1. News

Assam Govt. Jobs : ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলৈ আশাৰ বতৰা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ দিশে এখোজ
ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ দিশে এখোজ

একলাখ লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰৰ আৰু এখোজ। পুনৰ ৩২,০০০ পদত নিযুক্তিৰ কথা জানিবলৈ দিছে ৰাজ্যৰ চৰকাৰে। মঙলবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য।

আগন্তুক ১০ ছেপ্তেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰে দিব ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে জানিবলৈ দিযা মতে, ১ লাখ নিযুক্তিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে আৰু এখোজ আগুৱাই চৰকাৰখনে পুনৰ ৩২,০০০ চাকৰিৰ বাবে বিজ্ঞাপন দিব।

মুখ্যমন্ত্ৰী কাৰ্যলয়ে জানিবলৈ দিয়া মতে, ১০ ছেপ্টেম্বৰত গৃহ বিভাগত ৪,০৯৭টা, স্বাস্থ্য বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১,১৭৬টা, তৃতীয় বৰ্গত ৭,০৭৩টা, চতুৰ্থ বৰ্গত ৪,৯৩৯ টাসহ মুঠ ৩২,৬৮৯টা পদত বিজ্ঞাপন দিয়া হয়।

গতিকে আগ্ৰহী যুৱক-যুৱতীসকলে এতিয়াৰ পৰা ভালদৰে পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালে নিশ্চয় সফলতা লাভ কৰিব।

লগতে পঢ়ক- 

ৰাজ্যৰ পশুপালক আৰু পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ১০-৫০ লাখ টকালৈ ঋণ

English Summary: Over 32,000 posts will be advertised within September 10, 2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.