-
-
তেজপুৰৰ বাপুভেটিত চাৰি শতাধিক উদ্যমী মহিলাৰ সেউজ বিপ্লৱ
তেজপুৰৰ বাপুভেটিত চাৰি শতাধিক উদ্যমী মহিলাৰ সেউজ বিপ্লৱ
শোণিতপুৰ জিলা কৃষি বিভাগ আৰু APART ৰ সৌজন্যত Pepsico আৰু Bayer কোম্পানীৰ সহযোগত জয়মতী কৃষি উৎপাদক কোম্পানীয়ে সূচনা কৰিছে এই সেউজ বিপ্লৱৰ।
শেহতীয়াকৈ তেজপুৰস্থিত বৰ লুইতৰ পাৰত এশ বিঘা মাটিত ২৫ টন উন্নত প্ৰজাতিৰ "FC11" আলুৰ বীজ ৰোপণ কৰে মহিলাসকলে।
ট্ৰেক্টৰ চালিত আলু ৰোপণ যন্ত্ৰৰ সহায়ত পথাৰত আলুৰ বীজ ৰোপণ কৰি শুভাৰম্ভণী কৰিলে বৰচলা সমষ্টিৰ সন্মানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৱে ।
শুভাৰম্ভণী অনুষ্ঠানটোত উপস্থিত থাকে জিলা কৃষি বিষয়া পংকজ শইকীয়া, Pepsico, Bayer কোম্পানীৰ বিষয়ববীয়া, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়াববীয়া আৰু APART ৰ বিষয়ববীয়াসকল।
লগতে পঢ়ক-
English Summary: 400 entrepreneurial women in Tezpur
Share your comments