1. News

শিৱসাগৰৰ শলগুৰিত ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰিলে পৰিমল শুক্লবৈদ্যই

KJ Staff
KJ Staff
Parimal Shuklabaidya
Parimal Shuklabaidya

শিৱসাগৰ জিলাৰ শলগুৰিত আজি অসম চৰকাৰৰ পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে। এনে ধৰণৰ কেন্দ্ৰসমূহৰ জৰিয়তে কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ধান ক্ৰয় কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।এই প্ৰচেষ্টাৰ বাবে কৃষকে নিজৰ উৎপাদিত ধান প্ৰতি কুইণ্টলত ২,০৪০ টকা দৰত বিক্ৰী কৰিব পাৰিব। জিলা খনৰ ভিন্ন প্ৰান্তত এনে ৬ টা কেন্দ্ৰ স্থাপন কৰা হৈছে। চলিত বৰ্ষত জিলা খনত ১৩০০০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

শলগুৰি ধান ক্ৰয় কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, শলগুৰি সমিতিৰ অধ্যক্ষ বিনয় তামুলীৰ উপৰিও বহুসংখ্যক কৃষক ৰাইজ উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত শলগুৰি ধান ক্ৰয় কেন্দ্ৰত মুঠ দহ কুইণ্টল ধান কৃষকৰ পৰা ক্ৰয় কৰা হয়।

শিৱসাগৰ জিলাৰ ডিমৌত তিনিদিন পূৰ্বে অবৈধ ভাৱে ধান সৰবৰাহ কৰা এখন ট্ৰাক ডিমৌ আৰক্ষীয়ে জব্দ কৰাৰ পাছত মধ্যভোগী সম্পৰ্কে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত সাধাৰণ কৃষক লাভবান হব পৰাকৈ চৰকাৰে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কোনো কোনো ঠাইত মধ্যভোগীৰ প্ৰসংগ আহিছে যদিও চৰকাৰ তথা বিভাগে তাক নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্ত্ৰী শুক্লবৈদ্যই প্ৰকাশ কৰে।

লগতে পঢ়কঃ চৰাইদেউ জিলাৰ উপায়ুক্তই মুকলি কৰিলে ‘চৰাইদেউ সুগন্ধি জহা চাউল’

English Summary: sivasagar paddy procurement opening

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.