1. News

MFOI Awards 2023: কৃষি জাগৰণে দেশৰ কৃষকসকলক সন্মান জনাব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Opening MFOI Awards 2023 by Parshottam Rupala
Opening MFOI Awards 2023 by Parshottam Rupala

MFOI Awards  অৰ্থাত মিলিয়নাৰ ফাৰ্মাৰ অফ ইন্দিয়া বঁটা নামেৰে কৃষি জাগৰণে আৰম্ভ কৰিছে দেশৰ ভিতৰতে কৃষি আৰু কৃষকৰ এখন সৰ্ববৃহৎ মঞ্চ। এই মঞ্চৰ পৰা কৃষকসকলে লাভ কৰিব এক সুকীয়া পৰিচয় আৰু সন্মান। দেশৰ অৰ্থনীতিত কৃষিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ইয়াৰ উন্নয়নত কৃষকসকলে সক্ৰিয়ভাৱে অৰিহণা যোগায়।

কিন্তু আমাৰ ঔপনিৱেশিক অতীতে তেওঁলোকক দুৰ্বল আৰু বঞ্চিত বুলি গণ্য কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে। আৰু বৰ্তমানেও সেই ষড়যন্ত্ৰৰ পৰা মুক্ত হ’ব পৰা নাই। কৃষিয়ো যে অন্য বৃত্তিসমূহৰ দৰেই সন্মানীয় আৰু খেতিৰো যে এক গ্লেমাৰ আছে তাক স্পষ্ট কৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

লগতে পঢ়ক- 

Turnip Farming : বৰষুণৰ কমাৰ লগে লগেই কৰিব পাৰিব শালগমৰ খেতি

ইয়াৰেই অংশস্বৰূপে কৃষি জাগৰণ মিডিয়া গ্ৰুপে দেশৰ কৃষকসকলক সন্মান জনোৱাৰ উদ্দেশ্য আয়োজন কৰিছে MFOI Awards 2023। শুকুৰবাৰে নতুন দিল্লীৰ দ্য অশোক হোটেলত ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ মন্ত্ৰী পুৰুষোত্তম ৰূপালা, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী কৈলাশ চৌধাৰীয়ে MFOI Awards 2023 উন্মোচন কৰে।

অনুষ্ঠানটো কৃষি জাগৰণ মিডিয়া গ্ৰপৰ সঞ্চালক শ্বাইনি ডমিনিকে সন্ধিয়াৰ কাৰ্যসূচীৰ আদৰণি ভাষণেৰে কাৰ্যসূচী আৰম্ভ কৰে। অনুষ্ঠানতে কৃষি ভিজনৰ ২৬ বছৰীয়া যাত্ৰাৰ ভিডিঅ’ দৰ্শকৰ সন্মুখত প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে মুখ্য অতিথিসকলে এম এফ অ’ আইৰ ট্ৰফী উন্মোচন কৰে।

লগতে পঢ়ক- 

সৰু থলুৱা মাছৰ কৃত্ৰিম প্ৰজনন আৰু উৎপাদন সন্দৰ্ভত সক্ষমতা বৃদ্ধিৰ প্ৰশিক্ষণ

English Summary: Opening MFOI Awards 2023 by Parshottam Rupala

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.