰীসমুহ কেৱল ভাৰততে নহয় বিদেশতো ৰপ্তানি কৰিব পৰা যায় আৰু তেনেকৈ আমাৰ খেতিয়কসকল যথেষ্ট লাভৱান হ'ব পাৰে৷

প্ৰচেচিং বা পৰিষ্ফুটনৰ যোগেদিও শস্য বা উৎপাদন সমুহৰ সংৰক্ষণ কৰিব পৰা যায়৷ যিকোনো ধৰণৰ ফলমূল বা পাচলিকেই পৰিষ্ফুটনৰ যোগেদি সঞ্চয় কৰিব পাৰি যদিও তাৰ আগতে দুটামান কথা চালিজাৰি চাই লব লাগে৷ প্ৰচেচিং কৰাৰ পাচত সেই সামগ্ৰীৰ চাহিদা কেনে হব, ইয়াৰ বাবে আৱশ্যক হোৱা কেচাঁমালৰ গুণগত মান কেনেকুৱা, কেচাঁমাল নিয়মীয়াকৈ পাবনে নাপায় ইত্যাদি৷ বিভিন্ন ধৰণে আমি শাক-পাচলি বা ফলমূলৰ প্ৰচেচিং কৰিব পাৰো৷ তাৰে এটা উপায় হৈছে শুকুৱাই কৰা (Drying)সংৰক্ষণ৷ আন এক উপায় হৈছে, উচ্চ মাত্ৰাত তাপ ব্যৱহাৰ কৰি সামগ্ৰীৰ পৰা পানীভাগ আতৰাই বহুদিনলৈ ফলমূল সংৰক্ষণ কৰিব পৰা যায়৷ যেনে : কলৰ চিপচ তৈয়াৰ কৰা পদ্ধতি৷

নিমখ ব্যৱহাৰ কৰি আমি বহু ধৰণৰ ফলমূল আৰু শাক-পাচলি সংৰক্ষণ কৰিব পাৰো৷ নিমখতে থোৱা গোলনেমু আচাৰৰ কথা আমি সকলোয়ে জানো৷ মটৰমাহৰ গুটি,বাহঁগাজৰ চকল ১০-২০% নিমখৰ পানীত ডুবাই ৰাখি বহুদিনলৈ সংৰক্ষণ কৰিব পৰা যায়৷

চেনী প্ৰয়োগৰ দ্বাৰাও কিছুমান ফলমূল বা পাচলি সংৰক্ষণ কৰি আৱতৰত ইয়াৰ যোগেদি লব পাৰি৷ সাধাৰণতে সুস্বাদু ফলৰ মঙহাল অংশৰ পৰা জাম, জেলী, মৰমালেড আদি তৈয়াৰ কৰি বজাৰত বেছি দামত বিক্ৰি কৰিব পাৰি৷ জাম তৈয়াৰ কৰিবৰ বাবে ফলৰ মঙহাল অংশ(pulp)ৰ লগত চেনি মিহলাই সিজোৱা হয় আৰু পাছত গই মিশ্ৰণটো ডাঠ অৱস্থালৈ নি জাম তৈয়াৰ কৰা হয়৷

আনহাতে জেলী ফলৰ ৰসৰ লগত চেনি মিহলাই উ$তলাই তৈয়াৰ কৰা হয়৷ সেইদৰেই বজাৰত যেতিয়া বিলাহি, জলকীয়া আদি উভৈনদী হয় তাৰ পৰা চচ্‌, কেটচ্‌আপ ইত্যাদি বনাব পাৰি৷ ইয়াৰ সুগন্ধৰ বাবে আদা, নহৰু, পিয়াজৰ লগতে অন্যান্য মছলাসমূহ যোগ দিয়া হয়৷

ক’লাজামু, ৰবাব টেঙা, টেঙামৰা আদি ফলৰ লগত উপযুক্ত পৰিমানৰ চেনি মিহলাই চৰবত, স্কোৱাচ, RTS(Ready to serve beverage) ইত্যাদি বনাব পাৰি৷ অৱশ্যে এইবিলাক বহুদিনলৈ সংৰক্ষণ কৰিবলৈ প্ৰয়োজন হ’লে ৰাসায়নিক সংৰক্ষক, যেনে – চ’ডিয়াম বেনজয়েট, পটাছিয়াম মেটা বাই ছালফাইট(KMS) আদি প্ৰয়োগ কৰা হয়৷ এই সংৰক্ষকবিলাকে ইষ্ট, বেক্টেৰীয়া আদিৰ বংশবৃদ্ধি কৰি খাদ্যসামগ্ৰীবিলাক বহুদিনলৈ ভাল হৈ থকাত সহায় কৰে৷

বৰ্তমান আমাৰ অসমত উৎপাদিত ভোটজলকীয়াৰ গুড়ি, তেল, পেষ্ট ইত্যাদিয়েও আন্তঃৰাষ্ট্ৰীয় বজাৰত এক উচ্চ আসন দখল কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে আদাৰ বড়ি, পেষ্ট, আৰু মুখৰোচক হিচাপে ক’লা নিমখত মিহলি কৰি শুকুৱাইও বহুদিনলে আমি ৰাখিব পাৰো৷

অসমত উৎপাদিত হোৱা এই বিভিন্ন শস্যক মূল্য সংযোজিত কৰি পৰিষ্ফুটন কৰিলে যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনীয়তা দেখা যায়৷ অসমৰ শিক্ষিত যুৱক-যুৱতীসকলে ব্যৱসায়িক দৃষ্টিভংগীৰে ওলাই আহিলে আৰু শস্যৰ উৎপাদনৰ বৃদ্ধিৰ লগতে ইয়াৰ মান সংযোজন আৰু বিপনন ব্যৱস্থাৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিলে অসমৰ অৰ্থনীতিক সবল কৰাৰ যথেষ্ট থল আছে৷

লেখিকা –বন্দনা ভূঞা শইকীয়া, অসম কৃষি বিশ্ববিদ্যালয়

লগতে পঢ়ক- 

এৰীপলুৰ সূতা আৰু আৰু লেটাৰ পৰা নতুনকৈ প্ৰস্তুত কৰা কেইবিধামান সামগ্ৰী

English Summary: Conservation and value addition of indigenous fruits and vegetables of Assam
Published on: 15 November 2022, 10:43 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now