 
            কেৰেলাত গৈ কোম্পানীত কাম কৰি উপাৰ্জন কৰি অনা কেই হাজাৰমান টকাৰে কৃষি ফাৰ্ম এখন খুলি নিজৰ চেষ্টা আৰু ত্যাগৰ ফলত মৰিধল অঞ্চলৰ যুৱ কৃষক জিতু গগৈ আজি এজন সফল কৃষক হৈ ধেমাজিত জিলিকি উঠিছে।
 
    Swine fever বেমাৰ আহি ৩ বছৰ আগত তেওঁৰ ফাৰ্মৰ প্ৰায় ২০ ৰপৰা ৩০ লাখ টকাৰ গাহৰি মৰি শেষ হৈছিল। কিন্তু আজি বহুদিনৰ পাছত তেওঁৰ ফাৰ্মত গৈ আগতকৈ পূৰ্ণাংগ ৰূপ পোৱা দেখিবলৈ পায় বৰ ভাল লাগিল।
বৰ্তমান তেওঁ ফাৰ্মত গাহৰিৰ লগতে বিভিন্ন ধৰণৰ মাছ, বগৰী, ড্ৰেগন ফল, ব্লেক চিকেন, কয়লা কুকুৰা, লোকেল কুকুৰা, হাঁহ আৰু বিভিন্ন ধৰণৰ ফল, শাক পাচলি পোৱা যায়।
লগতে পঢ়ক-
পিঠা বিক্ৰী ১ লাখ ৮০ হাজাৰ টকা উপাৰ্জন নাজিৰাৰ ছগৰাকী মহিলাৰ
 
            আজি তেওঁৰ ফাৰ্মত ধেমাজি জিলা সহকাৰী কৃষি পৰিদৰ্শক যাদৱ মাধৱ দত্ত ছাৰৰ লগত উপস্থিত হৈ তেওঁক সুধি জানিব পাৰিলোঁ বৰ্তমান সময়ত তেওঁৰ ফাৰ্মত প্ৰতি মাহত ৮ লাখ টকাৰ ওপৰত দানা প্ৰয়োজন হয় বোলে। বৰ্তমানলৈকে মই ধেমাজি জিলাৰ কেইবাজনো কৃষকৰ ফাৰ্মত গৈছোঁ ।
 
            শ্ৰেষ্ঠ কৃষক বুলি বৰ্তমান সময়ত এওঁকহে ধৰিব পাৰিব। কাৰণ তেওঁৰ ফাৰ্মত গ'লে আপুনি জানিব পাৰিব-
১/গাহৰি কেনেকৈ পালন কৰিব লাগে ভাল দৰে জানিব পাৰিব।
২/বিভিন্ন ধৰণৰ মাছ কেনেকৈ পালন কৰিব লাগে জানিব পাৰিব।
৩/বিভিন্ন ধৰণৰ কুকুৰা, হাঁহ কেনেকৈ পালন কৰিব লাগে জানিব পাৰিব।
৪/বিভিন্ন ধৰণৰ ফল মুলৰ খেতি কেনেকৈ কৰিব লাগে জানিব পাৰিব।
৫/বিভিন্ন ধৰণৰ শাক-পাচলি কেনেকৈ খেতি কৰিব লাগে জানিব পাৰিব ইত্যাদি।
 
    ওপৰৰ এই কথাখিনি লিখিছে ধেমাদি নিবাসী প্ৰশান্ত ভাৰধৰাই। ধেমাজি জিলাৰ কৃষি বিষয়াৰ এজনৰ লগত গৈ জিতু গগৈৰ কৃষি ফাৰ্মখন দেখি এনেদৰে ফেচবুকত প্ৰশান্ত ভাৰধাৰাই।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments