1. News

সৰ্বসাধাৰণক চিকেন নাখাবলৈ আহ্বান এইখন দেশৰ চৰকাৰৰ, আঁৰত ডাঙৰ কাৰণ

KJ Staff
KJ Staff
Food Crisis
Food Crisis

মুদ্ৰাস্ফীতিয়ে জুৰুলা কৰা আমাৰেই চুবুৰীয়া এখন দেশত খাদ্যসামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে। ভাবিব নোৱাৰা হাৰত বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম। য’ত এতিয়া আটা-ময়দা, চাউল-চেনী পৰ্যন্ত কিনিব পৰা নাই সাধাৰণ জনতাই। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান বৰ্তমান বিত্তীয় সীমাবদ্ধতাৰ সৈতে যুঁজি আছে। এতিয়া দেশখনৰ দৰিদ্ৰ লোকসকলৰ দুবেলা দুসাঁজৰ যোগাৰ কৰাটো কঠিন হৈ পৰিছে।

পাকিস্তানৰ সৰ্বসাধাৰণে এতিয়া আটাৰ পেকেট এটাৰ বাবেও নিজৰ মাজত যুঁজ দিবলগীয়া হৈছে। মুদ্ৰাস্ফীতি এনে পৰ্যায় পাইছেগৈ যে মানুহে তাত এতিয়া পাচলি ক্ৰয় কৰিবলৈও সক্ষম নহয়। ঘেঁহু, ময়দা, চেনী, চাউল, সেউজীয়া শাক-পাচলি আৰু পিয়াজকে ধৰি প্ৰতিটো খাদ্য আৰু পানীয় ব্যয়বহুল হৈ পৰিছে। আনকি চৰকাৰৰ গুদামবোৰো খালী হৈ পৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পাকিস্তানে এক অৰ্থনৈতিক সংকটৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ অভাৱৰ সৈতে যুঁজি আছে। এনে পৰিস্থিতিত, চুবুৰীয়া দেশখনে ইয়াৰ আভ্যন্তৰীণ অভাৱ পূৰণ কৰিবলৈ ঘেঁহুৰ আটা আমদানি কৰিবলৈ সংগ্ৰাম কৰি আছে। কুকুৰাৰ মূল্য যোৱা মাহত ৩০০ পাকিস্তানী টকাৰ পৰা এই মাহত প্ৰায় ৭০০ পাকিস্তানী টকালৈ বৃদ্ধি পাইছে।

 

ঘাটি পূৰণ কৰিবলৈ ৰাছিয়াৰ পৰা ঘেঁহু আমদানি

 

জানিব পৰা মতে পাকিস্তানত মুদ্ৰাস্ফীতিৰ পৰিস্থিতি এনেকুৱা যে পাকিস্তান হাঁহ-কুকুৰা সংস্থা আৰু ফেডাৰেল খাদ্য সুৰক্ষা মন্ত্ৰী তাৰিক বছিৰ চিমাই সাধাৰণ লোকক কমকৈ মুৰ্গী খাবলৈ আহ্বান জনাবলগীয়ে হয়। স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পাকিস্তানক ইয়াৰ তাৎক্ষণিক আভ্যন্তৰীণ চাহিদা পূৰণ কৰিবলৈ ৪ লাখ বেগ ঘেঁহুৰ প্ৰয়োজন। ঋণগ্ৰস্ত দেশখনে ঘাটি পূৰণ কৰিবলৈ ৰাছিয়াৰ পৰা ঘেঁহু আমদানি কৰি আছে।

জানুৱাৰী ২০২৩-ত পাকিস্তানত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিম্নলিখিত ধৰণৰ:

 

পিঁয়াজ - প্ৰতি কিলোগ্ৰামত ২১৫ টকা

চিকেন - প্ৰতি কিলোগ্ৰামত ৭০০ টকা

ঘেঁহুৰ আটা - প্ৰতি কিলোগ্ৰামত ১৬০ টকা

তেল - প্ৰতি কিলোগ্ৰামত ৪৮৮ টকা

চাউল – প্ৰতি কিলোগ্ৰামত ১৪৫ টকা

বীন – প্ৰতি কিলোগ্ৰামত ১৫৮.৯৫ টকা

বিলাহী - প্ৰতি কিলোগ্ৰামত ১২২ টকা

কণী - প্ৰতি কিলোগ্ৰামত ৪০০ টকা

মটন - প্ৰতি কিলোগ্ৰামত ১১০০ টকা

দেশী ঘিউ - প্ৰতি কিলোগ্ৰামত ১৮০০-২৫০০ টকা

ঘেঁহু আমদানি কৰিবলৈ অস্বীকাৰ কৰিছিল

খাইবাৰ পাখতুনখোৱাত, ঘেঁহুৰ আটা ২০ কিলোগ্ৰামত ৩১০০ টকাত বিক্ৰী কৰা হৈছিল। আনহাতে ভাৰতে যোৱা বছৰ ভাৰত মহাসাগৰ অঞ্চলৰ কেইবাখনো দেশলৈ অতিৰিক্ত ঘেঁহু ৰপ্তানি কৰিছিল। পাকিস্তানে কূটনৈতিক সমস্যাৰ বাবে ভাৰতৰ পৰা ঘেঁহু আমদানি কৰিবলৈ অস্বীকাৰ কৰিছিল।

লগতে পঢ়কঃ নেপালত ৭২ যাত্ৰীসহ দুৰ্ঘটনাগ্ৰস্ত বিমান, ৫ ভাৰতীয় সহ ৪০ জনৰ মৃত্যু

English Summary: pakistan food crisis

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.