1. News

শীতাকালীন শাক-পাচলিত সাৰ প্ৰয়োগৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
application of fertilizers to winter vegetables
application of fertilizers to winter vegetables

শস্যত কেতিয়াও কেঁচা গোবৰ নিদিব। কেঁচা গোবৰে ৰোগৰ লগতে পোকক আকৰ্ষিত কৰে। গোবৰ সোনকালে পচিবলৈ গাঁতটো ২.৫-৩ ফুটৰ বেছি গভীৰ নকৰিব। কেঁচুসাৰত পচন সাৰতকৈ দুগুণ মাত্ৰাত গছক লগা দ্ৰব্য থাকে আৰু জৈৱিক সাৰে পানী ধাৰণৰ ক্ষমতা বৃদ্ধি কৰে। খেতিত বেছিকৈ পচন সাৰ অথবা কেঁচুসাৰ দিলে মাটিৰ গুণাগুণ ভাল হয়। চুন প্ৰয়োগৰ ক্ষেত্ৰতো মাটিৰ কিমান সেমেকা-বা শুকান সেইটো চাইহে খেতি আৰম্ভ কৰাৰ ২১ দিনৰ পূৰ্বে চূণ দিব লাগে।

লগতে পঢ়ক- বৈজ্ঞানিক ভিত্তিত কাঠফুলাৰ খেতি আৰু মূল্য সংযোজন

ৰাসায়নিক সাৰ ছটিয়াই লগে লগে বীজ অথবা পুলি ৰুব নালাগে। বীজ বা পুলি ৰোৱাৰ ২-৩ দিন আগতে ৰাসায়নিক সাৰ মাটিত প্ৰয়োগ কৰিব। শিপাত নলগাকৈ সাৰ প্ৰয়োগ কৰি ২-৩ দিন পাছত পানী দিব।

  • ইউৰিয়া যিকোনো শস্যত টপড্ৰেছিং কৰাৰ আগতে ২০ কিলো শুকান গোবৰ মিহলাব আৰু ৭২ ঘণ্টা গাপ দি ৰাখি ছটিয়াব।
  • ভঁৰালৰ বেৰত নাঙল, মৈ আদি লগাই নথ’ব নহ’লেএন্দুৰ-নিগনি ধানৰ ভঁৰালত সোমাব।
  • ধান ভঁৰালত থোৱাৰ পাছত ভাং, পচতীয়া, বিহলঙনি আদি ওপৰত দিব।
  • পিঁয়াজ, নহৰুৰ খেতি কৰাৰ আগতে বীজবোৰ পিঁয়াজৰ ক্ষেত্ৰত ১ গ্ৰাম বেভিষ্টিন আৰু নহৰুৰ ক্ষেত্ৰত ২ গ্ৰাম ডাইথেন এম-৪৫ দৰব ৫ লিটাৰ পানীত গুলি নহৰুৰ ফুটাবোৰ ৫ মিনিট ডুবাই ছাঁত শুকুৱাই ৰুলে ৰোগে নধৰিব।

বেঙেনাজাতীয় শস্যৰ গছৰ পাত যাতে পোকে ধৰিব নোৱাৰে তাৰ বাবে মাটিত ঘূৰণীয়া লোৰ খান্দিব আৰু ৰোৱাৰ ২১ দিন পাছত পুলিৰ গুৰিত ৩ গ্ৰাম ফুৰাডন প্ৰয়োগ কৰিব। মালাথিয়নৰ গুড়ি বিঘাত ৩ কিলো হিচাপত প্ৰয়োগ কৰিলে মাটিত থকা পোক-পৰুৱা ধ্বংস হয়। শাক-পাচলিৰ পোক-পৰুৱা ৰোধ কৰিবলৈ মালাথিয়ন ৫০ ই চি ১৫-২০ মিলিলিটাৰ ১০ লিটাৰ পানীত গুলি স্প্ৰে’ কৰিব। ঔষধ প্ৰয়োগ কৰাৰ ৭-১০ দিনলৈ শাক-পাচলি নচপাব।

লগতে পঢ়ক- পিয়াজৰ গুটি নিৰ্বাচনৰ পৰা তলীৰ পৰা উঠোৱালৈকে

English Summary: application of fertilizers to winter vegetables

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.