1. News

Mulching Paper : মালচিং পেপাৰ কি ! কৃষকসকলে কৃষি পথাৰত কিয় ব্যৱহাৰ কৰে মালচিং!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মালচিং ব্যৱহাৰ কৰি কৰিমগঞ্জত ৰৱিশস্যৰ খেতি
মালচিং ব্যৱহাৰ কৰি কৰিমগঞ্জত ৰৱিশস্যৰ খেতি

বাগিচাৰ উদং মাটিক ঢাকি তলৰ মাটিৰ অৱস্থা উন্নত কৰা প্ৰক্ৰিয়াক মালচিং বোলে। আৰু যিসামগ্ৰীৰে এনেদৰে কৰা হয় তাক মালচিং পেপাৰ বোলে। কৃষসকলে শস্য জোপাক সূৰ্যৰ অধিক তাপৰ ৰক্ষা কৰিবলৈ, অপতৃণ শস্যজোপাক নষ্ট নকৰিবলৈ লগতে বাষ্পীভৱন ৰোধ কৰি আৰু মাটি শীতল কৰি ৰাখিবলৈ সাধাৰণতে কৃষকসকলে শস্যৰ পথাৰত মালচিং পেপাৰ ব্যৱহাৰ কৰে। বিশেষকৈ মালচিং পেপাৰে গ্ৰীষ্মকালত মাটি ঠাণ্ডা আৰু শীতকালত গৰম কৰি ৰাখিব লাগে।মাল্চৰ ভাল তৰপে গ্ৰীষ্মকালীন ৰ’দে কোমল সেউজীয়া গছ মৰহি যোৱাত আৰু শীতকালৰ ঠাণ্ডাই কোমল শিপা আৰু বৃদ্ধিৰ টিপবোৰ মাৰি পেলোৱাত বাধা দিয়ে।

লগতে পঢ়ক- 

GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

কৃষকসকলে শস্যডৰাত মালচিং পেপাৰ ব্যৱহাৰ কৰাৰ কাৰণবোৰ তলত উল্লেখ কৰা হ’ল-

১) মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ

মালচিঙে মাটি শুকাই যোৱাত বাধা দিয়ে  কাৰণ ৰ’দৰ তাপে মাটিত থকা পানীখিনি শুকুৱাই নিব নোৱৰাকৈ ঢাকি ৰাখে।

২) মাটিৰ উষ্ণতা নিয়ন্ত্ৰণ

মাটিৰ উষ্ণতাত বৰ্তাই ৰখাত মালচিং পেপাৰ ভূমিকা অশেষ। বহুসময় প্ৰখৰ সূৰ্যৰ তাপত মাটি গৰম হৈ যায়। বিশেষকৈ গৰম দিনবোৰত আনফালে শীতৰ দিনবোৰত আকৌ শীতৰ পৰা মাটিখিনিক উমাল কৰি ৰাখে মাটিখিনিক।

৩) অপতৃণৰ বৃদ্ধি দমন কৰা

কোৱা বাহুল্য যে সকলো গছ-গছনিকে নিজকে জীয়াই ৰাখিবলৈ পোহৰৰ প্ৰয়োজন হয়। গতিকে মালচিং পেপাৰ পাৰি দিয়া মাটিখিনিত পোহৰ আৰু তাপ দুয়োটাই নাপায়। গতিকে মালচিং পেপাৰে অপতৃণ গজাত বাধা দিয়ে।

৪) মাটিৰ খহনীয়া প্ৰতিৰোধ কৰা

তীব্ৰ বৰষুণ আৰু বতাহে শস্যজোপাৰ আশে-পাশে বা ঢাপ বনাই কৰা কৰা শস্যৰ গুৰিৰ পৰা মাটিবোৰ আঁতৰাই পেলায়। মালচিং পেপাৰ ব্যৱহাৰ কৰিলে এই সমস্যাবোৰৰ পৰা কৃষকগৰাকীক সুৰক্ষা দিয়ে।

৫) কীট-পতংগ আৰু ৰোগ নিয়ন্ত্ৰণ

এইবোৰৰ উপৰি বহুতো কীট-পতংগ আৰু ৰোগৰ শস্যজোপাক সুৰক্ষা দিয়ে মালচিং পেপাৰে।

লগতে পঢ়ক- 

মালচিং ব্যৱহাৰ কৰি কৰিমগঞ্জত ৰৱিশস্যৰ খেতি

English Summary: What is Mulching Paper! Why Use This!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.