1. News

পিঠা বিক্ৰী ১ লাখ ৮০ হাজাৰ টকা উপাৰ্জন নাজিৰাৰ ছগৰাকী মহিলাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
পিঠা বিক্ৰী ১ লাখ ৮০ হাজাৰ টকা উপাৰ্জন নাজিৰাৰ ছগৰাকী মহিলাৰ
পিঠা বিক্ৰী ১ লাখ ৮০ হাজাৰ টকা উপাৰ্জন নাজিৰাৰ ছগৰাকী মহিলাৰ

এইবাৰ মাঘৰ বিহুত পিঠা বিক্ৰিৰে অভিলেখ ৰচিলে নাজিৰাৰ ছগৰাকী মহিলাই। উৰুকাৰ বজাৰলৈকে মহিলাকেইগৰাকীয়ে বিক্ৰি কৰিলে ১ লাখ ৮০ হাজাৰ টকাৰ পিঠা। বিহু আহিলেই বজাৰত বৃদ্ধি পাই থলুৱা খাদ্যৰ চাহিদা ৷ এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখিয়েই মাঘৰ এমাহৰ পৰা কৰ্মোদ্যমী মহিলাকেইগৰাকীয়ে চলাইছিল ব্যৱসায়িকভিত্তিত পিঠা বনোৱা আৰু বিক্ৰিৰ প্ৰস্তুতি।

ব্যস্ততা বাঢ়ি অহাৰ লগে লগে থলুৱা পিঠা পনা বনাবলৈ এচাম লোকৰ আজিৰ নোহোৱা হৈছে। গতিকে ঘৰত বনোৱাৰ সলনি বহু অসমীয়া লোকে বিহুত বজাৰৰ থলুৱা খাদ্য সোৱাদ লয়। এই ব্যস্ত লোকসকলক লক্ষ্য ৰাখিয়েই ৰহদৈপুখুৰী বেংমুৰীয়া কোঁৱৰ গাঁৱৰ সুস্মিতা কোঁৱৰ, পুৰবী কোঁৱৰ, লিপিকা কোঁৱৰ , মিতালী বৰুৱাৰ লগতে আৰু দুগৰাকী মহিলাই বিগত দহ বছৰ ধৰি পিঠা-পনাই বনাই ভাল উপাৰ্জন কৰি আহিছে।

লগতে পঢ়ক- 

Expo Organic North-East 2023 এ কেনেদৰে উপকৃত কৰিব কৃষকক!

এইবাৰ ভোগালী বিহুত পিঠা-পনা বিক্ৰি কৰি আটাইতকৈ বেছি উপাৰ্জন কৰিছে মহিলাকেইগৰাকীয়ে। আৰু উপাৰ্জন কৰি সুখী বুলি জানবলৈ দিয়ে তেওঁলোকে। আধুনিকতাৰ যুগত বেছি ভাগ গ্ৰাম্য মহিলাই আজৰি সময়খিনি সামাজিক মাধ্যমত ব্যস্ত থকাৰ সময়তে নিজ ঘৰতে থকা ঢেকীত পিঠা খুন্দি তিল পিঠা বিক্ৰী কৰি লাখটকা উপাৰ্জন কৰাটো এটা ডাঙৰ কথা।

লক্ষ্যণীয় যে সম্প্ৰতি মানুহবোৰ ব্যস্ত, আৰু সকলো সুবিধা নথকাৰ বাবে বিহু-সংক্ৰান্তিয়ে, উত্সৱ-পাৰ্বণে চহৰৰ লোকসকলে পিঠা-পনা, জা-জলপানবোৰ বজাৰৰ পৰা ক্ৰয় কৰে। এই বজাৰখন বহিঃৰাজ্যৰ বনিয়াৰ হাতলৈ যাবলৈ নিদি অসমীয়া মহিলাসকলে এই বজাৰখন ধৰি ৰাখিব পাৰে। লগতে অসমৰ থলুৱা খাদ্যসমূহৰ মানদণ্ডও যথেষ্ট উন্নত মানদণ্ডৰ। এই বিলাকক সংসাধন, খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং, পৰীক্ষণ লেব, সঁজুলি, নতুন প্ৰযুক্তি, আৰু ষ্টাৰ্টআপৰ কোম্পানীসমূহৰ জৰিয়তে প্ৰসাৰ কৰিব পাৰিলে বহুত ভাল কথা হ’ব।

লগতে পঢ়ক- 

উন্নতজাতৰ গাই গৰুৰ বাবে যোগাযোগ কৰক বালাবাৰী মনেশ্বৰ কলিতাৰ লগত

English Summary: CHARAIDEO BHUGALI PREPARATION

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.