Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 November, 2022 1:49 PM IST
CM Himanta Biswa Sarma inaugurates Assam millet mission at Khanapara, Guwahati.

আৰম্ভ হ’ল অসম মিলেট মিচন, মাটিৰ মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ আৰু জ্ঞান কেন্দ্ৰৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম মিলেট অভিযানৰ শুভাৰম্ভণি আৰু হিতাধিকাৰীৰ মাজত কৃষি যন্ত্ৰ পাতি বিতৰণ কৰাৰ লগতে ভাৰ্চুৱেল পদ্ধতিৰে ৬টা মাটি পৰীক্ষা আৰু মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ, ২টা জ্ঞান কেন্দ্ৰৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

এই শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন হয় এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন জিলাৰপৰা অহা ১০,০০০ৰো অধিক সংখ্যক কৃষকে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত৷ মাটি পৰীক্ষা আৰু মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ ৬টা ক্ৰমে-বঙাইগাঁও, ওডালগুৰি, মৰিগাওঁ, গোলাঘাট, দৰং,কৰিমগঞ্জ জিলাত অৱস্থিত৷ লগতে জ্ঞান কেন্দ্ৰ ২টাৰ এটা যোৰহাট জিলাৰ তিতাবৰত আৰু আনটো ধেমাজি জিলাত স্থাপন কৰা হৈছে৷

হিতাধিকাৰীৰ মাজত কৃষি যন্ত্ৰ পাতি বিতৰণ কৰাৰ দৃশ্য

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে কৃষিমন্ত্ৰী অতুল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, শ্ৰম আৰু নিয়োগ, চাহ জনগোষ্ঠী উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, দিশপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী ,অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী প্ৰমুখ্যে অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

লগতে পঢ়কঃ অসম মিলেট মিছন কি? অসমৰ কোনকেইখন জিলা সামৰি লোৱা হৈছে এই মিছনৰ অধীনত?

English Summary: Assam Millet Mission Launched by CM Himanta Biswa Sarma
Published on: 17 November 2022, 04:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now