1. News

নাগালেণ্ডবাসীলৈ ৰাজ্যিক দিৱসৰ শুভেচ্ছা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
৬০ সংখ্যক  নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত পৰম্পৰাগত নৃত্যু
৬০ সংখ্যক নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত পৰম্পৰাগত নৃত্যু

আজি নাগালেণ্ডৰ ৬০ সংখ্যক ৰাজ্যিক দিৱস। উলহ-মালহেৰে ৰাজ্যজুৰি উদযাপন কৰা হৈছে নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস। ৰাজ্যিক দিৱসৰ শুভক্ষণতেই নাগালেণ্ডবাসীক টুইটযোগে ৰাজ্যিক দিৱসৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

তেওঁ টুইটটোত উল্লেখ কৰিছে যে "নাগালেণ্ডৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিক দিৱসৰ শুভেচ্ছা জনাইছো। সাহস, কঠোৰ পৰিশ্ৰম আৰু প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকা নাগালেণ্ডৰ সংস্কৃতিক লৈ ভাৰতে অতি গৌৰৱ অনুভৱ কৰে। আগন্তুক বছৰবোৰত নাগালেণ্ডৰ অবিৰত সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছো।"

লগতে পঢ়ক- 

এবিঘা মাটিত খেতি কৰি ২-৩ মাহতে ৬০ হাজাৰ টকা কেনেকৈ ইনকাম কৰিব!

টুইটেৰ নাগালেণ্ডবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
টুইটেৰ নাগালেণ্ডবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ইফালে প্ৰধানমন্ত্ৰী মোডীৰ লগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱেও নাগালেণ্ডবাসীক টুইটযোগে শুভেচ্চা জনাই কয়- ‘‘নাগালেণ্ড বৈচিত্ৰময় জনজাতীয় সংস্কৃতি আৰু চহকী ঐতিহ্যৰে ভৰা ৰাজ্য। শেহতীয়াকৈ ৰাজ্যখন ভ্ৰমণৰ সময়ত ৰাইজৰ মৰমৰ উষ্ণতাই মোক চুই গ'ল। উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা থাকিল।"

নাগালেণ্ডৰ১৯৬৩ চনৰ আজিৰ দিনটোতে ম্যানমাৰৰ সীমান্তৱৰ্তী নাগালেণ্ড ৰাজ্যৰ সৃষ্টি হয়। ইযাৰ পূৰ্বে অসমৰ লগতে সংযুক্ত হৈ আছিল নাগালেণ্ড।

লগতে পঢ়ক-

মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে! সৱিশেষ জানিবলৈ এতিয়াই ফোন কৰক

English Summary: Nagaland celebrates 60th statehood day

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.