1. News

Expo Organic North-East 2023 এ কেনেদৰে উপকৃত কৰিব কৃষকক!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Benefit of  1st Expo Organic North-East 2023
Benefit of 1st Expo Organic North-East 2023

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 1st Expo Organic North-East 2023 প্ৰস্তুতিৰ চলি আছে। ৩ পৰা ৫ ফ্ৰেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্ষসূচীৰে অনুষ্ঠিত হ’ব  এই মেলাখন। ইতিমধ্যে কৃষিমন্ত্ৰী অতুল বৰাই 1st Expo Organic North-East 2023  অনুষ্ঠানটোৰ আয়োজক Sikkim State Cooperative Supply and Marketing Federation Ltd. চমুকৈ SIMFED আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া বিষয়াসকলৰে সৈতে কেইবাখনো বৈঠকত মিলিত হৈছে।

1st Expo Organic North-East 2023 অনুষ্ঠানটো আয়োজন কৰা হৈছে অসম তথা উত্তৰ-পূবৰ জৈৱিক কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি। সম্প্ৰতি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা কৃষকৰ জৈৱিক বা প্ৰাকৃতিকভাৱে উৎপাদিত সামগ্ৰীয়ে দেশৰ লগতে বিদেশত চাহিদা লাভ কৰিছে। কিন্তু কৃষকসকলে এই বজাৰখন ধৰিবলৈ এতিয়াও সক্ষম হোৱা নাই। কাৰণ গ্ৰাহকৰ লগত পোণপটীয়া সংযোগ নাই এই কৃষকসকলৰো। ইফালে, অসমৰ বহু কৃষকে এতিয়াও নাজানে প্লাষ্টিকৰ যুগটোত তেওঁ জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ মূল্য! ফলত বহু মধ্যভোগীয়ে টুপী পিন্ধাই আহিছে কৃষকসকলক। লগতে আকৌ বহু কৃষকে এতিয়া উপলব্ধি কৰিব পৰা নাই জৈৱিক খেতিৰ লাভালাভবোৰ  আৰু জৈৱিক খেতিৰ বিভিন্ন কাৰিকৰী দিশসমূহ। নাজানে জৈৱিক খেতিৰে ভৱিষ্যত প্ৰজন্মক এখন পৃথিবী দিব পাৰি বুলি। আনহাতে, বিভিন্নজনে জৈৱিক কৃষকে নিজৰ উদ্ভাৱনী শক্তিৰে নতুন-চিন্তা ধাৰাৰে কৰি অহা কৃষি কৰ্মৰ লগতো চিনাকী নহয় কৃষকসকল। তদুপৰি আজিও আমাৰ কৃষকসকলে উৎপাদিত সামগ্ৰীসমূহ সংসাধন, খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং, পৰীক্ষণ লেব, সঁজুলি, নতুন প্ৰযুক্তি, আৰু ষ্টাৰ্টআপৰ কোম্পানীসমূহৰ জৰিয়তে ব্যৱসায়ক প্ৰসাৰ কৰা আদি কথাবোৰ নাজানে। ফলত কৃষকসকল লোকচানৰ সন্মুখীন হৈ আহিছে।

লগতে পঢ়ক- 

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

কৃষকসকলৰ এই সীমাবদ্ধতাসমূহৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰু ছিকিম চৰকাৰে আয়োজন কৰিছে এই এক্সপ’খনৰ। মেলাত দেশ-বিদেশৰ কৃষকে জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী কৰিব। ১৬০ টাতকৈও অধিক জৈৱিক আৰু প্ৰাকৃতিক ব্ৰেণ্ডৰ ষ্টল থাকিব এক্সপখনত। লগতে কৃষকসকলে উৎপাদিত সামগ্ৰীৰ খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং, পৰীক্ষণ লেব, সঁজুলি, নতুন প্ৰযুক্তি, আৰু ষ্টাৰ্টআপৰ কোম্পানীসমূহৰ জৰিয়তে ব্যৱসায়ক প্ৰসাৰ কৰা সন্দৰ্ভত প্ৰশিক্ষণ আৰু আলোচনাচক্ৰত ভাগ লব পাৰিব। লগতে এই অনুষ্ঠানতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰেতাৰ লগতে ৰপ্তানিকাৰক, আৰু কৃষক গোট/এফপিঅ'সমূহক একত্ৰিত হ’ব লৈ এখন মঞ্চ দিব কৃষকসকলক।

Expo Organic North-East 2023 কি কি দিশত সহা্য় কৰিব আমাৰ কৃষকসকলক-

  • অসমত নেমুটেঙা বহু সময়ত কৃষকৰ বাৰীত পকি হালধীয়া হৈ গছতে গেলি যায়। কিন্তু সেই নেমু গুৱাহাটীৰ বজাৰত এটা ১০ টকা, ইফালে সেই নেমুৰে আকৌ দেশৰ ভিন্ন প্ৰান্তৰ মানুহে খাবৰ বাবে হাবাথুৰি খাই থাকিব লাগে।
  • আমাৰ থলুৱা শিলিখা, অমৰা, আমলকখি, বগৰী, কৰ্দৈৰ দৰে ফলসমূহ ঘৰতে নষ্ট হয়। এই বস্তুসমূহৰ কিন্তু এটা ব্যৱসায়িক দিশ আছে। কিন্তু আমি নাজানো!
  • বজাৰৰ অভাৱত আমাৰ কৃষকসকলে বহু সময়ত নিজৰ উৎপাদিত সামগ্ৰীসমূহ ঘৰতে নষ্ট হয় বা কম দামত দিব লগা হয়। কিন্তু এই উৎপাদিত সামগ্ৰীসমূহ বহিঃৰাজ্যত বা অন্য ঠাইলৈ নি কিদৰে বিক্ৰি কৰি লোকচান কমাব আৰু লাভ উঠাব পাৰিব!
  • আমাৰ কৃষকসকলে বহুত বস্তু উতপাদন কৰে কিন্তু খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং, পৰীক্ষণ লেব, সঁজুলি, নতুন প্ৰযুক্তি আদিৰ সন্দৰ্ভত সুবিধা আৰু জ্ঞান নথকাৰ বাবে এই উৎপাদিত সামগ্ৰীসমূহে প্ৰসাৰতা অৰ্থাত প্ৰকৃত বজাৰ, প্ৰকৃত গ্ৰাহক নাপায়!
Benifit of  1st Expo Organic North-East 2023
Benifit of 1st Expo Organic North-East 2023

এইধৰণৰ প্ৰতিটো সমস্যা আৰু সীমাৱদ্ধতাৰ এতিয়া এটাই মাত্ৰ সমিধান 1st Expo Organic North-East 2023 । কাৰণ এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই SIMFED আৰু অসম চৰকাৰৰ কৃষি বিভাগে আয়োজন কৰিছে Organic Expo খনৰ। গতিকে কৃষকসকলে অনুষ্ঠানলৈ আঁহক। মুক্তভাৱে কথাবোৰ গ্ৰহণ কৰক। আৰু নতুন চিন্তাৰে আগবাঢ়ক।

( বিঃদ্ৰ- জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/  যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়ক-

1st Expo Organic North-East 2023 সন্দৰ্ভত অতুল বৰাৰ বৈঠক

 

English Summary: Benifit of 1st Expo Organic North-East 2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.