1. News

পুনৰ অসমৰ শতাধিক দুষ্প্রাপ্য বন্যপ্রাণী আম্বানীৰ চিৰিয়াখানালৈ

KJ Staff
KJ Staff
পুনৰ অসমৰ শতাধিক দুষ্প্রাপ্য বন্যপ্রাণী আম্বানীৰ চিৰিয়াখানালৈ
পুনৰ অসমৰ শতাধিক দুষ্প্রাপ্য বন্যপ্রাণী আম্বানীৰ চিৰিয়াখানালৈ

পুনৰ অসমৰ বন্যপ্রাণীয়ে শোভাবর্ধন কৰিব আম্বানীৰ চিৰিয়াখানাত। ইতিমধ্যে গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটলৈ প্ৰেৰণ কৰা হৈছে বহুসংখ্যক দুষ্প্রাপ্য জীৱ-জন্তু। ইয়াৰে গৰিষ্ঠসংখ্যকেই হ'ল শেহতীয়াকৈ বহিঃৰাষ্ট্ৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি ৰঙিয়া, শিলচৰ খানাপাৰাত জব্দ কৰা। সুত্ৰ অনুসৰি এই দুষ্প্রাপ্য জীৱ-জন্তুসমূহ প্ৰেৰণ কৰা হৈছে গুজৰাটৰ জামনগৰস্থিত পুঁজিপতি মুকেশ আম্বানিৰ পুত্ৰৰ ব্যক্তিগত চিৰিয়াখানালৈ। বিগত দুটা দিনৰ ভিতৰত গোপনে গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা জামনগৰলৈ প্ৰেৰণ কৰা জীৱ-জন্তুসমূহৰ তালিকাত আছে আপুৰুগীয়া কাছ, কেংগেৰু, বান্দৰ, শহাপহু, সাপ আৰু বিভিন্ন প্ৰজাতিৰ চৰাই।

ৰাজ্যিক চিৰিয়াখানাৰ পৰা ট্ৰাকেৰে নি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা আকাশমাৰ্গেৰে এই জীৱ-জ -জন্তুসমূহ প্ৰেৰণ কৰা হৈছে। উক্ত জীৱ-জন্তুসমূহেই নহয়, অসমৰ পৰা গুজৰাটলৈ হাতীৰ লগতে কেইবাটাও এশিঙীয়া গঁড়ো প্ৰেৰণৰ যো-জা চলিছে। এইক্ষেত্ৰত আম্বানিৰ চিৰিয়াখানাৰ কৰ্মচাৰীক বিশেষ প্রশিক্ষণ প্রদান কৰিছে অৱসৰপ্ৰাপ্ত পশু চিকিৎসক বিজিত গগৈয়ে। প্রায় দুবছৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ডাঃ গগৈয়ে গুৱাহাটী চিৰিয়াখানাৰ ভিতৰত আম্বানিৰ নিৰ্দিষ্ট কৰ্মচাৰীসকলক বিশদ প্রশিক্ষণ দিয়াৰো। তথ্য পোহৰলৈ আহিছে।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

সমগ্র বিষয়টো সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি যোৱা ৫ নৱেম্বৰৰ নিশা দুখন বিশেষ বাহনেৰে গুৱাহাটীৰ চিৰিয়াখানাৰ পৰা বৰঝাৰৰ বিমানবন্দৰলৈ লৈ যোৱা হৈছিল বহু আপুৰুগীয়া জীৱ-জন্তু। তাৰ পাছত বিমানযোগে গুজৰাটলৈ এই জীৱ-জন্তুসমূহ লৈ যোৱা হয়। লক্ষণীয়ভাৱে সমগ্ৰ বিষয়টো সন্দৰ্ভত অসম ৰাজ্যিক চিৰিয়াখানাৰ বন প্ৰাধিকাৰী বিষয়া (ডিএফ) অশ্বিনী কুমাৰে কাৰ্যতঃ গা এৰা দিয়া মন্তব্য কৰে। বন বিষয়াজনে অসমৰ পৰা দুষ্প্ৰাপ্য জীৱ-জন্তুসমূহ বহিঃৰাজ্যলৈ প্ৰেৰণৰ কথা স্বীকাৰ কৰে যদিও এইক্ষেত্ৰত অসম ৰাজ্যিক চিৰিয়াখানাত ঠাইৰ অভাৱৰ দোহাই দিছে। তেওঁ কয় যে অসম ৰাজ্যিক চিৰিয়াখানাত জীৱ-জন্তু ৰখাৰ ঠাইৰ অভাৱৰ লগতে পৰিৱেশৰ লগত খাপ খোৱাব নোৱাৰাৰ বাবে গ্ৰহণ কৰা হৈছে এনেধৰণৰ পদক্ষেপ। গুজৰাটলৈ এইদৰে জীৱ- -জন্তু প্ৰেৰণ কৰাৰ বিনিময়ত অসম ৰাজ্যিক চিৰিয়াখানালৈ জেব্রা আৰু জিরাফকে ধৰি কেতবোৰ আন জীৱ-জন্তু অনা হ'ব বুলিও তেওঁ দাবী কৰে।

উল্লেখ্য যে প্রায় দুবছৰ পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা গুজৰাটৰ জামনগৰস্থিত মুকেশ আম্বানিৰ পুত্ৰৰ চিৰিয়াখানালৈ দুটা দুষ্প্ৰাপ্য ব্লেকপেন্থাৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু সেই ব্লেক পেন্থাৰ দুটাৰ বিনিময়ত অসমলৈ কি জীৱ-জন্তু অনা হ'ল সেয়া আজিও ৰহস্যৰ আৱৰ্তত। এনে অৱস্থাত সমগ্র বিষয়টোক লৈ বন্যপ্রাণীপ্রেমীসকল প্রশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক- 

ধান ভাল নোহোৱা আৰু বানপ্ৰৱণ পথাৰবোৰত কি কৰিব!

English Summary: Ambani's zoo is home to hundreds of rare wildlife species

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.