1. News

কেৰিয়াৰ হিচাপে ইলেকট্ৰিচিয়ান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Electrician (ইলেকট্ৰিচিয়ান)
Electrician (ইলেকট্ৰিচিয়ান)

বৰ্তমান সময়ত গাঁৱে-ভূঁঞে বিজুলি বাতি হ’ল। কিন্তু সেই অনুপাতে কিন্তু ইলেকট্ৰিচিয়ানৰ দৰে বৃত্তিৰ লগত জড়িত লোকৰ সংখ্যা বঢ়া নাই। বিজুলিৰ কিবা সমস্যা এটা হ’লেই গাঁও অঞ্চলৰ লোকসকলে চহৰৰৰ পৰা ইলেকট্ৰিচিয়ানসকলক মাতিব লগা হয়। এই লোকসকলৰ অধিকাংশই অসমৰ বাহিৰৰ। তদুপৰি এনেদৰে এইসকললোকে চহৰৰ পৰা আহি গ্ৰামাঞ্চলৰ সৰু সমস্যা এটা সমাধান কৰোতেই অধিকা টকা লয়। কাৰণ ইলেকট্ৰিচিয়ানগৰাকীয়ে অহা-যোৱাৰ নামত হোৱা খৰচখিনিও ইয়াত যোগ কৰে আৰু কৰিবই লাগিব।

সম্প্ৰতি বিজুলিৰ সম্প্ৰাৰসৰণৰ লগে লগে ইয়াৰ লগত জড়িত ইলেকট্ৰিচিয়ানসকলৰ চাহিদাও দিনকদিনে বৃদ্ধি পাইছে। গতিকে যুৱক-যুৱতীসকলে ইলেকট্ৰিচিয়ানক কেৰিয়া হিচাপে ল’ব পাৰে। এজন ইলেকট্ৰিচিয়ান হোৱাৰ বাবে ইলেকট্ৰিচিয়ানৰ পাঠ্যক্রম পঢ়িবই লাগিব বুলি কোনো ধৰাবন্ধা কথা নাই, এজন সুদক্ষ ইলেকট্ৰিচিয়ানৰ ওচৰত প্ৰশিক্ষণ গ্রহণ কৰিও এজন ইলেকট্ৰিচিয়ান হ'ব পাৰি।

লগতে পঢ়ক- 

ভীমকলৰ খেতি থকাসকলে যোগাযোগ কৰিব পাৰে ইন্দুকল্প ভৰালীৰ লগত

কিন্তু এজন সুদক্ষ ইলেকট্ৰিচিয়ান হ'বৰ বাবে ইলেকট্ৰিচিয়ানৰ পাঠ্যক্ৰম অধ্যয়ন কৰা আৱশ্যকতা আছে আৰু কোনো উদ্যোগ তথা প্ৰতিষ্ঠানত নিয়োগ লাভ কৰিবৰ বাবে ইলেকট্ৰিচিয়ান পাঠ্যক্রম গ্রহণ কৰাৰ প্রমাণ পত্রও প্রয়োজনীয়। যুৱক-যুৱতীসকলে আই. টি. আই.-ত ইলেকট্ৰিচিয়ান পাঠ্যক্ৰম অধ্যয়ন কৰিব পৰা সুবিধা আছে। সাধাৰণতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা পাছত এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বিজ্ঞাপন প্রকাশ হয়। আই. টি. আই -ত নামভৰ্তিৰ বাবে আৱেদন অনলাইন মাধ্যমত কৰিব লাগে।

ইলেকট্ৰিচিয়ান পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসম চৰকাৰৰ অধীনৰ কেইখনমান ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান হ'ল — যোৰহাট, তেজপুৰ, তিনিচুকীয়া, ধনশিৰি, নগাঁও, বৰপেটা, নলবাৰী, বঙাইগাঁও, গুৱাহাটী, গোৱালপাৰা, গড়গাঁও, ভেৰগাঁও, মৰিগাঁও, শ্রীকোণা, হাইলাকান্দি, দক্ষিণ শালমাৰা, মাজুলী, ধেমাজি আদি।

লগতে পঢ়ক-  হায়াৰ চেকেণ্ডাৰি-বিএ পাছ কৰা পাছতে পঢ়া-শুনা এৰা যুৱকসকলে কৰিব পৰা এটা স্বাধীন ব্যৱসায়

 

 

English Summary: Electrician as a career

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.