1. News

দিহিং কলঘৰ আৰু জালুকনিবিলত ছ’ৱাইন ফিভাৰৰ কালৰূপ, মৃত্যু ২০০ ৰো অধিক গাহৰি

KJ Staff
KJ Staff
গাহৰি
গাহৰি

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাত ছ’ৱাইন ফিভাৰে কালৰূপ ধাৰণ কৰিছে। ইয়াৰ পূৰ্বে তিনিচুকীয়াত অচিন বেমাৰ ৰোগত মৃত্যু হৈছিল বহু গাহৰি আৰু ছোৱাইন ফ্লুৰ সন্দেহত পশু চিকিৎসা বিভাগে নিধন কৰিছিল শতাধিক গাহৰি। এইবাৰ শিৱসাগৰ জিলাৰ দিহিং কলঘৰ আৰু জালুকনিবিলত ছ’ৱাইন ফিভাৰৰ কুপদৃষ্টি পৰিছে।

দুয়োটা অঞ্চলতে ২০০ তকৈও অধিক গাৰহি ছ’ৱাই ফিভাৰত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। এই তথ্য সদৰি কৰিছে জিলাখনৰ পশুবিভাগে লগতে অন্য নিৰোগী গাহৰিসমূহ নিধন কৰাৰ পৰামৰ্শ আগবঢ়াইছে গাহৰি পালকসকলক। যাৰ পৰিণতিত ঋণ লৈ আৰু সাঁচতীয়া ধনেৰে গাহৰি পালন কৰা এই গাহৰি পালকসকলৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা।

ইফালে পশু চিকিৎসা বিভাগে গাহৰিসমূহৰ নিধন কাৰ্যত হাত উজান দিয়াৰ দৰে ৰোগত আক্ৰান্ত গাহৰিৰ গাহৰিসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত সেই অনুপাতে কিন্তু গুৰুত্ব প্ৰদান কৰা নাই। বিগত বৰ্ষতো একেদৰেই ছোৱাইন ফ্লুৰ সন্দেহত নিধন কৰা হৈছিল ৰাজ্যৰ হাজাৰ হাজাৰ গাহৰি আৰু লাওলোৱা অৱস্থাৰ সৃষ্টি হৈছিল গাহৰি পালকসকলৰ। তাৰ পিছতো কিন্তু পশু চিকিৎসা বিভাগৰ জ্ঞান নহল। ৰোগৰ প্ৰতিকাৰৰ লগতে গাহৰি পালকসকলৰ মাজত সচেতনতা সৃষ্টিৰো কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।

বৰং কিছুমান সুস্থ গাহৰিকো ছোৱাইন ফ্লুত আক্ৰান্তৰ সন্দেহত নিধন কৰি পশু চিকিৎসা বিভাগে গাহৰি পালকসকলক হাওলা গছত বাগী কুঠাৰ মৰাৰ দৰে কাৰ্য কৰিছিল। এইবাৰো পশু চিকিৎসা বিভাগে গাহৰি পালকসকলৰ সৈতে অনুৰূপ আচৰণৰ কৰাৰ সন্দেহ কৰিছে ৰাজ্যৰ সচেতন মহলে।

লগতে পঢ়ক- বানপানীৰ পিছত কি কি কৰিব মীন পালকসকলে?

English Summary: Swine fever kills more than 200 pigs in Dihing Kalghar and Jaluknibil

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.