1. News

সৰু থলুৱা মাছৰ কৃত্ৰিম প্ৰজনন আৰু উৎপাদন সন্দৰ্ভত সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
সৰু থলুৱা প্ৰজাতি মাছৰ কৃত্ৰিম প্ৰজনন আৰু উৎপাদন সন্দৰ্ভত এদিনীয়া সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণ
সৰু থলুৱা প্ৰজাতি মাছৰ কৃত্ৰিম প্ৰজনন আৰু উৎপাদন সন্দৰ্ভত এদিনীয়া সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণ

৬ জুলাইত খানাপাৰাৰ ভাৰতীয় বেংক ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিশ্বৰ অগ্ৰণী মীন গবেষণা তথা পৰামৰ্শ সংস্থা ৱৰ্ল্ডফিছৰ সৌজন্যত আৰু মীন বিভাগৰ সহযোগত ৰাজ্যিক ভিত্তিত " থলুৱা প্ৰজাতি সৰু মাছৰ প্ৰজনন আৰু উৎপাদন" ৰ ওপৰত এদিনীয়াকৈ সক্ষমতা বৃদ্ধিৰ এক শীৰ্ষক কৰ্মশালা আয়োজিত কৰা হয়।

উক্ত কৰ্মশালাত থলুৱা প্ৰজাতিৰ সৰু মাছ যেনে মোৱা, পুঠি আৰু লাচিম ভাঙনৰ বৈজ্ঞানিক ভাৱে কৃত্ৰিম প্ৰজনন জৰিয়তে পোনা উৎপাদন আৰু ব্যৱসায়ৰ ওপৰত বিষ্টিত ভাৱে প্ৰশিক্ষণ আগবঢ়ায়। উক্ত কর্মশালাত মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দ্বয় ডঃ পবিত্ৰ কুমাৰ চহৰীয়া, কৌষ্টভ ভাগৱতী আৰু ৱৰ্ল্ডফিছ্ ৰ কাৰিকৰী সমন্বয়ক কল্পজিত গগৈয়ে প্রশিক্ষণ প্ৰদান কৰে৷

লগতে পঢ়ক- 

Lumpy Disease : সাৱধান ! ৰাজ্যত মহামাৰী ৰূপ লৈছে লাম্পিয়ে

ৱৰ্ল্ডফিছৰ কাৰিকৰী সমন্বয়ক কল্পজিত গগৈয়ে আতঁধৰা কাৰিকৰী প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দণ্ডধৰ শৰ্মা, মীন বিভাগৰ ফিছফেডৰ ব্যৱস্থাপনা সঞ্চালক ডঃ ধ্ৰুৱজ্যোতি শৰ্মা, অসম গ্রাম্য আন্তঃগার্থনি আৰু কৃষি সেৱা সমবায়ৰ মীন সমন্বয়ক ডঃ সঞ্জয় শর্মা সমল ব্যক্তি হিচাবে উপস্থিত থাকে।

ইয়াৰ উপৰিও ৱৰ্ল্ডফিছৰ প্ৰকল্প সমন্বয়ক ডঃ সৌৰভ কুমাৰ দোবে আৰু বিভিন্ন জিলাৰ মীন বিভাগৰ বিষয়া সকল উক্ত কর্মশালাত উপস্থিত থাকি প্ৰশিক্ষণ শিবিৰ সাফল্য মন্দিত কৰাত সহায় আগবঢ়ায়। এই সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণৰ উপলক্ষে মোৱা মাছৰ কৃত্ৰিম প্ৰজনন সম্পৰ্কে এখনি ব্যৱহাৰিক হাতপুঠিও উন্মোচন কৰা হয়।

লগতে পঢ়ক- 

খানাপাৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আঁচনিসমূহৰ ওপৰত পৰ্যালোচনা সভা

English Summary: Building training on artificial breeding and production of small fish

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.