1. News

পথাৰত পোৱা চেঁচোৰৰো আছে ঔষধী গুণ

Mrigakshi Phukan
Mrigakshi Phukan
চেঁচোৰ এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Eleocharis dulcis
চেঁচোৰ এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Eleocharis dulcis

অসমৰ খেতি পথাৰৰ চিনাকি নাম চেঁচোৰ। চেঁচোৰৰ সৈতে জড়িত হৈ আছে কৃষক সমাজৰ আবেগ। শৈশৱৰ স্মৃতি ৰোমন্থনত প্ৰায়ে সকলোৱে চেঁচোৰ খন্দাৰ কথা উল্লেখ কৰা দেখা যায়। পিছে খেতিপথাৰৰ পৰা মানুহৰ দূৰত্ব যিমানেই বাঢ়িছে সিমানেই এই উদ্ভিদবিধ হেৰাই যাবলৈ ধৰিছে।

আজিকালি ল’ৰা-ছোৱালীয়ে চেঁচোৰ চিনি নাপায়। নগৰ অঞ্চলত খেতিৰ সৈতে জড়িত নথকা বহু লোকেই এইবিধ উদ্ভিদৰ সৈতে পৰিচিত নহয়। চেঁচোৰ কি আৰু ই কি প্ৰজাতিৰ উদ্ভিদ জানো আহক।

চেঁচোৰ এবিধ জলজ উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Eleocharis dulcis। এই উদ্ভিদ Poales বৰ্গৰ অন্তৰ্ভুক্ত। ই ধাননি পথাৰ বা তেনে কোনো দ চানেকীয়া ঠাইত দেখা পোৱা এবিধ বন৷ ইয়াৰ শিপাত ওলোৱা আলুৰ নাম অনুসৰিয়ে বনবিধকো চেঁচোৰ বুলি কোৱা হয়।

চেঁচোৰৰ পাতবোৰ পিঁয়াজৰ পাতৰ দৰে চুঙাৰ নিচিনাকৈ দীঘলীয়া হয়৷ চুঙা সদৃশ পাতবোৰৰ ভিতৰখন ফোঁপোলা হয় আৰু ইয়াৰ উপৰিভাগে সেউজীয়া বৰণ লয়৷ চেঁচোৰ বনৰ গুৰিত চুলি সদৃশ শিপাই গজে৷ শিপাৰ আগভাগত বুটমাহৰ দৰে গোটা আকাৰৰ আলু ধৰে৷ এই আলুকে চেঁচোৰ বুলি কোৱা হয়৷ এই চেঁচোৰৰ সোৱাদ বাদামৰ দৰে৷ চেঁচোৰ বন ভাৰতৰ প্ৰায় সকলো ঠাইতে বহুলভাৱে বিস্তৃত হৈ আছে৷ এই বন সাগৰ পৃষ্ঠৰ পৰা ৭০০ মিটাৰ উচ্চতা পৰ্যন্ত দেখা পোৱা যায়৷ চেঁচোৰৰ বহুতো ঔষধি গুণ থকাৰ তথ্য পোৱা যায়৷ এই বনৰ আলু বহুমূত্ৰ, বদহজমী, বৃক্কৰ ৰোগকে ধৰি অন্যান্য ৰোগৰ উপসমৰ বাবে ব্যৱহাৰ কৰা হয়৷

লগতে পঢ়কঃ উশাহ লওঁতে কষ্ট? হ’ব পাৰে এই ৰোগৰ লক্ষণ

English Summary: Assam water chestnut

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.