1. News

আজি অসম দিৱস, ৰাজ্যজুৰি চাওলুং চুকাফাক সোঁৱৰণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Assam Diwas
Assam Diwas

উলহ-মালহেৰে আজি ৰাজ্যজুৰি আয়োজন অসম দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনৰ নেতৃত্বত আয়োজন কৰা হৈছে অসম দিৱস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত অসমৰ বৰভেঁটি গঢ়োতা চাওলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধা জনায়।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে-’’বৰ অসমৰ ভেটি গঢ়াত এক অনন্য ভূমিকা গ্ৰহণ কৰা স্বৰ্গদেউ চাওলুং-ছ্যু-কা-ফাৰ বৃহত্তৰ অসমীয়া জাতি গঠনত অৰিহণা আছিল অবিস্মৰণীয়। মহান স্বৰ্গদেউগৰাকীৰ অৱদান প্ৰতিগৰাকী অসমীয়াই আজিও শ্ৰদ্ধাৰে স্মৰণ কৰে। যুগনায়ক প্ৰাত:স্মৰণীয় সত্তা চাওলুং-ছ্যু-কা-ফাক আজি 'অসম দিৱস'ত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত৷’’

লগতে পঢ়ক-

মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে! সৱিশেষ জানিবলৈ এতিয়াই ফোন কৰক

CM Facebook Page
CM Facebook Page

৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম গৰাকী স্বৰ্গদেউ, বৰ অসমৰ ভেঁটি গঢ়োতা চাওলুং চুকাফাৰ বীৰত্ব, বিচক্ষণতা তথা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনায় সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰ দিনটোক ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) দিনটোতে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থৈছিল।

এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে। বীৰত্ব আৰু বীচক্ষণতাৰে ৩৯ বছৰ ৪ মাহ ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্য তথা বৰ অসমৰ পাতনি মেলিছিল চুকাফাই।

লগতে পঢ়ক- 

নাগালেণ্ডবাসীলৈ ৰাজ্যিক দিৱসৰ শুভেচ্ছা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

English Summary: Assam Diwas

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.