1. News

বিহুৰ প্ৰথম দিনটোতে অসম ৰাজ্যিক চিৰিয়াখানাত ড৹ হিমন্ত বিশ্ব শৰ্মা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অসম ৰাজ্যিক চিৰিয়াখানাত ড৹ হিমন্ত বিশ্ব শৰ্মা
অসম ৰাজ্যিক চিৰিয়াখানাত ড৹ হিমন্ত বিশ্ব শৰ্মা

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ জীৱ-জন্তুক প্ৰেৰণ কৰাৰ বিতৰ্কৰ মাজতে আজি জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ কলৰৱৰ মাজত দেখা গ’ল মুখ্যমন্ত্ৰীক। নিজে গাড়ী চলাই চিৰিয়াখানা পৰিদৰ্শন কৰি চিৰিয়াখানাৰ উন্নয়নৰ বুজ ল'লে হিমন্ত বিশ্ব শৰ্মাই।

পৰিদৰ্শন কালত চিৰিয়াখানাৰ বৰ্তমানৰ অৱস্থাৰ পৰা অধিক উন্নত কৰি চিৰিয়াখানাখনক  আটাইতকৈ আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে চিৰিয়াখানা পৰিচালনা আৰু পশু প্ৰজননত বৃহৎ সফলতা লাভ কৰা দেশৰ বিভিন্ন ঠাইৰ চিৰিয়াখানাসমূহলৈ বিষয়াসকলক পঠিয়াবলৈ পৰিৱেশ আৰু বন বিভাগক নিৰ্দেশনা প্ৰদান কৰে৷

লগতে পঢ়ক- 

Avocado Cultivation: উত্তৰ-পূৰ্বাঞ্চলত আভকাডো খেতিৰ সম্ভাৱনীয়তা

ইফালে চিৰিয়াখানাৰ পৰিচালনা সমিতিক সাধাৰণ নাগৰিক, শিশু, ছাত্ৰ-ছাত্ৰীৰ বাবে অধিক স্থান সৃষ্টি কৰিবলৈ কৈ চিৰিয়াখানাখন বিশেষকৈ প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তথ্যৰ ভঁৰাল হৈ পৰিব বুলিও কয়।

পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে চিৰিখানাত উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, পি চি চি এফ (বন্যপ্ৰাণী) এম কে যাদৱ। মন কৰিবলগীয়া যে, চিৰিয়াখানা পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে এটি ভাটৌক কোলাত তুলি আহাৰ খুৱায়। তেওঁ চিৰিয়াখানাত জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে ভেটেনেৰী ডাক্তৰৰ সংখ্যা বৃদ্ধি কৰিব লাগিব বুলিও উল্লেখ কৰে। 

লগতে পঢ়ক- 

Expo Organic North-East 2023 এ কেনেদৰে উপকৃত কৰিব কৃষকক!

English Summary: CM in the Assam State Zoo

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.