1. শিক্ষা

IGNOU ই মুকলি কৰিলে ৩ নতুন কৃষি পাঠ্যক্ৰম, যোগ্যতা আৰু অন্যান্য বিৱৰণ জানিবলৈ পঢ়ক

KJ Staff
KJ Staff
IGNOU introduces  Agricultural courses
IGNOU introduces Agricultural courses

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে (IGNOU) ২০২২ বৰ্ষৰ  বাবে ৩ টা নতুন কৃষি সম্পৰ্কীয় পাঠ্যক্ৰম আৰম্ভ কৰিছে । IGNOU ৰ কৃষি বিদ্যালয়ে আৰম্ভ কৰা এই স্নাতকোত্তৰ ডিগ্ৰী কাৰ্যসূচী-পিজি স্তৰ আৰু ডিপ্লোমা (M.Sc in Food Safety & Quality Management, Post Graduate Diploma in Agribusiness & Diploma in Horticulture).

খাদ্য সুৰক্ষা আৰু মানদণ্ড ব্যৱস্থাপনাত স্নাতকোত্তৰ (M.SC FSQM)

খাদ্য সুৰক্ষা আৰু গুণগত মানদণ্ড ব্যৱস্থাপনাত স্নাতকোত্তৰ ( M. Sc. FSQM) ২ বছৰীয়া পাঠ্যক্ৰম হ'ব আৰু কাৰ্যসূচীটো সম্পূৰ্ণ কৰিবলৈ শিক্ষাৰ্থীসকলৰ সৰ্বাধিক ৪ বছৰ সময় থাকিব। 

নিয়ন্ত্ৰক, উদ্যোগ, শৈক্ষিক/গৱেষণা প্ৰতিষ্ঠান, প্ৰমাণিত কৰণ আৰু স্বীকৃতি সংস্থা, খাদ্য বাণিজ্য, খাদ্য পৰীক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা আৰু মানদণ্ড ব্যৱস্থাপনাৰ ক্ষেত্ৰত যোগ্য আৰু সক্ষম মানৱ সম্পদ বিকাশৰ উদ্দেশ্যৰে এই পাঠ্যক্ৰমটো আৰম্ভ কৰা হৈছে ।

খাদ্য সুৰক্ষা আৰু গুণগত মানদণ্ড ব্যৱস্থাপনাত স্নাতকোত্তৰ ত নামভৰ্তি কৰিবলৈ, প্ৰাৰ্থী এজন হ'ব লাগিব-

  • বিজ্ঞান শাখাৰ জৈৱ ৰসায়ন বিজ্ঞান বা অণুজীৱবিজ্ঞান এটা বিষয়ত স্নাতক/স্নাতকোত্তৰ হ’ব লাগিব

  • কৃষি/ খাদ্য বিজ্ঞান/ খাদ্য প্ৰযুক্তি/ শস্য চপোৱাৰ পিছত প্ৰযুক্তি/ অভিযান্ত্ৰিক/ গৃহ বিজ্ঞান/ জীৱন বিজ্ঞান/ অণুজীৱবিজ্ঞান/ জৈৱ প্ৰযুক্তি/ জৈৱ প্ৰযুক্তি/ উদ্যানশস্য/ দুগ্ধ প্ৰযুক্তি/ পশু চিকিৎসা/ মীন পালন/ হোটেল ব্যৱস্থাপনা আৰু কেটাৰিং/ আতিথ্য ব্যৱস্থাপনা আদিৰ দৰে সহযোগী বিজ্ঞানত স্নাতকোত্তৰ ।

  • খাদ্য সুৰক্ষা আৰু গুণগত মানদণ্ড ব্যৱস্থাপনাত পিজি ডিপ্লোমাসহ স্নাতক (lateral entry for 2nd year of M.Sc).

কৃষি ব্যৱসায়ত স্নাতকোত্তৰ ডিপ্লোমা (Post Graduate Diploma in Agribusiness) :

এই কাৰ্যসূচীয়ে কৃষক, মধ্যস্থতাকাৰী আৰু ব্যৱসায়ীসকলৰ লগতে অন্যান্য কৃষি ব্যৱসায়ৰ অংশীদাৰসকলৰ মাজত উদ্যোগবৃদ্ধি কৰিব । ই কৃষি, খাদ্য আৰু সম্পৰ্কিত উদ্যোগসমূহৰ লগতে কৃষি ব্যৱসায় বিশেষজ্ঞসকলৰ ক্ষেত্ৰত পৰিচালনা ক্ষমতা প্ৰদান আৰু উন্নত কৰিব ।

কৃষি ব্যৱসায়ত স্নাতকোত্তৰ ডিপ্লোমাৰ বাবে, আগ্ৰহী প্ৰাৰ্থীসকলে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত সফলতাৰে স্নাতক সম্পূৰ্ণ কৰিব লাগিব ।

উদ্যান শস্যৰ ডিপ্লোমা  (Diploma in Horticulture) :

ডিপ্লোমা ইন হৰ্টিকালচাৰ (Diploma in Horticulture) হৈছে ভাৰত চৰকাৰৰ কৃষি কৃষক কল্যাণ মন্ত্ৰালয়ৰ বিত্তীয় সহায়ত প্ৰস্তুত কৰা এক বছৰীয়া কাৰ্যসূচী । প্ৰাৰ্থীসকলৰ ওচৰত এই পাঠ্যক্ৰমটো সৰ্বাধিক সম্পূৰ্ণ কৰিবলৈ ৩ বছৰ থাকিব । যিসকল প্ৰাৰ্থীয়ে এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে দ্বাদশ শ্ৰেণী সফলতাৰে সম্পূৰ্ণ কৰিব লাগিব।

লগতে পঢ়কঃ ২০২৩ চনৰ ১০ মে’ৰ পূর্বে কাগজবিহীন হৈ পৰিব অসম সচিবালয়।

English Summary: IGNOU introduces three new Agricultural courses

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.