1. News

অসম কৃষি বিশ্ববিদ্যালয়ে আঁজুৰি আনিলে ভাৰতীয় কৃষি অর্থনীতি সংস্থাৰ কেইবাটাও বঁটা

KJ Staff
KJ Staff

ৰাজ্যৰ কৃষি খণ্ডলৈ ভাল খবৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অর্থনীতিৰ গৱেষক বিজ্ঞানীক ভাৰতীয় কৃষি অর্থনীতি সংস্থাই প্ৰদান কৰিছে বিশেষ সন্মান। কৃষি অর্থনীতিৰ শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে বিশিষ্ট কৃষি অর্থনীতিবিদ তথা অসম কৃষি বিশ্ববিদ্যালয় চীফ লাইব্ৰেৰীয়ান ড: চন্দন হাজৰিকাক ২০২২ বৰ্ষৰ সন্মানীয় ফেল সন্মান প্ৰদান কৰিছে কৃষি অর্থনীতিৰ গৱেষক বিজ্ঞানীক ভাৰতীয় কৃষি অর্থনীতি সংস্থাই ।

মণিপুৰৰ ইম্ফলত ১১ আৰু ১২ নবেম্বৰত অনুষ্ঠিত ভাৰতীয় কৃষি অর্থনীতি সংস্থাৰ ৮২ সংখ্যক অধিবেশনত কেন্দ্রীয় জলশক্তি মন্ত্রী গজেন্দ্র সিং শেখাৱতে ড: হাজৰিকাক এই সন্মান প্ৰদান কৰে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে ড: হাজৰিকাই লাভ কৰিছে এই সন্মান । আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অর্থনীতি বিভাগৰ মুৰব্বী ড: নিবেদিতা ডেকা আৰু সহকাৰী অধ্যাপিকা ড: উদেষ্ণা তালুকদাৰৰ ” ফ্লাড মেনেজমেন্ট স্ট্রেটেজিচ এণ্ড ইকনমিক্স অৱ ষ্ট্ৰেচ টলাৰেণ্ট ৰাইচ ভেৰাইটিছ ইন আচাম” শীর্ষক গৱেষণা পত্ৰখন শ্রেষ্ঠ গৱেষণা পত্ৰ হিচাপে বিবেচিত হয়।

লগতে পঢ়ক- 

উদঙীয়া গৰুৰ যমকাল Bio Liquid Spray Herboliv+

বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষার্থী নিহাৰিকা বৰবৰুৱা আৰু দীপজ্যোতি ভৰালীয়ে শ্রেষ্ঠ গৱেষণা পত্ৰ পৰিবেশক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে ১৯৩৭ চনতে ভাৰতৰ কৃষি অর্থনীতিৰ বিকাশৰ বাবে গঠিত ভাৰতীয় কৃষি অর্থনীতি সংস্থাই ইয়াৰ বাৰ্ষিক অধিবেশনত সৰ্বভাৰতীয় পৰ্যায়ত এই সন্মান আৰু পুৰস্কাৰ সমুহ প্ৰদান কৰি আহিছে । ইম্ফলৰ এই অধিৱেশনৰ সন্মান প্রদান অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচার্য ড: কমল মল্ল বুজৰবৰুৱাৰ লগতে দেশৰ কেইবাজনো খ্যাতিসম্পন্ন কৃষি অর্থনীতিবিদ উপস্থিত থাকে ।

লগতে পঢ়ক- 

দ্বিতীয়বাৰৰ বাবে আৰৱিয়ান দেশলৈ মাজুলীৰ ২০ কুইন্টল ৰঙা বাওধানৰ চাউল

English Summary: AAU has won awards from the Indian Institute of Agricultural Economics (IAEA).

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.