1. News

মাননি নোলোৱাকৈ ৰোগীলৈ আগবঢ়ায় বনৌষধসমূহ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অৱসৰৰ  সময়খিনি কেনেদৰে পাৰ কৰিব!
অৱসৰৰ সময়খিনি কেনেদৰে পাৰ কৰিব!

বনৌষধি গছ  ৰোপন আৰু সংৰক্ষণ কৰি চৰ্চাত মৰাণ বামুণবাৰীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক । সৰুনাথ গগৈ নামৰ এই ৮২ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকজনে নিজৰ বাৰীতে বহুতো বনৌষধীযুক্ত গছ ৰোপন কৰিছে। তেওঁৰ বাৰীখনত মুঠ ৮৪ বিধ বিভিন্ন প্ৰজাতিৰ বনৌষধি গছ  গছ আছে। শিক্ষক গৰাকীয়ে নিজৰ বাৰীত ৰোপন কৰা ভিন্ন ধৰণৰ ঔষধি গছ বিলাকে বহুৰোগীক আৰোগ্য কৰিছে।

অৱসৰৰ সময়খিনি সৎ ব্যৱহাৰ কৰা লোক সাধাৰণতে অসমমূলকত বৰ বেছি নাই। অধিকাংশ অৱসৰপ্ৰাপ্ত ব্যক্তিয়েই জীৱনটোত বহু কাম কৰিলো বুলি মৃত্যুৰ সময়লৈকে জিৰণি লয়। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম এই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী। অৱসৰৰ সময়খিনি কেনেদৰে কটাব লাগে হাতে-কামে এক উদাহৰণ দাঙি ধৰিছে সৰুনাথ গগৈয়ে।

লগতে পঢ়ক- শীতাকালীন শাক-পাচলিত সাৰ প্ৰয়োগৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা

টেঙাপানী জনজাতি এম ই স্কুলৰ পৰা ২০০২ চনতে অৱসৰ গ্ৰহণ কৰি প্ৰাক্তন শিক্ষক গৰাকীয়ে মানুহৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰিব পৰা ঔষধি গছ সমূহ ৰোপন কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তেখেতে গছসমূহ অতি যতনেৰে সংৰক্ষণ কৰি ৰাখিছে। নিজৰ বাৰীৰ প্ৰায় চাৰে তিনি বিঘা মাটিত এই গছবিলাক ৰোপন কৰি সমগ্ৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখিছে।

মৰাণ অঞ্চলৰ বহুলোকে এতিয়া বনৌষধি গছ বিচাৰি সৰু নাথ গগৈৰ ওচৰলৈ যায়। এই ঔষধি গছ বিলাক ব্যৱহাৰ কৰি বহুজনে আৰোগ্যও লাভ কৰিছে। প্ৰাক্তন শিক্ষক গৰাকীয়ে কোনোধৰণৰ মাননি নোলোৱাকৈ ৰাইজক ঔষধত ব্যৱহাৰ কৰা গছ বিলাক দিয়ে। প্ৰাক্তন শিক্ষকগৰাকীৰ এই কৰ্মৰাজিক এতিয়া ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

লগতে পঢ়ক- আপোনাৰ বাৰীত নেমুটেঙাৰ গছ আছেনে? নাই যদি এজোপা ৰুৱক।

English Summary: 82-year-old retired teacher planted 84 trees

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.