1. News

গোলাঘাট জিলাৰ প্ৰগতিশীল কৃষকৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ অতুল বৰাৰ

KJ Staff
KJ Staff
বোকাখাট মহকুমাধিপতি কাৰ্যালয়ত অতুল বৰা
বোকাখাট মহকুমাধিপতি কাৰ্যালয়ত অতুল বৰা

গৃহজিলাত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা। শুকুৰবাৰে বোকাখাত মহকুমাত ৰূপায়ণ হৈ থকা চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতি বুজ ল’বলৈ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মহকুমাধিপতি কাৰ্যালয়ত এক বৈঠকত অংশ লয় কৃষিমন্ত্ৰীগৰাকী। বৈঠকত কৃষি বিভাগৰ বিষয়াসকলক পিএম-কিষাণ আঁচনিখনৰ সফল কাৰ্যকৰীকৰণৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰে।

লগতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কৃষকসকলৰ আধাৰ প্ৰমাণীকৰণ, e-KYC আৰু ভূমিলেখ্য উন্নীতকৰণৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান দিয়ে। লগতে কোনো যোগ্য কৃষক যাতে এই আঁচনিৰ সুবিধা লাভৰপৰা বঞ্চিত হ'বলগীয়া নহয়, সেয়া নিশ্চিত কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে।

বৈঠকতে গোলাঘাট জিলাৰ প্ৰগতিশীল কৃষকসকলৰ এখন তালিকা প্ৰস্তুত কৰাৰ লগতে কৃষি বিভাগৰ তৰফৰপৰা তেওঁলোকক কৰা সহায়-সহযোগিতাৰ তথ্য প্ৰস্তুত কৰিবলৈও বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। বৈঠকত প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি, ধান ক্ৰয় তথা পশুপালন আৰু পশু চিকিৎসা, লোকনিৰ্মাণ, শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য আৰু কাৰিকৰী, বিদ্যুৎ, জলসম্পদ, জলসিঞ্চন আদি বিভাগৰ অধীনত চলিত কামৰ অগ্ৰগতিৰ সবিশেষ খতিয়ান লয়।

বৈঠকত মহকুমাধিপতি ডাঃ নেহা যাদৱ, পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা বিভিন্ন বিভাগৰ জিলা আৰু মহকুমা পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- পীযুষ হাজৰিকাৰ নিৰ্দেশত ডিমৌত অভিযন্ত্ৰাসহ ৬ জনক নিলম্বণ

English Summary: ATUL BORAH GOLAGHAT VISIT

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.