1. News

বনভোজ খাবলৈ যোৱাসকলে মন কৰিব লক্ষ্য জ্যোতি নাথৰ এই কেইটা কথা-

PANKAJ KHANIKAR
PANKAJ KHANIKAR
CLEAN PICNIC PLACE
CLEAN PICNIC PLACE

ডিচেম্বৰৰ আধা মাহ গ'ল, এতিয়া দুমাহ মান অসমত পিকনিক খোৱাৰ বতৰ। বিভিন্ন প্ৰাকৃতিক ঠাই, নদীৰ পাৰ, পথাৰ আদিত সকলো পিকনিক খাবলৈ যাব। যাওক পিকনিক খাবলৈ ভাল কথা। ব্যস্ত জীৱনৰ পৰা আঁতৰি পৰিয়াল, বন্ধু-বান্ধৱৰ লগত এদিন উপভোগ কৰিব লাগে, কৰাৰ প্ৰয়োজন আছে কিন্তু কথা দুটামান কৰিব পাৰে নেকি চাবলৈ লেখাটো লিখিলোঁ।

কাটাৰত অনুষ্ঠিত ফিফা ৱৰ্ল্ড কাপত জাপানৰ অনুৰাগী সকলে খেল শেষ হোৱাৰ পাছত ষ্টেডিয়ামতো কেনেকৈ চাফা কৰি গ'ল ছচিয়েল মিডিয়া, নিউজ চেনেলৰ যোগে নিশ্চয় দেখিলে। যাৰ পাছত মৰক্কো দেশৰ অনুৰাগী সকলেও খেল শেষ হোৱাৰ পাছত ষ্টেডিয়াম চাফা কৰিলে। তেওঁলোকৰ এই কাৰ্য্য এতিয়া বিশ্ব বাসীয়ে শলাগিছে।

লগতে পঢ়ক- 

GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

আমিও জানি-অজানিতে দিনটোত বিভিন্ন ৰাজহুৱা-ব্যক্তিগত ঠাই লেতেৰা কৰি ফুৰো, ডাষ্টবিনৰ ব্যৱহাৰ খুব কম লোকেই কৰে। খেল পথাৰ চাফা কৰি ধূপ-ধূনা জ্বলাই বিহু ফাংচন, ৰাস, ভাওনা, থিয়েটাৰ খুব উৎসাহৰে পাতো কিন্তু সেই সেইবোৰ শেষ হোৱাৰ পাছত সেই ঠাইডোখৰ প্লাষ্টিক, কাগজ, বটলৰে সমানে লেতেৰা কৰি গুচি আহোঁ। সেইদৰে এতিয়া আমি নদীৰ পাৰ, প্ৰাকৃতিক ঠাইবোৰত খুব ফুৰ্তিত পিকনিক খাবলৈ যাম কিন্তু পিকনিক খাই তাতে চিপছৰ পেকেট, অন্যান্য প্লাষ্টিক, বটল, এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া পাত-গিলাচ আদি পেলাই আহি সেই ঠাইডোখৰ লেতেৰা কৰি আহিম।

এইবাৰ এজন শিক্ষিত, সচেতন ব্যক্তি হিচাপে কামটো নকৰো বুলি প্ৰতিজ্ঞা কৰিব পাৰিব নে? নিজেও নকৰো এনে কাম আৰু যিটো গ্ৰুপত যাম তেওঁলোককো কৰিব নিদিওঁ বুলি প্ৰতিজ্ঞা কৰিব পাৰিব নে? আৱৰ্জনা ভৰাবলৈ গেছবেগ লৈ যাম, আৱৰ্জনাবোৰ উপযুক্ত স্থানত পেলাম বুলি প্ৰতিজ্ঞা কৰিব পাৰিব নে? নতুন বছৰত এইটো ভাল কাম কৰিমে বুলি প্ৰতিজ্ঞা কৰিব পাৰিব নে? পাৰিব, নিশ্চয় পাৰিব! এইটো কোনো টান কাম নহয়। ঘৰখনতো ইমান লেতেৰা কৰি নাৰাখে, কিয় নাৰাখে বাৰু? কাৰণ ঘৰখন নিজৰ বুলি ভাবে যে! সেইদৰে এই পৃথিৱীখন, নদীখন, প্ৰকৃতিক নিজৰ বুলি ভাবিবচোন লেতেৰা কৰিবলৈ নিজে মন নাযাব।

বি:দ্ৰ ঃ লেখাটো লক্ষ্য জ্যোতি নাথৰ ফেচবুক পেজৰ পৰা সংগ্ৰহ কৰা হৈছে।

লগতে পঢ়ক- 

বেমাৰ আজাৰ পৰা আপোনাৰ ফাৰ্মখনক কেনেদৰে সুৰক্ষা দিব!

English Summary: PLZ CLEAN PICNIC PLACE

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.