1. News

Amaranth farming : ৩ মাহত ৩০ হাজাৰ মানে এমাহত এবিঘা মাটিত ১০ হাজাৰ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Amaranth farming & its benefit
Amaranth farming & its benefit

মৰিচা শাকৰ খেতি অসমৰ কৃষকসকলে বেছি নকৰে। কাৰণ অসমৰ বেছিভাগ লোকেই মৰিছা শাক কিদৰে খাব লাগে সেই বিষয়ে নাজানে আৰু নাখায়। কিন্তু অসমৰ বঙালী লোকসকলৰ সংস্পৰ্শ পাই বৰ্তমান অসমৰ অসমীয়া নগৰীয়া লোকসকলেও মৰিচা বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰিবলৈ শিকিছে।  আৰু অসমীয়াৰ মানুহৰ মাজতো মৰিচাই জনপ্ৰিয়তা লাভ কৰিছে। সেয়ে পূৰ্বৰ তুলনাত অসমৰ বজাৰত এতিয়া চাহিদা বৃদ্ধি পাইছে মৰিচাৰ। গতিকে এই খেতি কৰি লাভৱান হোৱাৰ যথেষ্ট স্থল আছে কৃষকৰ। মৰিছা শাকৰ খেতি গ্ৰীষ্মকালত কৰা হয় । গতিকে এতিয়াৰ পৰাই যদি এই খেতি কাৰণে সাজু হৈ অলপ আগতীয়াকৈ বজাৰত উলিয়াই তেতিয়া অধিক লাভৱান হ’ব পাৰিব কৃষকজন। তদুপৰি মৰিচা ডাঙৰ হ’বলৈ  আন পাচলি খেতিতকৈ অলপ বেছিদিনৰ প্ৰয়োজন হয়। কৃষকসকলে জনোৱা মতে প্ৰায় ৯০ দিন লাগে।

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ পৰা মৰিচাৰ উন্নত জাতসমূহ হ’ল- অমাৰান্থাছ ক্য়েন্টাছ, এ ডুবিয়াছ, এ ব্লিটাম, এ হাইব্ৰিডছ, এ স্পিনোছাছ, এ ট্ৰাইকলাৰ, এ মেংগোষ্টেনাছ, এ ক’ডাটাছ, আৰু এ থানবাৰ্গি  .  বড়ী চাউলি,ছোটি চাউলি, চি অ’-আই, চি অ’-২, চি অ’-৪, চি অ’-৫, লাল ছাগ, পুছা কিৰণ, পুছা লাল চাউলাই, পুছা আদি। কৃষকগৰাকীয়া আলু তলী দৰে মাটিডৰা চহাই এবিঘা মাটিত ২ টন গোৱৰ প্ৰয়োগ কৰিব লাগে। আৰু পানীৰ ব্যৱস্থা কৰিব পৰাকৈ এবিঘা মাটিক কেইটাভাগত ভাগ কৰিব। এনেদৰে ভাগ কৰিব যাতে পানীৰ ব্যৱস্থা কৰোতে প্ৰতিজোপা গছেই সমান পৰিমাণৰ পানী পাব পাৰে।

লগতে পঢ়ক- 

Zinger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

মৰিচা শাকৰ খেতি
মৰিচা শাকৰ খেতি

বীজ সিঁচাৰ পদ্ধতি আৰু পানী যোগান :

জলসিঞ্চনৰ যোগান থকা অঞ্চলত এক হেক্টৰ মাটিত প্ৰায় ২ৰ পৰা ২.৫ কিলোগ্ৰাম বীজৰ প্ৰয়োজন। কৃষকগৰাকীয়ে তেওঁ কৰা মাটিৰ পৰিমাণৰ অনুপাতে কৃষিভূমিত বীজ সিঁচিব। বীজবোৰ ২০-২৫ চে.মি.ৰ ব্যৱধানত ব্ৰডকাষ্টিং বা ড্ৰিলিং পদ্ধতিৰে ইন-লাইনত সিঁচিলে ভাল। বীজ সিঁচাৰ ঠিক আগতে পাতলিয়াকৈ খেতিডৰাত পানী দি ল’লে পথাৰখন আৰ্দ্ৰ হৈ থাকে আৰু অংকুৰণ প্ৰক্ৰিয়া দ্ৰুত হয়। ঠাইবিশেষে বহু কৃষকে মৰিচা পুলি ৰোপণো কৰে। আন পাতযুক্ত শাক-পাচলিতকৈ কৈ মৰিছা শস্যক খৰাং সহনশীল বুলি ধৰা হয়। গতিকে মাটিডৰা পানী জমা হোৱা হ’ব নালাগে। ভাল উৎপাদনৰ বাবে ভালদৰে পানী নিষ্কাশন কৰা মাটি নিৰ্বাচন কৰাটো উচিত। ৰ’দৰ দিনত ৩ৰ পৰা ৪ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

Amaranth farming
Amaranth farming

লাভ :

মৰিচা খেতিৰ লাভ নিৰ্ভৰ কৰিব মাটি-জাত নিৰ্বাচন, কৃষি পদ্ধতি, সাৰ-পানী যোগান, প্ৰতিপালন আৰু বজাৰৰ ওপৰত। এই সকলোবোৰ যদি থিকে থাকে কৃষকজনে এবিঘা মাটিত সকলো খৰচ বাদ দি  ৩ মাহত ৩০ ৰপৰা ৩৫ হাজাৰ টকা লাভ কৰিব। মন কৰিব লগীয়া কথা যে এই খেতিত বিছাজাতীয় আৰু সেউজীয়া ধৰণৰ এবিধ পোক লাগে। এই পোক নিৰাময়ৰ বাবে কৃষকগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ বিপৰীতে কৃষকজনে আশা কৰা ধৰণে ফল লাভ নকৰিবও পাৰে।

লগতে পঢ়ক- 

Expo Organic North-East 2023 এ কেনেদৰে উপকৃত কৰিব কৃষকক!

English Summary: Amaranth farming & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.