1. News

খানাপাৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আঁচনিসমূহৰ ওপৰত পৰ্যালোচনা সভা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
খানাপাৰাত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা আঁচনিৰ সন্দৰ্ভত পৰ্যালোচনা সভা
খানাপাৰাত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা আঁচনিৰ সন্দৰ্ভত পৰ্যালোচনা সভা

বুধবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা(RKVY) আৰু কৃষোন্নতি যোজনা (KY) ৰ অধীনস্থ কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনিসমূহৰ ওপৰত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ৷ পৰ্যালোচনা সভাখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকি যুটীয়া সচিব এছ ৰুক্মিণী তথা অতিৰিক্ত সচিব অৰবিন্দ মেচৰামে আঁচনিসমূহৰ ৰূপায়ণৰ দায়িত্বত থকা ৰাজ্যিক ন'ডেল বিষয়াসকলৰ কামৰ খতিয়ান লয়।

লগতে আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলে  অসম চৰকাৰৰ বিষয়াসকলৰ সৈতে প্ৰত্যক্ষ মত-বিনিময়ৰ জৰিয়তে অসমৰ কৃষিখণ্ডত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে৷

লগতে পঢ়ক- 

বজাৰত জুই ছাই দাম শাক-পাছলিৰ, অথচ উচিত মূল্য পোৱা নাই প্ৰকৃত কৃষকে

কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ এই আঁচনিসমূহৰ সম্প্ৰসাৰণ, ৰূপায়ণ আৰু সঠিক নিৰীক্ষণৰ ওপৰত আলোচনাচক্ৰখনত গুৰুত্ব আৰোপ কৰা হয় ৷ যিহেতু ৰাজ্যৰ  কৃষিখণ্ডৰ সামগ্ৰিক বিকাশ তথা কৃষকৰ আয় বৃদ্ধিত এই আঁচনিসমূহ সঠিক ৰূপায়ণে সহায় কৰিব, সেয়েহে আলোচনাচক্ৰত এই আঁচনিসমূহৰ অধীনত উপযুক্ত কৃষি আন্তঃগাঁথনি বিকাশ, উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে পৰ্যাপ্ত বজাৰ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰোত গুৰুত্ব প্ৰদান কৰা হয় ৷

এই আলোচনাচক্ৰত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ডা: আশীষ কুমাৰ ভূটানী, অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক- 

গোলাঘাটৰ শগুণপাৰাত জিকা খেতিত অচিন বেমাৰ, অসহায় কৃষক

English Summary: Review meeting on Central Government sponsored schemes in Khanapara

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.