অসম কৃষি বিশ্ববিদ্যালয়ত এতিয়াৰেপৰা বাধ্যতামূলক হ’ব হ্ৰস্বম্যাদী যোগ আৰু ধ্যানৰ পাঠ্যক্ৰম। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনে। তিনি সপ্তাহজোৰা এই বাধ্যতামূলক পাঠ্যক্ৰম এতিয়াৰেপৰা কৃষি শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিব লাগিব। এই কথা সদৰি কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই।হায়দৰাবাদত অনুষ্ঠিত কৃষি বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ সন্মিলনত অংশগ্ৰহণৰ পাছত উপাচাৰ্যগৰাকীয়ে এই কথা সদৰি কৰে।
তদুপৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি)-২০২০ অনুসৰি পূনৰ গঠন কৰা ইউ জিৰ পাঠ্যক্ৰমত দক্ষতা বিকাশৰ কৰ্মসূচীৰ দৰেই অসম কৃষি বিশ্ববিদ্যালয়ে মনোনিৱেশ কৰিবলৈ আগবাঢ়িছে। উল্লেখ্য যে নতুন ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সংলগ্ন বিশ্ববিদ্যালয়সমূহত যোগ প্ৰৱৰ্তনৰ বাবে ইতিমধ্যে কমলেশ ডি পেটেল “দাজি”, হাৰ্টফুলনেছ এডুকেচন ট্ৰাষ্টৰ সৈতে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছে। যোৱা ১ অক্টোবৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হৈ ড° আৰ চি আগৰৱালাই হাৰ্টফুলনেছৰ মুখ্য কাৰ্যালয়ত বিশ্বৰ সৰ্ববৃহৎ মেডিটেচন হল কানহা শান্তিদানমৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে ।
। উপাচাৰ্যসকলৰ সন্মিলনে দেশৰ কৃষি শিক্ষা আৰু গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ অধীনত বিশেষকৈ ৰাজহ সৃষ্টিৰ আৰ্হি, ৬ নং ডিন কমিটিৰ পৰামৰ্শ, প্ৰাকৃতিক কৃষিৰ বাবে নতুন ইউ জি কাৰ্যসূচী, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হি, কৃষি বিশ্ববিদ্যালয়ত নতুন শিক্ষানীতিৰ সম্পূৰ্ণ ৰূপায়ণ, আগন্তুক ২০ বছৰৰ বাবে কৃষি খণ্ডত এইচ আৰ নিযুক্তিৰ খচৰা, কৃষি বিশ্ববিদ্যালয়ৰ বিশ্ব ৰেংকিঙৰ বাবে ব্যৱধান বিশ্লেষণ আদিৰ ওপৰত বিশেষভাৱে আলোচনা কৰে।
ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান (কৃষি) ডাঃ আৰ.চি. আগৰৱালে এই সন্মিলনত বক্তব্যত জৈৱিক কৃষিক অধিক প্ৰকাৰে উৎসাহিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক ফেল’শ্বিপ প্ৰদান, প্ৰাকৃতিক কৃষিৰ সৈতে জড়িত উদ্যোগীকৰণ বিকাশ, বেকআপ আৰু ফৰৱাৰ্ড লিংকেজৰ ব্যৱস্থা কৰাৰ লগতে জৈৱিক কৃষিৰ ওপৰত অধিক জনশক্তি আৰু কৃষকক প্ৰশিক্ষণ দিবলৈ কৃষি বিজ্ঞান কেন্দ্ৰসমূহক এই কামৰ দায়িত্ব অৰ্পণ কৰি ভাৰতৰ বহু স্থানত প্ৰাকৃতিক কৃষিৰ বাবে প্ৰধান শস্যৰ পৰীক্ষা কৰা হ’ব বুলি উল্লেখ কৰে ।কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলক বিত্তীয় আত্মনিৰ্ভৰশীলতাত উপনীত হ’বলৈ ৩০% আভ্যন্তৰীণ ৰাজহ সৃষ্টিৰ লক্ষ্য ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে কেইবাটাও ৰাজহ সৃষ্টিৰ মডেলৰ বিষয়ে আলোচনা কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডেকাই বিশ্ববিদ্যালয়ে ইতিমধ্যে নিজৰ বিভিন্ন সামগ্ৰী আৰু সেৱাসমূহ এ এ ইউ চিলেক্টৰ ব্ৰেণ্ড নামত বজাৰত বিক্ৰী কৰাৰ বাবে নিজৰ প্ৰচেষ্টা সাজু কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তদুপৰি বিশ্ববিদ্যালয়খনে হ্ৰস্বম্যাদী ডিপ্লমা পাঠ্যক্ৰম, কৃষি পৰ্যটন, সামগ্ৰীৰ ব্ৰেণ্ডিং, উৎপাদিত সামগ্ৰী ৰপ্তানি কৰিবলৈ ফেচিলিটেচন কেন্দ্ৰ, উদ্ভাৱন কেন্দ্ৰ আৰু প্ৰমাণীকৰণ সংস্থা হিচাপে কাম কৰিব বুলিও সদৰি কৰে।
লগতে পঢ়কঃ ক’ত কিনিবলৈ পাব জিঅ’ৰ কম দামী লেপটপ?
                    
                    
                    
                    
                                        
                                            
                                            
                        
                        
                        
                        
Share your comments