1. News

'পুৱাৰ জলপান খোৱাৰ আগত এটা বা দুটা সৰু তিতাকেৰেলা খাওঁ'- ৰঞ্জিত দাস

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মন্ত্ৰী ৰঞ্জিত দাসৰ  ঘৰৰ বাৰীতে হোৱা শাক-পাচলি
মন্ত্ৰী ৰঞ্জিত দাসৰ ঘৰৰ বাৰীতে হোৱা শাক-পাচলি

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এখন শাকনিবাৰী আছে। ঘৰতে খাব পৰাকৈ ঋতুকালীন শস্যসমূহৰ খেতি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইতিমধ্যে তেওঁৰ শাকনিবাৰীখনত লাই-মূলা চিঙিব পৰা হ’ল আৰু খাইছেও।

বিগত দুই এদিনত তেওঁৰ বাৰীখনত লাই-মূলা চিঙাৰ কেইবাখনো ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। শুকুৰবাৰেও তেওঁ নিজবাৰীৰ পৰা চিঙা কেৰেলাৰ কেইবাখনো ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এই সন্দৰ্ভত তেওঁ ফেচবুকত লিখিছে- প্ৰাতঃভ্ৰমণ কৰি অহাৰ পিছত আজি ঘৰতে হোৱা তিতাকেৰেলা কেইটামান চিঙি আনিছোঁ ৷ মই পুৱা এগিলাচ কুহুমীয়া পানীৰ সৈতে অলপ নেমুৰ ৰস মিলাই খাওঁ আৰু পুৱাৰ জলপান খোৱাৰ আগত এটা বা দুটা সৰু তিতাকেৰেলা খাওঁ ৷  জানিব পৰা মতে, তিতাকেৰেলাৰ বহুকেইটা উপকাৰী গুণ আছে ৷ সেয়েহে, ঘৰতে তিতাকেৰেলাৰ খেতি কৰি দৈনিক খোৱাৰ ব্যৱস্থা কৰিছোঁ ৷’

উল্লেখ্য যে কেৰেলা, লাই মূলাৰ খেতি বৰ্তমানেও অসমৰ খেতিয়কে কৰা নাই। এই শীতকালীন খেতিসমূহৰ বাবে যো-জা চলাইছে। তেনেসময়তে মন্ত্ৰী ৰঞ্জিত দাসে ঘৰৰ বাৰীতে কৰা এই শীতকালীন শস্যসমূহ খাব পৰা হ’ল, চিঙিব পৰা হ’ল ।

লগতে  পঢ়ক- জালুক খেতিৰে ৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন

'

English Summary: Bitter Gourd Cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.