1. News

খেতিৰ মাটি ছন পেলাই নৰখাৰ আহ্বান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
যন্ত্রচালিত কম্বাইন হাৰেষ্টিং বাহন উদ্বোধন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
যন্ত্রচালিত কম্বাইন হাৰেষ্টিং বাহন উদ্বোধন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

‘দেশৰ কৃষকসকলৰ উৎপাদন আৰু আয় বৃদ্ধিৰ বাবে কৃষিত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা, কম মাটিত, কম মূলধন আৰু কম সময়ত একেডৰা মাটিত বিজ্ঞানসন্মতভাৱে কেইবাটাও খেতি কৰি কৃষকে অধিক ধন উপার্জন কৰা কৰিব পাৰে।‘- এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। সমষ্টিটোৰ বাণী উন্নয়ন খণ্ডৰ অধীনৰ গড়গৰাৰ ঢুলঢুলী পথাৰত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্রাম উন্নয়ন যোজনাৰ অধীনত স্থানীয় কৃষকক লৈ গঠন কৰা পখিলা ফাৰ্মাৰ প্ৰদুচিয়াৰ কোম্পানীয়ে ৮০ শতাংশ ৰাজসাহায্যত লাভ কৰা ধান কটা আৰু মৰণা মৰা অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্রচালিত কম্বাইন হাৰেষ্টিং বাহন উদ্বোধন কৰি এইদৰে কয় বিধায়কগৰাকীয়ে।

যন্ত্রচালিত কম্বাইন হাৰেষ্টিং বাহন উদ্বোধন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
যন্ত্রচালিত কম্বাইন হাৰেষ্টিং বাহন উদ্বোধন ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

লগতে বিধায়ক কলিতাই উপস্থিত কৃষকসকলক সম্বোধন কৰি কয়,-‘ আপোনালোকে পথাৰত বছৰেকত এটা খেতি কৰি বহি থাকি মাটি এনেয়ে ছন পেলাই নাৰাখিব। তাতকৈ সকলোৱে লগ হৈ সমবায় ভিত্তিত সেই মাটিত বিজ্ঞানসন্মতভাৱে বৈজ্ঞানিক পদ্ধতি প্রয়োগ কৰে কেইবাটাও খেতি কৰক। দেখিব আকাশৰ পৰা টকা উৰি আহি আপোনাৰ হাতত পৰিছে।’ লগতে তেওঁ কয় যে কম্বাইন হার্বেষ্টিং যন্ত্ৰৰ সহায়ত এদিনতে ৫০ বিঘাতকৈ অধিক মাটিৰ ধান কম খৰচ, কম সময়ৰ ভিতৰতে খেতিপথাৰতে কাটি, মৰণা মাৰি ঘৰলৈ নিব পাৰিব। উপস্থিত কৃষকসকলক এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।

লগতে পঢ়ক- 

অসমৰ থলুৱা ফল-মূল আৰু পাচলিৰ সংৰক্ষণ আৰু মূল্য সংযোজন

আনহাতে, কোম্পানীৰ সঞ্চালক ফুলেন চন্দ্ৰ দাসে সঞ্চালনা কৰা সভাত ৰাণী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া বর্ণালী মেধিয়ে কম্বাইন হার্ভেষ্টং যন্ত্ৰৰ উপকাৰিতা, আর্থিক লাভালাভৰ দিশ আদিৰ ওপৰত আলোকপাত কৰে। সভাৰ পিছত কাষৰীয়া গোৱালহাটী পথাৰত কম্বাইন হাৰেষ্টিং বাহনখনৰ সহায়ত ধান কটা কাৰ্যৰ শুভাৰম্ভ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক সুভাষ শর্মা, কামৰূপ জিলা সমিতিৰ সম্পাদক পৰেশ বৰুৱা, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী, দক্ষিণ ভোলাগাঁও আঞ্চলিক সমিতিৰ সভাপতি কন্দৰ্প ৰাভা, কাৰ্যকৰী সভাপতি জয়ন্ত কলিতা, উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ সভানেত্রী মঞ্জু কলিতা, গাঁও প্রধান ক্রমে ধীরেন পাঠক, গুণ ডাকুৱা, অমৰেন্দ্ৰ পাটোৱাৰীকে ধৰি কেইবাজনো বিশিষ্ট লোক আৰু ডেৰ শতাধিক কৃষক উপস্থিত থাকে। সভাৰ আঁত ধৰে কোম্পানীৰ কৰ্মকৰ্তা কনক কলিতাই।

লগতে পঢ়ক- 

কুৰুৱাৰ এন চি কিৰাকাৰা চৰতো আৰম্ভ হোৱাৰ দিশে অন্য এক কৃষি প্রকল্প

 

English Summary: paddy harvesting machine inaugurated in West Guwahati

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.