1. News

উত্তৰ-পূব জৈৱিক বাণিজ্য মেলা-২০২৩ ৰ কাৰ্যসূচীত আছে এইসমূহ বিষয়-

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Expo Organic North-East 2023
Expo Organic North-East 2023

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 1st Expo Organic North-East 2023 প্ৰস্তুতিৰ চলি আছে। ৩ পৰা ৫ ফ্ৰেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্ষসূচীৰে অনুষ্ঠিত হ’ব  এই মেলাখন। উত্তৰ-পূবৰ জৈৱিক খেতিয়কক গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ সম্ভাৱনাক স্বীকৃতি দি আৰু বিশ্বজুৰি জৈৱিক সামগ্ৰীৰ প্ৰচাৰৰ উদ্দেশ্যই আয়োজন Expo Organic North-East 2023 ।

মুখ্য আকৰ্ষণ ঃ

১৬০ খনতকৈও অধিক জৈৱিক আৰু প্ৰাকৃতিকভাৱে উতপাদিত সামগ্ৰীৰ ষ্টল

প্ৰদৰ্শন হ’ব প্ৰতিটো সামগ্ৰীৰ উতপাদন প্ৰক্ৰিয়াৰ বিস্তৃত বিৱৰণ

থাকিব প্ৰতিখন ৰাজ্যৰ পেভিলিয়ন :

এই পেভিলিয়নত চৰকাৰী আঁচনিৰ অধিনত কৃষি আৰু বিপণনৰ সকলো তথ্য লাভ কৰিব জৈৱিক কৃষক আৰু ব্যৱসায়ীয়ে।

লগতে পঢ়ক- 

Amaranth farming : ৩ মাহত ৩০ হাজাৰ মানে এমাহত এবিঘা মাটিত ১০ হাজাৰ টকা

প্ৰমাণীকৰণ সংস্থাসমূহৰ পেভিলিয়ন:

উতপাদিত সামগ্ৰীৰ ন্যায্য বাণিজ্য আৰু বহনক্ষমতাৰ মানদণ্ড নিৰ্ণয় কৰিব পাৰিব জৈৱিক কৃষক, গ্ৰাহক, ব্যৱসায়ীয়ে।

পেভিলিয়ন অৱ ইণ্ডাষ্ট্ৰীজ:

খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং, পৰীক্ষণ লেব,  সঁজুলি,  নতুন প্ৰযুক্তি, আৰু ষ্টাৰ্টআপৰ কোম্পানীসমূহৰ জৰিয়তে জৈৱিক ব্যৱসায়ক প্ৰসাৰৰ সকলোধৰণৰ নতুন তথ্য আৰু আইডিয়া লাভ কৰিব এই পেভিলিয়নত।

ক্ৰেতা-বিক্ৰেতাৰ মিলন:

বিদেশৰ আৰু ঘৰুৱা ক্ৰেতা-বিক্ৰেতা, কৃষক গোটৰ লগতে পাইকাৰী বিক্ৰেতা, আৰু খুচুৰা বিক্ৰেতা, যোগানকাৰীসকলক একত্ৰিত কৰিব এই মঞ্চখনে।

সন্মিলন:

ভাৰত আৰু বিশ্বৰ কৃষক, ব্যৱসায়ী, গৱেষক আৰু শীৰ্ষ পৰ্যায়ৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব এই সন্মিলনত।

কৃষক কৰ্মশালা :

এখন কৃষক কৰ্মশালাৰো অনুষ্ঠিত হ’ব। বিশেষজ্ঞসকলে জৈৱিক কৃষকসকলক প্ৰশিক্ষণ প্ৰদান কৰিব।

( বিঃদ্ৰ- জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/  যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়ক- 

Expo Organic North-East 2023 এ কেনেদৰে উপকৃত কৰিব কৃষকক!

English Summary: Agenda of 1st Expo Organic North-East 2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.