1. News

GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
GI Tag প্ৰাপ্ত কেইবিধমান অসমৰ কৃষিজাত সামগ্ৰী
GI Tag প্ৰাপ্ত কেইবিধমান অসমৰ কৃষিজাত সামগ্ৰী

GI Tag হৈছে এক আন্তঃৰাষ্ট্ৰীয় মান্যতা। এই মান্যতো কোনো অঞ্চলৰ আঞ্চলিক সামগ্ৰীক প্ৰদান কৰা হয় যাৰ খ্যাতি দেশ তথা বিশ্বত বিয়পি পৰে। এনে বিশ্ব ব্যাপি সমাদৰ লাভ কৰা সামগ্ৰীবোৰক GI Tag  অৰ্থাৎ Geographical Indications প্ৰদান কৰা হয়। এক কথাত GI Tag প্ৰাপ্ত সামগ্ৰীবিধ সকলো দেশৰ সকলো লোকৰ বাবে গ্ৰহণযোগ্যতা লাভ কৰে।

অসম এখন কৃষিপ্ৰধান ৰাজ্য। অসমৰ সাৰুৱা ভূমিত বিবিধ সামগ্ৰীৰ উৎপাদন হয়। এই সামগ্ৰীসমূহৰ কেতবোৰ দেশৰ বিভিন্নপ্ৰান্তৰ লগতে বিদেশলৈয়ো ৰপ্তানি হয়।

আৰু এনে ভিন্নপ্ৰান্তলৈ পঠোৱা অসমৰ এই সামগ্ৰীয়ে বোৰে সকলোশ্ৰেণীৰ লোকৰ মাজত সমাদৰ লাভ কৰিছে। আৰু সকলোৰে মাজত গ্ৰহণযোগ্যতা লাভ কৰে। অসমৰ চহা কৃষকে উৎপাদন কৰা এনে বহু সামগ্ৰী আছে যিবোৰে আন্তঃৰাষ্ট্ৰীয় বজাৰতো সনাদৰ লাভ কৰিছে। এনেদৰে দেশ, জাতি নিৰ্বিশেষে সকলোৰে সমাদৰ লাভ কৰা কৃষিজাত সামগ্ৰীসমূহক সন্মানস্বৰূপে প্ৰদান কৰা হয় GI Tag। এই GI Tagৰ সন্মান অসমৰো বহু সামগ্ৰীয়ে লাভ কৰিছে। অসমৰ কাজী নেমু, অনাৰস, কঁঠাল, তেজপুৰৰ লিচুয়ে লাভ কৰিছে আন্তৰ্জাতিক মান্যতা ।

ইয়াৰ উপৰিও ডাঙৰ ইলাছী (Large Cardamom), আদা, হালধী, চীনা নেমু, Aromatic Joha Rice, Red Rice, Black Rice, Organic Tea, Organic Honey, Organic Silk আদি। এইবোৰৰ ওপৰি অসমৰ খেতিয়কে উৎপাদন কৰা এনে বহু GI Tag পাবলগীয়া কৃষিজাত সামগ্ৰী আছে যিবোৰ আমি এতিয়াও বিশ্বৰ সন্মুখলৈ উলিয়াই দিব পৰা নাই। এইক্ষেত্ৰত অসমৰ বাওধানৰ চাউল বিশেষভাৱে উল্লেখনীয়। 

শেহতীয়াকৈ দীৰ্ঘদিনৰ অন্ততঃ অসমৰ জাতীয় জীৱনৰ অন্যতম প্রতীক স্বৰূপ গামোচাই লাভ কৰিলে জি আই টেগ। ১৩ নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা নিশ্চিত কৰে। টুইটাৰযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, "অসমৰ গৌৰৱ, উজ্জ্বল! আমাৰ ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ যথাযথ স্বীকৃতি গামোছাই জিআই টেগ লাভ কৰিছে, যাৰ ফলত অসমৰ বিশ্বব্যাপী প্ৰতীক হৈ পৰা এই বিশেষ সামগ্ৰীৰ হাজাৰ হাজাৰ শিপিনীৰ জীৱনত আনন্দ কঢ়িয়াই আনিব। ৰাজ্যবাসীলৈ অভিনন্দন।"

লগতে পঢ়ক- 

অৱশেষত অসমৰ গামোচাই লাভ কৰিলে জি আই টেগৰ স্বীকতি

English Summary: what is GI TAG

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.