1. Government Schemes

FARMS- Farm Machinery Solutions এপৰ যোগেদি ৰাজ-সাহাৰ্যপ্ৰাপ্ত টেক্টৰ ক্ৰয় কৰক। লগতে সকলোধৰণৰ কৃষি সঁজুলি ভাড়াৰ তথ্য পাওঁক আৰু দিয়ক-

RAHUL ALI
RAHUL ALI

সময় পৰিৱৰ্তনৰ লগে লগে মানুহৰ জীৱন-ধাৰণ পদ্ধতিৰ লগতে বিভিন্ন ক্ষেত্ৰবোৰলৈ ব্যাপক পৰিৱৰ্তন আহিছে। ইয়াৰ পৰা বাদ পৰি যোৱা কৃষি খণ্ডটো। বৰ্তমান সময়ত আমি হালবোৱা কামত গৰু, পানীৰ বাবে লাহনি ব্যৱহাৰ কম কৰি আধুনিক যন্ত্ৰবোৰ ব্যৱহাৰ কৰিব ধৰিছো। উদাহৰণস্বৰূপে, মাটি চহাবৰ বাবে টেক্টৰ, পাৱাৰ টিলা, পানীৰ বাবে পানী মেচিন, মটৰ, শস্য সাঁচি ৰাখিবৰ বাবে শীত, তাপ নিয়ন্ত্ৰিত ভঁৰাল আদি বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰোঁ। কিন্তু এইবোৰ ক্ৰয় কৰাতো প্ৰতিজন কৃষকৰ বাবে সম্ভৱ নহয়। শুনিবৱৈ বেয়া হলে কি হব ভাৰতৰ দুখীয়া শ্ৰেণীটোৱেই কৃষক।

এই কৃষকসকলেই দেশখনৰ ধনী-দুখীয়াকে ধৰি সকলো শ্ৰেণী লোককে খাদ্যৰ যোগান ধৰি আহিছে। কিন্তু এই কৃষকসকলেই সময়ৰ লগত খোজ মিলাই আগবঢ়াত বাধা দিয়ে তেওঁলোকৰ দুৰ্বল অৰ্থনীতিয়ে। এখন টেক্টৰ অথবা এটা মেচিন ক্ৰয় কৰিব কৰিবৰ বাবে দহবাৰ চিন্তা কৰিবলগীয়া হয়। তদুপৰি দেশৰ অধিকাংশ কৃষকে নিজৰ জীৱন কালত এনে আধুনিক সঁজুলিসমূহ ক্ৰয় কৰাৰটো সম্ভৱ হৈ নুঠে। দেশৰ কৃষকৰ এনে দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। যিসকল খেতিয়কে কৃষিৰ লগত জড়িত যন্ত্ৰপাতি ক্ৰয় কৰাৰ কৰিবলৈ অসমৰ্থ তেওঁলোকক চৰকাৰে ৰাজ সাহাৰ্য প্ৰদান কৰি কৃষি যন্ত্ৰবোৰ ক্ৰয় কৰাৰ সুযোগ দিছে। কেইবছৰমান আগতে, কেন্দ্ৰীয় চৰকাৰে  FARMS- Farm Machinery Solutions  এপ মুকলি কৰিছিল।

এই এপটোত, কৃষকসকলে কোনবোৰ কৃষি যন্ত্ৰৰ ওপৰত, কৃষকে কিমান ৰাজসাহায্য লাভ কৰিছে জানিব পাৰে। তদুপৰি এই এপটোত আপুনি খেতিৰ যন্ত্ৰপাতি ভাড়াত ল'ব পাৰে। ইয়াৰ বাহিৰেও,  নিকটতম কাষ্টম হায়াৰিং চেণ্টাৰলৈ আহিব পাৰে আৰু ৰাজসাহায্যপ্ৰাপ্ত মূল্যৰ কথা আপুনি জানিব পাৰিব।

FARMS- Farm Machinery Solutions এই এপটো ভাৰত চৰকাৰৰ কৃষি আৰু কল্যাণ মন্ত্ৰালয়ে বিকশিত কৰিছে। কৃষকসকলে এই এপৰ জৰিয়তে ট্ৰেক্টৰ, টিলাৰ, ৰোটাভেটৰৰ দৰে সকলো যন্ত্ৰ-পাতি ক্ৰয় কৰিব পাৰে। প্ৰথমে, কৃষকসকলে গুগল প্লে ষ্টোৰৰ পৰা এই এপ্পটো ডাউনলোড কৰিব লাগিব। নিজকে পঞ্জীয়ন কৰিব লাগিব। যদি কৃষকসকলে কৃষি যন্ত্ৰ পাতি ভাড়া কৰিব বিচাৰে,  তেন্তে তেওঁলোকে ব্যৱহাৰকাৰী শ্ৰেণীত পঞ্জীয়ন কৰিব লাগিব। যদি আপুনি যন্ত্ৰপাতি ভাড়াত দিব বিচাৰে, আপুনি সেৱা প্ৰদানকাৰীৰ শ্ৰেণীলৈ যাব লাগিব আৰু পঞ্জীয়ন কৰিব লাগিব। এপটো বৰ্তমান ১২ টা ভাষাত উপলব্ধ।

লগতে পঢ়ক- প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ শেহতীয়া আপডেট

English Summary: FARMS- Farm Machinery Solutions

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.