
আমাৰ অসমখন এখন কৃষিপ্ৰধান ৰাজ্য। ৰাজ্যৰ অধিকাংশ লোক আজিও কৃষিকাৰ্যৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে। অৱশ্যে সময়ে-সময়ে আমাৰ কৃষকসকলে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ আদিৰ ফলত আহুকালৰ সন্মুখীন হ'বলগীয়া হয়।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে গুৱাহাটীৰ কৃষি ভৱনত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত 'শস্য বীমা সপ্তাহ'ৰ শুভাৰম্ভণি কৰে কৃষিমন্ত্ৰী অতুল বৰাই। ৰাজ্যৰ কৃষকসকলৰ মাজত শস্য বীমা সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সজাগতামূলক ভেনৰ ফ্লেগ্ অফ্ কৰে মন্ত্ৰীগৰাকীয়ে। কালিৰে পৰা আৰম্ভ হোৱা 'শস্য বীমা সপ্তাহ' ৭ ডিচেম্বৰলৈকে চলিব।
লগতে পঢ়ক-
আজি অসম দিৱস, ৰাজ্যজুৰি চাওলুং চুকাফাক সোঁৱৰণ

এই সন্দৰ্ভত কৃষিমন্ত্ৰীগৰাকীয়ে কয়- প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত যাতে গৰিষ্ঠসংখ্যক যোগ্য কৃষকৰ নাম পঞ্জীয়নভুক্ত হয়, সেয়া নিশ্চিত কৰিবলৈ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ কৃষকক সামৰি ল'বলৈ কৃষি বিভাগৰ বিষয়ববীয়াসকলৰ লগতে বীমা কোম্পানীসমূহক আহ্বান জনালোঁ। লগতে গ্ৰামাঞ্চলৰ কৃষকসকলক শস্য বীমাৰ সুবিধা গ্ৰহণ কৰি কৃষক ৰাইজক এইক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনায় কৃষিমন্ত্ৰীগৰাকীয়ে।


'শস্য বীমা সপ্তাহ'ৰ সজাগতামূলক ভেনৰ ফ্লেগ্ অফ্ অনুষ্ঠানটোতে কেইবাগৰাকী কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ধনৰাশিৰ চেক্ আনুষ্ঠানিকভাৱে বিতৰণ কৃষিমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, যোৱা ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত অসমৰ ৪,৯৭,২৯১ জন কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত মুঠ ২৯৩.১২ কোটি টকা আগবঢ়োৱা হৈছে।
লগতে পঢ়ক-
Share your comments