1. News

যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত সজাগতা সভা আৰু প্ৰদৰ্শনী

KJ Staff
KJ Staff
Jorhat KVK awareness program
Jorhat KVK awareness program

কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ দ্বাৰা তিতাবৰৰ খাৰখোৱা বালিজান অঞ্চলৰ নৱজ্যোতি পুথিভঁৰালৰ প্ৰাঙ্গনত ২২ ডিচেম্বৰ তাৰিখে প্ৰাকৃতিক কৃষি আঁচনিৰ অধীনত এখনি সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাৰ  লগতে ১৬-৩১ ডিচেম্বৰ, ২০২২ লৈকে আয়োজিত  স্বচ্ছতাৰ পষেক উপলক্ষে এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।

উক্ত সজাগতা সভাখনিত কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ জ্যেষ্ঠ বিজ্ঞানী ও মুৰব্বী ড০ সঞ্জয় বৰঠাকুৰে বৰ্তমান সময়ত প্ৰাকৃতিক কৃষিৰ প্ৰয়োজনীয়তা অৰু প্ৰাকৃতিক কৃষিৰ চাৰিটা স্তম্ভ - জীৱামৃত , বীজামৃত , আচ্ছাদান আৰু ৱাফচাৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়।

তাৰপাছতে কেন্দ্ৰটোৰ বিষয়বস্তু বিশেষজ্ঞ সমীৰণ ভট্টাচাৰ্য্যই প্ৰায়োগিক ক্ষেত্ৰত প্ৰাকৃতিক কৃষিৰ উপকাৰিতা সমূহৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰে। কেন্দ্ৰটোৰ অন্য এজন বিষয়বস্তু বিশেষজ্ঞ ড০ প্ৰভাত বৰুৱাই জীৱামৃত প্ৰস্তুতকৰণৰ পদ্ধতি প্ৰদৰ্শন কৰে। নৱজ্যোতি ক্ষুদ্ৰ চাহ কৃষক গোটৰ পূৰ্ণ সহযোগিতাত অনুষ্ঠিত সজাগতা সভাখনি কৃষি বিজ্ঞান কেন্দ্ৰৰ ৰূপজ্যোতি চুতীয়াই আঁত ধৰে।

ইয়াৰ উপৰিও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞা শৰ্মিষ্ঠা বৰগোহাঁই, প্ৰকল্প সহযোগী প্লাবন দেবৰাজ, জিলা পৰিষদৰ সদস্য প্ৰণৱ গগৈ, কৃষি সম্প্ৰসাৰণ সহায়ক অৰূপ শইকীয়া, গাওঁবুঢ়া মীনাক্ষী গগৈ উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অঞ্চলটোৰ প্ৰায় ডেৰশ লোক  উপস্থিত থকাৰ লগতে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰদৰ্শনী আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ আপোনাৰ খেতিডৰাৰ বীমা কৰালেনে?

 

প্ৰেৰকঃ 

নিৰ্মলেন্দু পাঠক,

যোৰহাট

English Summary: Awareness camp by Jorhat KVK

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.