1. News

পশ্চিমবংগত সৰ্ববৃহৎ কৃষি প্ৰযুক্তি মেলা ২০২৩ ৰ ব্যাপক প্ৰস্তুতি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Krishi Prajukti Mela 2023
Krishi Prajukti Mela 2023

পশ্চিমবংগত ১৯ আৰু ২০ মেত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলৈ গৈ আছে কৃষি প্ৰাজুক্তি মেলা ২০২৩। জলপাইগুৰি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি জাগৰণে যৌথ প্ৰচেষ্টাত অনুষ্ঠিত হবলৈ গৈ আছে এই মেলাখন। জলপাইগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত হ’ব এই মেলাখন।

এই মেলাৰ মূল বিষয়বস্তু হৈছে কৰক “Explore the Unexplored affluent Agri West Bengal)”। কৃষি জাগৰণ আৰু জলপাইগুৰি কৃষি বিজ্ঞান কেন্দ্ৰই এই মেলাৰ জৰিয়তে কৰ্পৰেট গোষ্ঠসমূহক এক মঞ্চ প্ৰদান কৰিব। লগতে এই মেলাৰ জৰিয়তে গ্ৰামাঞ্চলৰ কৃষক আৰু তেওঁলোকৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় পৰ্যায়লৈ অনাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ উপৰি কৃষকসকলক বিভিন্ন কৃষি সম্পৰ্কীয় তথ্য প্ৰদান কৰি কৃষি বৃদ্ধিৰ বাবে উৎসাহিত আৰু প্ৰসাৰত সহায় কৰিব।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডৰ উন্নয়নত প্ৰাচীৰ হৈ থিয় দিছে!

কৃষি প্ৰযুক্তি মেলা ২০২৩ৰ উদ্দেশ্য :

“কৃষি প্ৰযুক্তি মেলা ২০২৩”ৰ উদ্দেশ্য হৈছে পশ্চিম বংগৰ কৃষক জনগোষ্ঠীসমূহক উন্নীত কৰা আৰু নতুন কৃষি প্ৰযুক্তি আৰু যান্ত্ৰিকীকৰণৰ প্ৰতি সচেতন কৰা। এই মেলাখনে ৰাজ্যৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিব। এই মেলাখনে কৃষকসকলক কৃষি উদ্যোগী, বিজ্ঞানী, চৰকাৰী সংস্থা, সংঘ আৰু অন্যান্য কৃষি সম্পৰ্কীয় সংস্থাসমূহৰ সৈতে সংযোগ স্থাপনৰ বাবে এক আদৰ্শ নেটৱৰ্কিং মঞ্চ প্ৰদান কৰিছে।

এই মেলাত প্ৰদৰ্শনী, কৃষি বিজ্ঞানীসকলৰ সৈতে আলোচনা, কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ কাৰিকৰী দিশসমূহৰ ওপৰত আলোচনা চক্ৰ আৰু পণ্য প্ৰদৰ্শনৰ আয়োজন কৰা হ’ব। এই উপলক্ষে উপস্থিত থাকিব জ্যেষ্ঠ বিজ্ঞানী তথা জলপাইগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড০ বিপ্লপ দাস। লগতে এই মেলাত ৫ হাজাৰৰো অধিক প্ৰগতিশীল কৃষক উপস্থিত থাকিব। এই মেলা সম্পৰ্কে অধিক বিশদ তথ্যৰ বাবে যোগাযোগ কৰক- সুভ্ৰা মহন্তি (98188-38998) আৰু জ্যোতি দে’ (98188-96949)ৰ লগত।

লগতে পঢ়ক- 

Early cultivation : দূৰদৰ্শী মন এটা লৈ আগতীয়াকৈ কৰক নুমলী ধানৰ খেতি

English Summary: Krishi Prajukti Mela 2023 : Power to be Biggest Agricultural Fair in Bengal!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.