1. স্বাস্হ্য আৰু জীৱন

অসমৰ হাবি-বনত পোৱা কেইবিধমান বনৌষধিৰ গুৰুত্ব!

KJ Staff
KJ Staff
Medicinal Plant
Medicinal Plant

অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎসা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শক্ৰিয়া কম। পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে।

চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।

তলত কেইবিধমান বনৌষধি আৰু ইয়াৰ স্বাস্হ্য উপকাৰিতা সম্পৰ্কে কিছু কথা আলোচনা কৰা হ’ল-

Spiny Arum
Spiny Arum

অসমীয়া নাম: চেংমৰা

ইংৰাজী নাম: SPINY ARUM

বৈজ্ঞানিক নাম : LASIA SPINOSA

পৰিয়াল : ARACEAE

পৰিচয়

চেংমৰা বাৰীৰ ঢাপ বা পিটনি আদি ঠাইত হোৱা জোপোহা জাতীয় গছ। নদী কাষৰীয়া জেকা ঠাইত সাধাৰণতে বেচিকৈ দেখা পোৱা যায়। পাতৰ ঠাৰি যথেষ্ট দীঘল, ত্ৰিভূজকাৰ, গাত সৰু কাঁইট থকা কচুৰ দৰে এবিধ বনৰীয়া উদ্ভিদ। পাত কেইবা খণ্ডত বিভক্ত, পুষ্প মঞ্জৰী চুটি আৰু গোটা, পুংকেশৰ ৪-৬ ডাল, পুংদণ্ড চুটি।

ঔষধীয় গুণ

  • চেংমৰাৰ কোমল পাতৰ ৰস খালে কেছুমূৰীয়া ৰোগ নাশ হোৱাত সহায় হয়।

  • চেংমৰাৰ কুমলীয়া পাত আঞ্জা কৰি খালে দৃষ্টিশক্তি বৃদ্ধি, স্নায়ু সৱলহয়।

  • ভেকুৰীৰ সৈতে চেংমৰাৰ কোমল পাত পাতত দি খালে ক্ৰিমি নাশ হয়।

  • দেহত তেজৰ হিম’গ্লবিন তৈয়াৰ কৰাত চেংমৰাৰ কোমল পাতে যথেষ্ট সহায় কৰে।

  • চেংমৰা পাতৰ ৰস নিয়মীয়া কৈ খাই থাকিলে অৰ্শ ৰোগৰ পৰা উপশম পাব পাৰি।

  • পেটৰ ৰোগৰ কাৰণে চেংমৰা পাতৰ আঞ্জা উপকাৰী।

PATCHOULI
PATCHOULI

অসমীয়া নাম: শুকলতি

ইংৰাজী নাম: PATCHOULI

বৈজ্ঞানিক নাম : POGOSTEMON BENGHALENSIS

চমু পৰিচয়

বহুৰ্বষ জীৱি গোন্ধযুক্ত এবিধ জোপোহা উদ্ভিদ। পাত বহল জবা ফুলৰ গছৰ পাতৰ দৰে, আগত শুং থাকে। শুকলতিৰ প্ৰায় পাত ১৫ ছে:মি: মান দীঘল আৰু ৮ ছে:মি: বহল হয়। ফুল বগা আৰু পাতল গুলপিয়া ৰঙৰ। কাণ্ডৰ পৰা ঠাল ঠেঙুলি ওলাই।

ঔষধীয় গুণ

  • শুকলতিৰ পাত আঞ্জা বা পাতত দি খাব পাৰি| পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সৱল কৰে।

  • শুকলতিৰ পাতৰ ৰস গ্ৰহনী ৰোগৰ বা পেটৰ যি কোনো ৰোগৰ বাবে বৰ উপকাৰী।

  • কেচা নহৰুৰ সৈতে ইয়াৰ পাতৰ ৰস খালে গাঠিৰ বিষ, হাড় মজবুট, আৰু কোষ্ট কাঠিন্য নোহোৱা কৰে।

  • প্ৰসৱৰ পাচত মাতৃয়ে শুকলতিৰ পাতৰ আঞ্জা বা পাতত দি খালে, দেহত শক্তি আৰু ঘা সোনকালে শুকুৱাই।

মাটি কাঁন্দুৰী
মাটি কাঁন্দুৰী

অসমীয়া নাম: মাটি কাঁন্দুৰী

ইংৰাজী নাম: RACABA

বৈজ্ঞানিক নাম: ALTERNANTHERA SESSILIS

পৰিয়াল: AMARAN THACEAL

চমু পৰিচয়

এই বিধ বনজাতিয় উদ্ভিদ, প্ৰত্যেক মানুহৰ ঘৰৰ বাৰীৰ চুকে কোনে দেখিবলৈ পোৱা যায়। মাটি কাঁন্দুৰী এবিধ মাটিত বগাই যোয়া শাখা-প্ৰশাখাযুক্ত শাক জাতীয় উদ্ভিদ। ফুলবোৰ বগা আৰু মিহি, সাধাৰণতে ফুল বোৰ কান্দৰ পৰা ওলায়। ইয়াৰ পাত প্ৰায় ৬ ছে:মি: দীঘল আৰু ২ ছে:মি: বহল হয়।

ঔষধি গুণাগুণ

  • মাটি কাঁন্দুৰীৰ পাতৰ ৰস খালে মাতৃ দুগ্ধ আৰু দৃষ্টি শক্তি বৃদ্ধি কৰে।

  • মাটি কাঁন্দুৰী নিয়মীয়াকৈ খালে ৰক্ত কণিকা আৰু মাংসপেশী আটিল কৰে।

  • মাটি কাঁন্দুৰীৰ ৰসত অলপ নেমুৰস মিহলাই নিমখ দি খালে গ্ৰহনী ৰুগ উপসম পায়।

  • মাটি কাঁন্দুৰীৰ আগ ৪/৫ ফুটামান নহৰুৰ লগত পাতত দি পিটিকা কৰি খালে পেটৰ বাবে উপকাৰী।

  • মাটি কাঁন্দুৰী, টেঙেচি, মানিমুনি একেলগ কৰি তাৰ ৰস খালে হৃদৰোগ উপসম হয়।

Mint
Mint

অসমীয়া নাম: পদিনা

ইংৰাজী: MINT/HORSE MINT/MINT MARSH

বৈজ্ঞানিক নাম: MENTHA ARVENSIS

পৰিয়াল: LAMIACEAE

চমু পৰিচয়

পদিনা এবিধ চাপৰ লতা জাতীয় উদ্ভিদ। ইয়াৰ অসংখ্য শাখা প্ৰশাখা থাকে। ইয়াৰ পাত সৰল অভিমুখি, পাতৰ ঠাৰি নাই। পাতৰ কাষ কৰতৰ দৰে খাজ কটা, ওপৰৰ ভাগ মিহি আৰু তলৰ ভাগ গ্ৰন্হিযুক্ত, ফুল সৰু আৰু বেঙুনীয়া, সাধাৰনতে অলপ জেকা ঠাইত বেছি ভাল কৈ হয়| ই এবিধ সুগন্ধিযুক্ত উদ্ভিদ। পদিনা হিমালয়ৰ পাদদেশত, কাশ্মিৰ উপত্যকাত পদিনাৰ প্ৰচুৰ খেতি হয়। অসমৰ প্ৰায় বিলাক মানুহৰ ঘৰতে পদিনাৰ গছ দেখিবলৈ পোৱা যায়।

ঔষধীয় গুণ

  • হজমশক্তি হ্ৰাস হলে বা পেটৰ বিষ হ’লে, বদহজম হ’লে, সূতা পেলু আৰু পুৱা বমি বমি ভাৱ হ’লে পদিনাৰ ৰস ১ চামুচ, নেমুৰ ৰস ১ চামুচ আৰু আধা চামুচ মৌজোল মিহলাই দিনে ২ বাৰ কৈ খালে পেটৰ সকলো অসুখৰ পৰাই সুফল লাভ কৰে।

  • এজমা ব্ৰংকাইটিছ আৰু যক্ষ্মা ৰোগত ভোগা মানুহে ১ চামুচ পদিনাৰ ৰস, তাত সমপৰিমানৰ ভিনেগাৰ আৰু মৌজোল মিহলাই ১ চামুচ গাজৰৰ ৰসৰ লগত দিনে তিনি বাৰ কৈ খালে বেমাৰ বহুত উপসম পাব।

  • সজীৱ পদিনাৰ পাত কেইখিলামান নিতৌ চোবাই খালে এন্টিচেপটিকৰ কাম কৰে। পদিনাৰ পাতৰ পেস্ট কৰি দাঁত ঘঁহিলে দন্ত ক্ষ্য়, পায়োৰিয়া আৰু দাঁতৰ যি কোনো সমস্যা দুৰ কাৰিব পাৰি।

  • প্ৰস্ৰাৱ হালধীয়া হলে পদিনাৰ ৰস খালে প্ৰস্ৰাৱ স্বাভাবিক হয়।

  • পদিনাই স্নায়ুবিক দুব্বলতা কমায় আৰু স্মৰন শক্তি বৃদ্ধি কৰে।

  • পদিনা নিয়ামীয়াকৈ খালে চুলি অকাল পক্কটা প্ৰতিৰোধ হয়। 

উৎসঃ বিকাশপেডিআ

লগতে পঢ়ক-পাতেগজা কি? জানক পাতেগজাৰ স্বাস্হ্য উপকাৰিতা আৰু ঔষধি গুণাগুণ!

English Summary: Medicinal Plant and its Health Benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.