 
            বানে ক্ষতিগ্রস্ত কৰা ৰাজ্যখনত বিকল্প কৃষি প্ৰণালীৰ ওপৰত গুৰুত্ব দিবলৈ সংশ্লিষ্ট বিভাগসমূহক মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। জনতা ভৱনত শনিবাৰে ৰাজ্যিক উদ্ভাবন আৰু পৰিৱৰ্তন আয়োগৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বানে ধান খেতিৰ ক্ষতিসাধন কৰাৰ পাছত সেই স্থানত বিকল্প খেতি কি কৰিব পাৰি, সেই বিষয়ে সংশ্লিষ্ট বিভাগে গুৰুত্ব দিয়া উচিত। মুখ্যমন্ত্রীয়ে কয় - বানপানীৰ প্ৰভাৱ এমাহতেই শেষ নহয়, দীর্ঘদিনলৈ থাকে। সেয়ে বিকল্প কৃষিত গুৰুত্ব দিবই লাগিব।
বানে কৃষিভূমিত বালি পেলাই যোৱাৰ পাছত সেই বালিৰ ওপৰত কি খেতি কৰিব পাৰি সেই বিষয়ে কৃষি বিভাগে গৱেষণা কৰি নতুন পথ মুকলি কৰিব লাগিব। মুখ্যমন্ত্রীয়ে কয় যে ৰাজস্থানৰ মৰুভূমিতো খেতি হয়। গতিকে অসমত বানে বালি পেলাই যোৱা কৃষিভূমিত কি খেতি কৰিব পাৰি সেই বিষয়ে গৱেষণা কৰিব লাগিব। ইতিমধ্যে গঠন হোৱা কৃষি আয়োগক এই ক্ষেত্ৰত গৱেষণা কৰি বিকল্প কৃষি পদ্ধতির পথ প্রশস্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যিক উদ্ভাবন আৰু পৰিৱৰ্তন আয়োগৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞই প্রস্তুত কৰা গ্ৰাম্য অসমৰ জীৱিকাৰ ওপৰত বানপানীৰ প্রভাৱ শীর্ষক প্রতিবেদনখন আজি মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত মুকলি কৰে।
লগতে পঢ়ক-
সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ
প্ৰতিবেদনখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে আৰু করা যে বিশেষজ্ঞই প্রস্তুত কৰা প্ৰতিবেদনখন কৃষি, ৰাজহ আৰু জলসম্পদ বিভাগে অধ্যয়ন কৰি তাৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত। যিহেতু বিশেষজ্ঞৰ জৰিয়তে এই প্রতিবেদনখন যুগুত কৰা হৈছে, সেয়ে তিনিওটা বিভাগে খৰচি মাৰি অধ্যয়ন কৰা উচিত বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। প্ৰসংগত ৰাজ্যিক উদ্ভাৱন আৰু পৰিবৰ্তন আয়োগৰ গুৰুত্বৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আয়োগেই প্রতিবেদনখন বিভাগসমূহক ৰূপায়ণ কৰাৰ এটা পৰিৱেশলৈ লৈ যাব লাগিব। এই প্রতিবেদন ৰূপায়ণত আয়োগৰ যথেষ্ট গুরুত্ব থকাৰ কথা দোহাৰি তেওঁ লগতে কয় যে ৰাজ্যখনৰ উদ্ভাৱনী আৰু উন্নয়নী প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ ২০১৭ চনত ৰাজ্যিক পৰিকল্পনা আয়োগ সংশোধন কৰি ৰাজ্যিক উদ্ভাৱন আৰু পৰিবৰ্তন আয়োগ গঠন কৰা হৈছিল।
আন ৰাজ্যই এনে ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বেই অসমে আগতীয়াকৈ এনে ব্যৱস্থা গ্ৰহণ কৰি ৰাজ্যৰ উন্নয়নৰ পথ প্ৰশস্ত কৰাত গুৰুত্ব দি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। ৰাজ্যিক উদ্ভাৱন আৰু পৰিবৰ্তন আয়োগৰ অধ্যক্ষৰ দায়িত্বত মুখ্যমন্ত্রী থাকে যদিও প্রধানতঃ আয়োগৰ কাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত উপাধ্যক্ষ ৰমেন ডেকাৰ দায়িত্ব অধিক বুলিও আজিৰ এই অনুষ্ঠানতেই মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আজিৰ এই অনুষ্ঠানত ৰাজ্যিক উদ্ভাৱন আৰু পৰিৱৰ্তন আয়োগৰ নিউজ লেটাৰ উদ্বোধন কৰা হয়।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments