1. News

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জৈৱিক চাহ বিদেশত চিনাকি কৰি দিব পেৰিছ নিবাসী অৰূপ ঘোষে

KJ Staff
KJ Staff

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে হাতেৰে তৈয়াৰী কৰা জৈৱিক চাহৰ বাবে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা চমুকৈ চিছটাই লৈছে বিশেষ পদক্ষেপ। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা জৈৱিক চাহ ৰপ্তানি হ’ব বিদেশলৈ। ফ্রান্স নিবাসী ভাৰতীয় উদ্যোগী অৰূপ ঘোষে পেৰিচৰ চাহ কোম্পানী ‘ CHAI PARTNERS ' ৰ সৈতে বিশ্বৰ বিভিন্ন প্রান্তত বিশেষ গুণগত মানসম্পন্ন চাহৰ অন্বেষণ কৰি আহিছে।

অলপতে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ প্ৰচেষ্টাত অৰূপ ঘোষে অসম ভ্ৰমণ কৰে ।  ঘোষে তেওঁৰ দুদিনীয়া অসম ভ্ৰমণত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতি আৰু টী বৰ্ড ইণ্ডিয়াৰ যোৰহাট আঞ্চলিক কাৰ্যালয়ৰ সহযোগ ছালেসংখ্যক হাতেৰে চাহ বনোৱা জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কৰ সৈতে টী ব'ৰ্ড যোৰহাট কাৰ্যালয়ত আলোচনাত মিলিত হয় । লগতে কিছুসংখ্যক জৈবিক ক্ষুদ্ৰ চাহ খেতিয়কৰ কলঘৰ পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে অসমৰ বহু ক্ষুদ্র চাহ খেতিয়কে হলুৱা পদ্ধতিৰে গুণগত মানসম্পন্ন জৈৱিক চাহ উৎপাদন কৰি আহিছে যদিও আজিও এখন উচিত বজাৰ পোৱা নাই । কিন্তু বিদেশত থলুৱা পদ্ধতিৰে তথা হাতেৰে তৈয়াৰী জৈৱিক চাহৰ চাহিদালৈ লক্ষ্য কৰি চিছটাই অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জৈৱিক চাহ বিদেশত চিনাকি কৰি দিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । চিছটাৰ সম্পাদক অচ্যুৎ প্রসাদ গগৈয়ে এই সন্দৰ্ভত কয় যে ফ্ৰান্সৰ উদ্যোগপতিগৰাকীয়ে অসমৰ জৈৱিক ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা বিভিন্ন চাহ সেৱন কৰি অভিভূত হৈ পৰে আৰু এই চাহে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম বুলিও মত ব্যক্ত কৰে ।

Assam organic Tea
Assam organic Tea

ফ্রান্সৰ উদ্যোগপতিগৰাকীয়ে বিশ্বৰ বিশাল চাহৰ বজাৰখন বিশেষকৈ ইউৰোপিয়ান মার্কেটলৈ এই চাহ পোনপটীয়াকৈ চাহ ৰসিকসকলৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিব যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য লাভ কৰে আৰু বিশ্বৰ চাহ ৰসিক সকলেও গুণগত মানসম্পন্ন প্রকৃত সতেজ চাহ কাপ সেৱা কৰিব পাৰে।

লগতে পঢ়ক- নাৰ্জী ফুলৰ খেতি: অসমৰ এক লাভজনক কৃষি ব্যৱসায়

English Summary: ASSAM TEA WILL SOON GOES TO PERIS

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.