Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 November, 2022 2:57 PM IST
Children day 2022

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল, "আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত। আমি যিদৰে শিশু গঢ় দিম তাৰ ওপৰতেই নিৰ্ভৰ কৰিব আমাৰ দেশৰ ভৱিষ্যত। " লগতে তেওঁ কৈছ্ল বিপথে যোৱা মানুহ থিক কৰাতকৈ শক্তিশালী সন্তান গঢ়ি তোলাটো সহজ। আজি এই মহান মনিষীজনৰে জন্মদিন। তেওঁৰ জন্মদিনটোক প্ৰতি বছৰে সমগ্ৰ ভাৰততে নৱেম্বৰত শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত এই দিনটোক শিশু দিৱস হিচাপে পালন কৰিবলৈ লোৱা হৈছিল।  নেহৰুৱে শিশুৰ অধিকাৰ আৰু শিশুসকলৰ সৰ্বাংগীন শিক্ষা ব্যৱস্থাৰ বৃহৎ পোষকতা কৰিছিল। তেওঁৰ মতে, শিশু হ’ল দেশৰ ভৱিষ্যত আৰু এখন সমাজৰ ভেটি, আৰু সেয়েহে, শিশুসকলৰ মংগলৰ বাবে যত্ন লোৱা উচিত।

ইতিহাস:

উল্লেখ্য যে প্ৰথম অৱস্থাত ২০ নৱেম্বৰ দিনটোত শিশু দিৱস উদযাপন কৰা হৈছিল। যিদিনা ৰাষ্ট্ৰসংঘই বিশ্ব শিশু দিৱস পালন কৰে। কিন্তু জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতীয় সংসদত তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ গৃহীত হয়। ১৯৬৪ চনত জৱাহৰলাল নেহৰুৰ মৃত্যু হয় আৰু তেতিয়াৰ পৰাই তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।

লগতে পঢ়ক- 

লগতে পঢ়ক- 

এবিঘা মাটিত এৰাগছ বা কেছেৰু গছ ৰুলে কিদৰে লাভ কৰিব বছৰি ১ লাখ টকা

উদযাপন:

এই দিনটোত বিদ্যালয়সমূহত শিশু দিৱস পালন কৰা হয়, য’ত শিক্ষকসকলে শিশুসকলৰ বাবে কাৰ্যসূচী আৰু মনোৰঞ্জনমূলক অনুষ্ঠানৰ আয়োজন কৰে। খাদ্য সামগ্ৰী, কিতাপ আৰু শুভেচ্চাৰে শিশুসকলক উপচাই দিয়া হয়।

ইফালে, শিশু দিৱসৰ উপলক্ষ্য ভাৰতীয় বন সেৱাৰ বিষয়া সুশান্ত নন্দই টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত পাঁচটা পোৱালি আৰু এটা পোৱালি বান্দৰক আনন্দ কৰি থকা দেখা গৈছে। ভিডিঅ’টোৰ আৰম্ভণিতে সকলো পোৱালি জীৱ-জন্তুৱে ঘাঁহৰ ওপৰত বহি ডাল খাই থকা দেখা গৈছে। অৱশেষত সকলোৱে টোপনি যায়। ভিডিঅ’ ক্লিপটোত বন্দী হোৱা এটা অতি বিশেষ মুহূৰ্তত বান্দৰটোৰ ওপৰত দুটা পোৱালি শুই থকা দেখা গৈছে। পিছত আটাইকেইজন যেন পিছে পিছে দৌৰিছে। গোটেই ক্লিপটোৱে শিশুৰ যি নিৰ্বিকাৰ মনোভাৱৰ কথা মনত পেলাই দিব আৰু আপোনাৰ মুখত হাঁহি বিৰিঙাব। ভিডিঅ'টো চাবলৈ ক্লীক কৰক- https://twitter.com/susantananda3/status/1592017476732133376?

লগতে পঢ়ক- 

এতিয়াৰে পৰা যাত্ৰীসকলে ৰে’লতে লাভ কৰিব বিনামূলীয়া খাদ্য। 

English Summary: Children day 2022
Published on: 14 November 2022, 02:57 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now