1. News

আগষ্টৰ পৰা আৰম্ভ হ’ব অমৃত বৃক্ষ আঁচনিৰ কাৰ্যসূচী

KJ Staff
KJ Staff
গছপুলি ৰোপণ
গছপুলি ৰোপণ

শেহতীয়াকৈ পৰিৱেশ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ লগতে বিদ্যালয়সমূহৰ চাৰিমীমাৰ মাজত গছপুলি ৰোপনৰ বাবে গ্ৰহণ কৰিছে অমৃত বৃক্ষৰ কাৰ্যসূচী।

১৫ আগষ্টৰ লৈকে চলিব এই অমৃত বৃক্ষ আঁচনিৰ অধীনত গছপুলি ৰোপনৰ কাৰ্যসূচী। দেশৰ ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰিছে যুগান্তকাৰী পদক্ষেপ। ৰাজ্যত বৰ্তমান ৮০ হাজাৰৰো অধিক চৰকাৰী কাৰ্যালয় আছে।

এই প্ৰতিটো কাৰ্যালয়ত ৭৫ টাকৈ গছপুলি ৰুবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।কাৰ্যালয়সমূহত কেনেদৰে গছ পুলি ৰোপণ কৰা হৈছে এই সকলোবোৰ ৰাজ্য চৰকাৰৰ এটা পৰ্টেলে নিৰীক্ষণ কৰিব।

গছপুলি ৰোপণৰ পাছতে প্ৰতিটো কাৰ্যালয়ে নিৰ্দিষ্ট পৰ্টেলটোত ফটো আপলোড কৰিব লাগিব । উল্লেখ্য যে ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা এই অমিত বৃক্ষ আঁচনিয়ে পৰিৱেশৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

লগতে পঢ়ক- সাঁচি গছ: অসমৰ কৃষকৰ বাবে লাভজনক কৃষি ব্যৱসায়

 

English Summary: Amrit Brikha Scheme begin from August

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.