1. সফল কাহিনী

এসময়ত আনৰ ঘৰত মাছ ধৰা চক্ৰধৰ বড়োৰ, এতিয়া নিজৰে আছে ২৬ টাকৈ পুখুৰী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
চক্ৰধৰ বড়ো
চক্ৰধৰ বড়ো

ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ সময়তেই চক্ৰৰ বড়োৱে পিতৃ-ভাতৃৰ লগত আনৰ মাটিত হাল বাইছিল। পুৱা পথাৰত কাম কৰি উঠি বিদ্যালয়লৈ গৈছিল। আর্থিক অসুবিধাৰ বাবেই অশেষ কষ্ট কৰা বড়োৱে কিন্তু আশা এৰা নাছিল। সেইজন চক্র বড়োৱে এতিয়া বছৰি প্ৰায় ৬০ লাখ টকাৰ মাছ বিক্ৰী কৰে। বড়োৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি হোৱাত অসংখ্য লোকে তেওঁৰ পৰাই আর্থিক সকাহ পাইছে।

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ গোমুৰা পথাৰৰ নলবাৰী পামৰ চক্ৰধৰ বড়োৱে ১৯৮৯ চনত বৰপেটা জিলাৰ সৰুপেটা হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত স্নাতক ডিগ্রী লোৱা বড়োৰ পৰিয়ালৰ আৰ্থিক অবস্থা ভাল নাছিল। পিতৃ আৰু জ্যেষ্ঠ ভাতৃ হৰেন্দ্র নাথ বড়োৱে আনৰ পথাৰত হাজিৰা কৰিছিল। কনিষ্ঠ ভাতৃ গকুল বড়োৱেও কষ্ট কৰিছিল। পৰিয়ালটোৰ সাতজন ভাই-ককাইৰ লগতে চক্ৰধৰ বড়োৱেও হালবাই, পথাৰত কাম কৰি নিজৰ পঢ়া খৰচ উলিয়াবলগীয়া হৈছিল।

লগতে পঢ়ক-

জাগীৰোডত ৬০ বিঘা মাটিত তৰমুজৰ খেতি কপিলী FPO ৰ কৃষক গোটৰ

সৰুৰেপৰা জীয়াই থাকিবলৈ সংগ্ৰাম কৰা বড়োৱে বি এ পাছ কৰি চাকৰিৰ বাবে উপঢৌকন দিব লাগিব বুলি ভাবি চাকৰি বিচৰাৰ সাহস নকৰিলে। ইয়াৰ সলনি আনৰ পুখুৰীত মাছ ধৰা কামত আত্মনিয়োগ কৰিলে। মাছ ধৰা কাম কৰি পোৱা ১৫০০ টকাৰে কেইবছৰমান পূর্বে গাঁৱৰ এজনৰ পুখুৰীত মাছ পুহিছিল। সেই ১৫০০ টকাই চক্ৰধৰ বড়োৰ জীৱনৰ গতিয়েই সলনি কৰিলে। এতিয়া তেওঁ বাক্‌সা জিলাৰ প্ৰতিষ্ঠিত মৎস্য পালক। এই সম্পর্কত বড়োৱে কয়— 'ৰাজহুৱা পুখুৰী আৰু আনৰ পুখুৰীত মৎস্য পালন কৰি ব্যৱসায় আৰম্ভ কৰাত লাভ হৈছিল। অধিক লাভ হোৱাত মৎস্য পালনকে জীবিকা হিচাপে ল'লোঁ। বড়োৱে লগতে কয় -'আমাৰ মাটি নাছিল। মাছ বিক্ৰী কৰি পোৱা টকাৰে ৮ বছৰৰ ভিতৰত ২৯ বিঘা মাটি কিনিবলৈ সমৰ্থ হৈছোঁ। নিজে কিনা মাটিৰ লগতে ১০৬ বিঘা মাটি লীজত লৈ ডাঙৰ ডাঙৰ পুখুৰী খান্দিছোঁ। আৰু নিজৰ লগতে লিভৃত লোৱা মাটি মিলাই। ১৩৫ বিঘা মাটিত মৎস্য পালন কৰিছোঁ। সকলো মিলাই ২৬টা বৃহৎ পুখুৰীত আধুনিক পদ্ধতিৰে মাছ পালন কৰা হয়।'

চক্ৰধৰ বড়োৱে আৰু কয় – ২০১১ চনত ৩০ লাখ টকা, ২০২০ চনত ৪০ লাখ টকা, ২০২১ চনত ৫০ লাখ টকা আৰু ২০২২ চনত ৬০ লাখ টকাৰ মাছ বিক্ৰী কৰা হৈছে। এখন সমবায় সমিতিৰ ১৬ বিঘা মাটি লিজত লোৱা হৈছে। তেওঁলোকক বছৰি ১ লাখ ২০ হাজাৰ টকা দিব লাগে। সকলো মিলাই ১০৬ বিঘা লিজত লোৱা মাটিৰ বাবদ বছৰি মূল্য দিব লাগে। তথাপি বছৰি ৮-৯ লাখ টকা লাভ হয়। লক্ষণীয় যে চক্ৰধৰ বড়োৱে প্ৰতি বছৰে মে' মাহৰপৰা এপ্ৰিল মাহ পৰ্যন্ত ৫/৬ ট্রাক মাছ বিক্ৰী কৰে। বৰপেটাৰোড, গোৱালপাৰা, ধুবুৰী, ৰঙিয়া, খাৰুপেটীয়ালৈকে তেওঁ মাছভর্তি ট্রাক পঠিয়ায়। চক্ৰধৰ বড়ো এতিয়া নতুন পুৰুষৰ বাবে আদর্শ হৈ পৰিছে। তেওঁ কয়— কষ্ট কৰিলেহে ৰত্ন পোৱা যায়। আৰু অধিক কষ্ট কৰিবলৈ পৰিকল্পনা কৰিছোঁ।

জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন : ৯৮৬৪-০১৮১৬

লগতে পঢ়ক- 

গ্ৰীষ্মকালীন শাক-পাচলিৰ খেতিৰ পৰাই ২-৩ লাখ উপাৰ্জন চৰাইদেউৰ তনৱ গগৈৰ

English Summary: motivational story : Great things start small

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.