ৰাজ্যত জলসিঞ্চনৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ পিচতো বাক্সাৰ কৃষকে নদীত বান্ধ দিহে খেতিপথাৰত খেতিকাৰ্য সম্পাদন কৰিবলগীয়া হৈছে ৷ বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ কৃষক ৰাইজে বিগত ১৯৪০ চনৰে পৰা পাগলাদিয়া নদীত প্ৰাকৃতিক উপায়েৰে বান্ধ দি দোঙৰ জড়িয়তে পথাৰলৈ পানী বোৱাই নি কৃষি কাৰ্য কৰি আহিছে৷
বৃহত্তৰ অঞ্চলটোৰ কেবাখনো গাঁওৰ কৃষকক লৈ গঠিত দোঙ বান্ধ সমিতি সমূহে পাল পাতি পাগলাদিয়া নদীৰ বুকুত ভৰ বাৰিষাও বান্ধৰ কাম কৰিবলগীয়া হয়৷ অঞ্চলটোৰ নিকাছী, সূৱণখাটা, চাউলকাড়া, জোপাদং, ভাওনী, ভূটানখুটি, মৈথাবাৰী, বগৰীবাৰীকে ধৰি প্ৰায় ত্ৰিশখনৰো অধিক গাঁওৰ কৃষকসকলে প্ৰতি বছৰে নিজৰ গাঠিৰ ধন খৰচ কৰি কাম কৰি আহিছে৷
গছৰ ডাল, শিল, জাৱৰ আদিৰে বান্ধ নিৰ্মাণ কৰি নদীৰ পানী দোঙ বা নলাৰ জড়িয়তে খেতিপথাৰলৈ বোৱাই আনে ৷ অঞ্চলটোৰ কৃষকসকলে সেই পানী খেতিপথাৰৰ লগতে অন্যান্য কামকাজতো ব্যৱহাৰ কৰি আহিছে৷
অভিযোগ অনুসৰি বিগত সময়চোৱাত কেবাখনো চৰকাৰ আহিল আৰু গ' ল যদিও বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলৰ সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহন নকৰিলে ৷ যাৰবাবে ৰাইজে এনেদৰে নিজৰ শ্ৰমেৰে নদীত বান্ধ বান্ধি খেতি কৰিবলৈ বাধ্য হৈছে।
লগতে পঢ়ক-যোৰহাটৰ মুকুন্দ ৰাজখোৱাৰ 'ৰাজপ্ৰিয়ম নাৰ্ছাৰী' পৰিদৰ্শন অতুল বৰাৰ
Share your comments