1. Government Schemes

কিষাণ ক্ৰেডিট কাৰ্ড কেনেদৰে উলিয়াব আৰু কি কি নথি-পত্ৰ প্ৰয়োজন হ’ব?

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কিষান  ক্ৰেডিট কাৰ্ড
কিষান ক্ৰেডিট কাৰ্ড

কিষাণ ক্ৰেডিট কাৰ্ডৰ লক্ষ্য হ’ল বেঙ্ক ব্যৱস্থাৰ জড়িয়তে কৃষকসকলৰ প্ৰয়োজন আৰু সময় অনুযায়ী শস্য উৎপাদনৰ স্বল্পমিয়াদি ঋণৰ যোগান ধৰা। ই মূখ্যতঃ শস্য উৎপাদনৰ বাবে শস্য উৎপাদনৰ ঋতুত প্ৰয়োজন হোৱা সামগ্ৰী ক্ৰয় কৰাত সহায় কৰে। ক্রেডিট কার্ড প্রকল্প ব্যৱস্থাপনাত শিথিলতা আৰু অধিক ব্যয় সামৰ্থ কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ এই আঁচনি গ্ৰহণ কৰা হৈছে।

কিষাণ ক্রেডিট কার্ড কেনেকৈ পোৱা যায় ?

  • প্ৰথমে নিকটৱর্তী পাবলিক চেক্টৰ বেঙ্কলৈ গৈ কিষাণ ক্ৰেডিট কাৰ্ড সম্বন্ধীয় বিশদ তথ্য সংগ্রহ কৰিব লাগে।

তলত উল্লেখ কৰা বেংকসমূহে কিষাণ ক্ৰেডিত কাৰ্ড দিয়ে

  • এলাহাবাদ বেঙ্ক- কিষাণ ক্রেডিট কার্ড
  • অন্ধ্র বেঙ্ক- এবি কিষাণ গ্রীনকার্ড
  • বেঙ্ক অফ বৰোদা- বিকেচিচি
  • বেঙ্ক অফ ইন্ডিয়া- কিষাণ সমাধান কার্ড
  • কানাড়া বেঙ্ক- কেচিচি
  • কর্পোৰেশ্বন বেঙ্ক- কেচিচি
  • পাঞ্জাৱ নেচনেল বেঙ্ক- কৃষি কার্ড
  • ষ্টেট বেঙ্ক অফ হায়দ্রাবাদ- কেচিচি
  • ষ্টেট বেঙ্ক অফ ইণ্ডিয়া- কেচিচি
  • চিন্ডিকেট বেঙ্ক- এছকেচিচি
  • বিজয়া বেঙ্ক- বিজয়া কিষাণ কার্ড।

কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া

কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে কৰিব পাৰিব।

অনলাইন

  • কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ বাবে আপুনি আবেদন কৰিব বিচৰা বেঙ্কৰ ৱেবছাইটটো চাওক।
  • বিকল্পৰ তালিকাৰ পৰা, কিষাণ ক্ৰেডিট কাৰ্ড বাছনি কৰক।
  • 'Apply' বিকল্পত ক্লিক কৰিলে, ৱেবছাইটটোৱে আপোনাক এপ্লিকেচন পৃষ্ঠালৈ লৈ যাব।
  • প্ৰপত্ৰখন প্ৰয়োজনীয় বিৱৰণেৰে পূৰণ কৰক আৰু ‘Submit’.ত ক্লিক কৰক।
  • এনে কৰাৰ পিছত, এটা এটা নম্বৰ প্ৰেৰণ কৰিব।
  • যদি আপুনি যোগ্য, বেঙ্কে 3-4 কৰ্মদিনৰ ভিতৰত পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে আপোনাৰ ওচৰলৈ ঘূৰি আহিব।

অফলাইন

আপোনাৰ পচন্দৰ বেঙ্কৰ শাখালৈ গৈ বা বেঙ্কৰ ৱেবছাইটৰ পৰা আবেদন প্ৰপত্ৰ ডাউনলোড কৰি অফলাইন এপ্লিকেচন কৰিব পাৰি। আবেদনকাৰীয়ে শাখালৈ আহিব পাৰে আৰু বেঙ্কপ্ৰতিনিধিৰ সহায়ত আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। আনুষ্ঠানিকতা বোৰ সম্পূৰ্ণ হোৱাৰ পিছত, বেঙ্কৰ ঋণ বিষয়াই কৃষকজনৰ বাবে ঋণৰ পৰিমাণত সহায় কৰিব পাৰে।

কিষা ক্ৰেডিট কাৰ্ডখনৰ পৰা আপোনাৰ এইসমূহ লাভালাভ ?

  • ঋণ প্রদান ব্যৱস্থাবিলাকৰ সৰলীকৰণ।
  • অর্থৰ আৰু সামগ্ৰী সংক্ৰান্তীয় দৃঢ়তা দূৰীকৰণ।
  • যিকোনো সময়তে কৃষি সম্বন্ধীয় ঋণ লব পাৰিব লগতে কম সুতত পাব।
  • বীজ, সাৰ ইত্যাদি কৃষকৰ পচন্দ অৰু সুবিধা অনুযায়ী কিনাত সহায় হয়।
  • ঋণ তিনি বছৰৰ বাবে দিয়া হয়
  • শস্য চপোৱাৰ পিছত ঋণ পৰিশোধ কৰা আৰম্ভ হয়।
  • কৃষি ক্ষেত্রত প্রযোজ্য নীতি অনুসৰি সুদৰ হাৰ ঠিক কৰা হয়।
  • কিষাণ ক্রেডিট কার্ডত নাম, ঠিকানা, ভূমিৰ বিৱৰণ, ঋণৰ উচ্চ সীমা আৰু মিয়াদ, পাচপ’র্ট আকাৰৰ ফটো যিটোৱে বীমা প্রকল্পৰ পৰিচয় আৰু দৈনিক আদান প্রদানৰ হিচাপ বহন কৰিব।
  • ঋণ ল’ব বিচৰা গ্রাহকসকলে একাউন্ট ব্যৱহাৰ কৰাৰ সময়ত এই কার্ড আৰু পাচবুক বেঙ্কত দেখুৱাব লাগিব।

লগতে পঢ়ক- Kisan Credit Card বনাবলৈ মাত্ৰ ৩ খন নথিপত্ৰৰ প্ৰয়োজন!

English Summary: Know All About Kisan Credit Card

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.