1. News

অসমত জৈৱিক কৃষি পদ্ধতিৰ বিপুল সম্ভাৱনা-অতুল বৰা

KJ Staff
KJ Staff
ATUL BORAH
ATUL BORAH

অসমক জৈৱিক খেতিৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিপুল সুযোগ-সম্ভাৱনা নিহিত হৈ আছে। ৰাজ্যখনত জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত চৰকাৰখনে ইতিমধ্যে বহু কাৰ্যসূচী গ্ৰহণ কৰিছে।

বুধবাৰে গুৱাহাটীস্থিত কৃষি সঞ্চালকালয় চৌহদত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখল বিকাশ অভিযান শীৰ্ষক অভিলাষী আঁচনিখনৰ অধীনত এক জৈৱিক খুচুৰা বিপণিৰ আধাৰশিলা স্থাপন কৰি এই দৰে কয় কৃষিমন্ত্ৰী অতুল বৰাই।

অতুল বৰাই লগতে কয় যে কৃষক উৎপাদক অৰ্থাত এফ পি অ’সমূহৰদ্বাৰা উৎপাদিত জৈৱিক সামগ্ৰীবোৰ এই বিপণিত বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অনুষ্ঠানতে মন্ত্ৰী অতুল বৰাই জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত সামৰ্থ্য বিকাশৰ বাবে কৃষকসকলক পৰ্যাপ্ত সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ বিভাগীয় বিষয়াসকলক আহ্বান জনায়।

অনুষ্ঠানত সঞ্চালক অনন্তলাল জ্ঞানী, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, কৃষক উৎপাদক কোম্পানীৰ সদস্যসকল প্ৰমুখ্যে বিভাগীয় বিষয়াসকল আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে।

লগতে পঢ়ক- জৈৱিক আৰু প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰী মোদীৰ

English Summary: ATUL BORAH MEETING WITH FARMERS

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.