1. News

Home Exchange : ভ্ৰমণৰ মন আছে যদি আপুনিও কিটিপটো জানি লওঁক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Woman Travel to 84 Countries
Woman Travel to 84 Countries

দেশ-বিদেশ ভ্ৰমণ কৰাৰ মন এটা সকলোৰে থাকে। কিন্তু বাস্তৱত হৈ নুঠা প্ৰধান কাৰণটোৱেই হ’ল পইচা। কিন্তু পইচা খৰচ নকৰাকৈ এগৰাকী মহিলাই ৮৪ খন দেশ ঘূৰি, স্বামীকো দেখুৱালে গোটেই পৃথিবীখন। হয় আমি লণ্ডনৰ বাসিন্দা লিজি চেয়াৰ নামৰ মহিলাগৰাকীৰ কথা কৈছো। পইচা খৰচ নকৰাকৈ ৬ বছৰত স্বামী এলুন ৱেষ্টলৰ সৈতে ৮৪ খন দেশ ভ্ৰমণ কৰি সম্প্ৰতি চৰ্চাত আছে লিজি চেয়াৰ।

আপুনি জানি আচৰিত হ’ব যে যাতায়তৰ বাহিৰে এই ভ্ৰমণ কালত বাকী থকা-খোৱাত এটকাও খৰচ নকৰিলে দম্প্ৰতিটোৱে। আপুনি ভাবিছে চাগে ই কেনেকৈ সম্ভৱ। ‘নিউয়ৰ্ক পোষ্ট’ৰ প্ৰতিবেদন অনুসৰি, এই মহিলাগৰাকী কিউ হোম এক্সচেঞ্জৰ সদস্য। ইয়াৰ সহায়ত আপুনিও এটকাও খৰচ নকৰাকৈয়ে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিব পাৰে।

লগতে পঢ়ক- 

Gulapi potato : মাত্ৰ ৮০ দিনতে গোলাপী আলুৰ খেতিৰে লাখপতি হওঁক

পিছে কি এই Home Exchange ব্যৱস্থা :

Home Exchange ৰ ব্যৱস্থাটো হ’ল- যদি আপুনি দিল্লীৰ বাসিন্দা আৰু লণ্ডনলৈ যাব বিচাৰে তেন্তে কোম্পানীয়ে তাৰ পৰা অহা যাত্ৰীজনক আপোনাৰ ঘৰত থাকিবলৈ দিব আৰু আপুনি লণ্ডনত থকা তেওঁৰ ঘৰত থাকিব। এই পদ্ধতিত কেৱল যাত্ৰীসকলৰ জীৱন-যাপনৰ খৰচ ৰাহি হোৱাই নহয়, বহু ঘৰত ব্ৰেকফাষ্ট আৰু খাদ্যও লাভ কৰে ভ্ৰমণকাৰীজনে।

এই সন্দৰ্ভত লিজি চেয়াৰ লগতে কয় যে শেহতীয়াকৈ যেতিয়া তেওঁ দুসপ্তাহৰ বাবে বালিলৈ গৈছিল তেতিয়া তাত থাকিবলৈ ব্যক্তিগত ভিলা এখন পাইছিল লগতে ঘৰৰ ৰখীয়াজনেও প্ৰতিদিনে ৰাতিপুৱা ব্ৰেকফাষ্ট লৈ আহিছিল। লগতে তেওঁ কয়- Home Exchange ৰ সদস্য হ’লে সকলোৰে বাবে এনে ভ্ৰমণ সম্ভৱ হৈ উঠিব।

লগতে পঢ়ক- 

Power Weeder কি? এখন পাৱাৰ উইডাৰৰ দাম কিমান?

English Summary: Woman Travel to 84 Countries

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.