গৰুৰ গাখীৰ হৈছে গুণাগুণৰ এক ভঁৰাল, এই গাখীৰৰ দ্বাৰা বহুতো ৰোগৰপৰা আৰোগ্য লাভ কৰিব পাৰি। যাৰ ফলত ভাৰতৰ লোকসকলৰ গৰুৰ প্ৰতি অপৰিসীম স্নেহ, শ্ৰদ্ধা আৰু মৰম আছে। আজি আমি গৰুৰ গাখীৰৰ এনে কিছুমান গুণাগুণৰ কথা ক’বলৈ ওলাইছোঁ যি হয়তো আপুনি কেতিয়াও শুনাই নাছিলো। লগতে গৰুৰ গাখীৰক কিয় অমৃতৰ লগত তুলনা কৰা হয় তাৰ কাৰণো এই কথাবোৰে ব্যাখ্যা কৰিব।
গোটেই জীৱন গৰুৰ গাখীৰ খোৱা লোকসকল কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগৰ পৰা ৰক্ষা পৰে। গৰুৰ গাখীৰ নিয়মীয়াকৈ সেৱন কৰিলে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমান বৃদ্ধি হয় যে কোনো ৰোগ গাৰ কাষ চাপিব নোৱাৰে। চৰ্দি, কাহ, হৃদৰোগ, পাকস্থলীৰ ৰোগ, পুৰুষৰ ৰোগ বা মহিলাৰ ৰোগ যিয়েই নহওঁক, সকলো ৰোগ প্ৰতিৰোধৰ ক্ষমতা গাখীৰত আছে।
গৰুৰ গাখীৰত সোণ!
ভাৰতীয় প্ৰজাতিৰ গৰুৰ মেৰুদণ্ডত সূৰ্যকেতু স্পন্দন থাকে থাকে বুলি বিশ্বাস কৰা হয়। সূৰ্যৰ ৰশ্মিয়ে গৰুৰ শৰীৰ স্পৰ্শ কৰিলে সূৰ্যকেতু নাড়িয়ে সূৰ্যৰ ৰশ্মিৰ পৰা সোণ তৈয়াৰ কৰে। সেই কাৰণেই, গৰুৰ গাখীৰ আৰু মাখনৰ বৰণ হালধীয়া হয় বুলি বিশ্বাস কৰা হয়। গৰুৰ গাখীৰত বিষনাশক উপাদান থাকে। গৰুৰ গাখীৰ খালে বিশুদ্ধ সোণ শৰীৰলৈ যায়। গাখীৰত থকা "কেচিন"নামৰ প্ৰ'টিন বাবে ইয়াৰ ৰং বগা হয়। গাখীৰত থকা আটাইতকৈ পুষ্টিকৰ উপাদান হৈছে কেলচিয়াম আৰু ভিটামিন ডি। কেলচিয়ামে আমাৰ হাড় আৰু দাঁত শক্তিশালী কৰে আৰু ভিটামিন ডিয়ে কেলচিয়াম শোষণ কৰাত সহায় কৰে।
গাখীৰ কেনেদৰে খাব লাগে?
গাখীৰ বেছি সময় গৰম কৰিব নালাগে। ক্ষীণ মানুহে সৰ থকা গাখীৰ খাব লাগে আৰু শকত মানুহে সৰ নোহোৱা গাখীৰ খাব লাগে। বিশেষ গুণাগুণৰ বাবে আধা লিটাৰ গৰুৰ গাখীৰত থকা পুষ্টিৰ পৰিমাণ ২৫০ গ্ৰাম মাংস বা তিনিটা কণীতকৈ অধিক। গাখীৰ হৈছে এক সম্পূৰ্ণ খাদ্য। ইয়াত সকলো ধৰণৰ জীৱন ৰক্ষাকাৰী পদাৰ্থ থাকে।
গাখীৰ খোৱাৰ সময়
প্ৰায়ে মানুহে ৰাতি গাখীৰ খায়, কিন্তু গাখীৰ খোৱাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে ৰাতিপুৱা। গাখীৰৰ কেৱল সূৰ্যৰ পোহৰতহে ভালদৰে হজম হয়। ৰাতিৰ সলনি ৰাতিপুৱা গাখীৰ খাবলৈ চেষ্টা কৰক। আৰু যদি আপুনি নিশা গাখীৰ খাবয়ে বিচাৰে, তেন্তে শোৱাৰ কমেও তিনি ঘণ্টাৰ আগতে ইয়াক পান কৰক।
গাখীৰৰ লাভালাভ
সতেজ গাখীৰ মানে হৈছে গৰম নকৰাকৈ মিচিৰি, মৌ আৰু তিয়াই থোৱা খিচমিছ পানীৰ সৈতে মিহলি কৰি একেৰাহে ৪০ দিন সেৱন কৰিলে বীৰ্য বিশুদ্ধ হয়, দৃষ্টিশক্তি আৰু স্মৃতিশক্তি বৃদ্ধি হয়, খজুৱতি, পেশীৰ দুৰ্বলতা, শিশুৰ শুকান ৰোগ, যক্ষ্মা, হিষ্টেৰিয়া আদি নোহোৱা হয়। গাখীৰ শিশুৰ বাবে অতি উপকাৰী।
গাখীৰ অত্যাধিক উতলালে পুষ্টি নাশ হয়
গাখীৰ সদায় সতেজকৈ খাব লাগে। যদি সেয়া সম্ভৱ নহয়, তেন্তে গাখীৰ সামান্য গৰমকৈ খাব লাগে, অত্যাধিক উতলাব নালাগে। অত্যাধিক উতলালে গাখীৰত থকা অত্যাৱশ্যকীয় পুষ্টি ধ্বংস হয়।
চেনী মিহলাই গাখীৰ নাখাব
গাখীৰত চেনী মিহলোৱা উচিত নহয়। চেনী যোগ দিলে গাখীৰত থকা কেলচিয়াম নষ্ট হয়। গাখীৰত প্ৰাকৃতিকভাৱে মিঠা সোৱাদ থাকে। যদি আপুনি কেইদিনমানৰ বাবে চেনী অবিহনে গাখীৰ খায়, আপুনি গাখীৰৰ প্ৰাকৃতিক মিঠা সোৱাদ পোৱা আৰম্ভ কৰিব।
যিসকলে গাখীৰ হজম কৰিব নোৱাৰে
যিসকলে গাখীৰ হজম কৰিব নোৱাৰে, তেওঁলোকে গাখীৰত মৌ মিহলাই খাব লাগে, ই বায়ুৰোগ সৃষ্টি নকৰে। যদি আদাৰ টুকুৰা আৰু কিচমিচ মিলাই খালে সুফল পাব।
কোনবোৰ ৰোগত গাখীৰ খাব নালাগে?
কাহ, হাপানি, ডায়েৰিয়া, আমাশয়ৰ ৰোগ, পেটৰ বিষ আৰু বদহজমত গাখীৰ খাব নালাগে। এই ৰোগবোৰত সতেজ বাটাৰমিল্ক পান কৰিব লাগে। এনে ৰোগ হ’লে ঘিউ খোৱাও উচিত নহয়।
লগতে পঢ়কঃ International Millet year 2023: আন্তৰ্জাতিক মিলেট বৰ্ষ ২০২৩