অসমত কৃষি উৎপাদনৰ বাবে অনুকুল পৰিৱেশ আৰু জলবায়ু আছে যদিও ইয়াৰ সফলতাৰ ক্ষেত্ৰত বহু প্রতিবন্ধকতা দেখা যায়। কৃষি ক্ষেত্ৰত বিভিন্ন দিশত বহুতো আসোঁৱাহ থকাৰ বাবে কৃষিৰ উৎপাদন শক্তি নিম্ন। অসমত কৃষিভিত্তিক উদ্যোগ যেনে- চাহ, চেনী, মৰাপাট, কাগজ, বনস্পতি, হস্ততাঁত শিল্প ইত্যাদিৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও চাহ উদ্যোগৰ বাহিৰে অন্য কোনো উল্লেখযোগ্য কৃষিভিত্তিক উদ্যোগে সফলতা লাভ কৰিব পৰা নাই। বিশেষকৈ বিগত কেইটামান বছৰৰ ভিতৰত ৰাজ্যখনত কৃষি উৎপাদন লেখত ল’বলগীয়াকৈ কম হোৱা দেখা যায়। অসমত কৃষি উৎপাদন হ্ৰাস পোৱাৰ কাৰণক লৈ বিভিন্নজনে বিভিন্ন মত পোষণ কৰা দেখা যায়। তাৰ ভিতৰত প্ৰধান কাৰণসমূহ এনে ধৰণে ভাগ কৰিব পাৰি।
১. খেতিয়কে উপযুক্ত বজাৰ মূল্য লাভ নকৰা
২. বৰ্তমান সময়ত পৰম্পৰাগত ব্যৱস্থাৰে কৰা খেতিৰ সীমাবদ্ধতা
৩. পৰ্যাপ্ত পৰিমাণৰ চৰকাৰী সুবিধাৰ অভাৱ
৪. কৃষিক বৰ্তমানৰ শিক্ষিত সমাজ ব্যৱস্থাই অৱহেলাৰ দৃষ্টিৰে চোৱা
৫. সহজ উপাৰ্জনৰ প্ৰতি কৃষকৰ আগ্ৰহ বৃদ্ধি
৬. কেৱল বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই বেছি সংখ্যক খেতিয়কে কৃষি কাৰ্য কৰা।
৭. বানপানী বা আন প্ৰাকৃতিক দুৰ্যোগ
৮. হাতী আৰু বান্দৰৰ আক্ৰমণ।
অসমত ডিজেল আৰু ৰাসায়নিক সাৰৰ অত্যধিক মূল্য বৃদ্ধি হোৱাৰ বাবে খেতিত যি খৰচ হয় সেই অনুপাতে লাভ নহয়। চৰকাৰে পথাৰত বিদ্যুতৰ ব্যৱস্থা কৰিলে খেতিয়ক সকলে লাভবান হোৱাৰ সম্ভাৱনা থাকে। কৃষকে এবিঘা মাটিত শস্য উৎপাদন কৰিলে যিমান খৰচ হয় উৎপাদিত সামগ্ৰীৰ মূল্য তাতকৈ বহু পৰিমাণে কম। খেতিয়কে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য নাপায়। খেতি পথাৰত গৰুৰে হাল বোৱাত মানুহৰ অনীহাও আন এক অন্তৰায়।তাৰ লগতে আছে হালোৱা গৰুৰ দাম বৃদ্ধিৰ মাধমাৰ। বহু মানুহে গৰু পালন এৰি দিয়াত ঘৰুৱা হালোৱা গৰু নোহোৱা হ’ল। ইফালে ট্ৰেক্টৰেৰে হাল বোৱাৰ ফলত উৎপাদনৰ খৰচ অধিক বৃদ্ধি হ’ল। কৃষি কাৰ্যত প্ৰয়োজনীয় শ্ৰমিকৰ অভাৱ হোৱাৰ কৃষকৰ বাবে উৎপাদন ব্যয় যথেষ্ট বাঢ়ি গৈছে।
হিতাধিকাৰীৰ সৃষ্টি অসমৰ কৃষি উৎপাদন বৃদ্ধিৰ আন এটা মূল কাৰণ বুলি বহুতেই ক’ব খোজে। অৰুনোদয় আচনি, বিনামূলীয়া চাউল, খেতিয়কৰ নামত টকা জধে মধে দিয়া আদি কাৰণতে বহু লোকে খেতি কৰিবলৈ এৰিছে৷ চৰকাৰী কিছু বিনামূলীয়া নীতি কিছু বছৰ অব্যাহত থাকিলে বিশেষকৈ ভুমিপুত্ৰ জনগোষ্ঠী সমুহ অকামিলা হৈ পৰিব আৰু ভূমিৰ অধিকাৰ হেৰুৱাই পেলাব বুলি একাংশই আশংকা কৰেl আগতে বেছিভাগেই নিজে খোৱাৰ বাবে ধান খেতি কৰিছিল আৰু অতিৰিক্ত খিনি বিক্ৰী কৰিছিল। আজিকালি বিনামূলীয়া চাউল যিহেতু পৰিয়ালৰ প্ৰতিজনৰ বাবে চৰকাৰে দিয়ে গতিকে নিজে খোৱাৰ বাবে খেতি কৰাৰ কাৰো প্ৰয়োজনীয়তা নাই। বহুতেই এতিয়া নিজৰ খেতিৰ মাটিত উদ্যোগ স্থাপন কৰিবলৈ বিক্ৰী কৰি, সেই টকাৰে দুচকীয়া, চাৰিচকীয়া বাহন কিনি বা ঘৰটো অলপ মেৰামতি কৰি আৰু তাৰপাছত সেই উদ্যোগত ৭-৮ হাজাৰ টকাত কাম কৰি সুন্দৰকৈ চলি আছে।
অধিক ঔদ্যোগিকৰণৰ কাৰণেও কৃষি উৎপাদন হ্ৰাস পোৱা বুলি বহুলোকে ক’ব খোজে। উদ্যোগসমূহে অধিক হাৰত খেতিমাটি অধিগ্ৰহণ কৰাৰ ফলত খেতিমাটি প্ৰায় বিলুপ্ত হৈ আহিছে। তদুপৰি আজিকালি ল’ৰা-ছোৱালীবোৰ উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ কাৰণে খেতিপথাৰত নানামে। বহু ক্ষেত্ৰত খেতিমাটি বিক্ৰী কৰি আন ব্যৱসায় কৰাও দেখা যায়।
বাৰীত নিয়ন্ত্ৰনহীন বান্দৰৰ উৎপাত, হাতীৰ আক্ৰমণ, ৰ্কেকেটুৱাৰ সন্ত্ৰাসেও গাওঁৰ অৰ্থনীতি ভাঙি পেলোৱাৰ উপক্ৰম হৈছে। বান্দৰে বহু শস্য ধ্বংস কৰিছে। খেতি কৰি পাচলি বিক্ৰী কৰি চলি থকা বহু ঘৰত এতিয়া শাক-পাচলি একো কৰিব নোৱাৰা হৈছে। ইয়াৰ লগতে মাটিৰ উৰ্বৰতা হ্ৰাস হ'বলৈ ধৰাৰ বিষয়টোও চিন্তনীয়।
তদুপৰি অবৈধ বিদেশী নাগৰিকক আধি দিয়াৰ ফলত তেওঁলোকে অধিক উৎপাদন কৰিবৰ বাবে অধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। যাৰ ফলত মাটিৰ গুণানুগুণ নাইকিয়া হৈ পৰে। এনেদৰে চলি থাকিলে কেইটামান বছৰৰ পাছত খেতি উৎপাদন হোৱা মাতিত ঘাঁহ এদালো নগজিব বুলি বহু সচেতন লোকে আশংকা ব্যক্ত কৰে।
লগতে পঢ়কঃ বানপীড়িত অঞ্চলত ধান খেতিৰ বিকল্পৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ