1. News

জালুক খেতিৰে ৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন  কৰা বিষ্ণু খড়েল
৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন কৰা বিষ্ণু খড়েল

অসমত স্বাৱলম্বণৰ এনে কিছুমান সুলভ ক্ষেত্ৰ আছে যিবোৰ সাধাৰণতে অন্য ৰাজ্যত দুৰ্লভ। কিন্তু আমাৰ দৃষ্টিয়ে এইক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ অসমৰ্থ হওঁ। যাৰবাবে বহু সময়ত আমি হাতৰটো এৰি বাটৰটো ধৰিবলৈ খপজপ কৰোঁ। কথাটো হাততে সোণ থাকি নিচিনা দৰে হয়।

কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল ডিমাকুছিৰ ভাৰত-ভূটান সীমান্তৰ ছেখাৰ মৌজাৰ অন্তৰ্গত ৩নং শুক্লাইৰ বিষ্ণু খড়েল। যুৱ অৱস্থাতেই চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰি সৰ্বশ্ৰান্ত হোৱাৰ পৰিৱৰ্তে নিজ পৈতৃক ভূমিত বিভিন্ন প্ৰকাৰৰ খেতি কৰাৰ পৰিকল্পনা লৈছিল বিষ্ণু খড়েলে। আৰু সেই পৰিকল্পনাৰ আজি সুফল লাভ কৰি আছে বিষ্ণু খড়েলে।

বৰ্তমান তেওঁৰ বয়স ৫৯ বছৰ। শোহতীয়াকৈ তেওঁ নিজৰ বাৰীৰ ৩০০ জোপাতকৈয়ো অধিক তামোল গছত জালুকৰ লগাইছিল। এই ৩০০ জোপা জালুকৰ পৰা এতিয়া বছৰি দুই লাখ টকা ইনকাম কৰে বিষ্ণু খড়েলে।

৫৯ বছৰীয়া এজন লোকে ঘৰতে থাকি এনেদৰে বছৰি দুই লক্ষাধিক টকা উপাৰ্জন কৰাটো সাধাৰণ কথা নহয়। অসমৰ ডেকা-লৰাবোৰে বহিঃৰাজ্যত দিনটোৰ ১২ ঘন্টা কাম কৰিও এবছৰত দুই লাখ টকা ইনকাম কৰিব নোৱাৰে। কিন্তু ঘৰতে এজন ৬০ বছৰীয়া লোকে বছৰি দুইলাখ টকা ইনকাম কৰে।

লগতে পঢ়ক- কাঠফুলাৰ খেতিৰে জীৱল সলনি কৰা এগৰাকী মহিলা

English Summary: Black pepper Cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.